id
stringlengths 1
5
| input
stringlengths 537
2k
| target
stringlengths 21
203
| url
stringlengths 28
1.53k
|
|---|---|---|---|
29201
|
অংশুমান শৰ্মা, নদুৱাৰ।গোলাপ কলিতা, জামুগুৰিহাট "অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ আৱেগ-অনুভূতিক ভালদৰে বুজা তথা অনুধাৱন কৰিব পৰা একমাত্ৰ প্ৰধানমন্ত্ৰীজনেই হ'ল নৰেন্দ্ৰ মোদী৷ গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন জিলাত দলৰ হৈ কাম কৰিবলৈ আহি দুই-তিনিদিন থাকি যোৱা নৰেন্দ্ৰ মোদীয়ে সেই সময়তেই উত্তৰ-পূৰ্বাঞ্চলৰ সহজ-সৰল ৰাইজৰ অন্তৰ বুজিবলৈ সক্ষম হোৱাৰ লগতে অঞ্চলটোৰ সমস্যা সম্পৰ্কত ভালদৰে বুজি উঠিছিল৷"-এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৯নং তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ সমৰ্থনত চতিয়া সমষ্টিৰ কুসুমটোলাত অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৱেশত তেখেতে এইদৰে কয়৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আদৰণি ভাষণ দিয়া নিৰ্বাচনী সভাখনত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে ভাষণত চতিয়া সমষ্টিৰ ৰাইজৰ মৰম-চেনেহে তেওঁক আপ্লুত কৰি তোলা বুলি উল্লেখ কৰি চতিয়া সমষ্টিৰ ইটাখোলাতেই ২০০৫ চনত আটছাৰ ৰাজ্যিক অধিৱেশনত তেওঁ আটছাৰ ৰাজ্যিক সম্পাদক হিচাপে নিৰ্বাচিত হৈ সামাজিক কাম কাজ আগবঢ়াই নিবলৈ পোৱা বুলিও উল্লেখ কৰে৷ যুৱ নেতা ৰাতুল নাথে আঁত ধৰা সভাখনত অগপ দলৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকা, বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ যুৱ নেতা দিগন্ত ঘাটোৱাৰ, বিজেপিৰ অসম প্ৰভাৰী মহেন্দ্ৰ সিঙো উপস্থিত আছিল।উল্লেখযোগ্য যে আজিৰ এই সভাতেই বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত পাঁচ শতাধিক কৰ্মীয়ে অন্যান্য দল এৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷
|
কুসুমটোলাত বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
|
https://janambhumi.in/VFdwck5VNTZUVDA9/en/VFdwck5VNTZUVDA9/%E0%A6%95%E0%A7%81%E0%A6%B8%E0%A7%81%E0%A6%AE%E0%A6%9F%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%B2-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8%E0%A7%80-%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6-%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A6%B2.html.html
|
29202
|
গুৱাহাটীঃ উৎকণ্ঠাৰ অন্ত পেলাই ঘোষিত হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।এইবাৰৰ পৰীক্ষাত বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৭৪৭৮ গৰাকী পৰীক্ষাৰ্থী।ইয়াৰে ৩৮০২ গৰাকীয়ে প্ৰথম, ৪৮৮৯ গৰাকীয়ে দ্বিতীয় আৰু ৫৭৬৭ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰে তৃতীয় বিভাগ।বিগত বৰ্ষৰ তুলনাত এইবাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ।বিগত বৰ্ষৰ ৮৬.০১ৰ বিপৰীতে এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮২.৭২ শতাংশ।প্ৰথমঃ প্ৰশান্ত গোৱেল, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী (৪৭১) দ্বিতীয়ঃ সৌৰভ পাহাৰীয়া, ব্ৰিলিয়েণ্ট একাডেমী, মঙলদৈ (৪৬৯) তৃতীয়ঃ পিংকি দেৱনাথ, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী (৪৬৭) চতুৰ্থঃ গৌৰৱ পাটোৱাৰী, নেশ্যনেল পায়অ'নীয়াৰ জুনিয়ৰ কলেজ, টংলা (৪৬৬) পঞ্চমঃ সুশালী অাগৰৱাল, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী (৪৬৪) ষষ্ঠঃ প্ৰবীণ নাগৰি, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী (৪৬৩) নিমিশা শৰ্মা, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী (৪৬৩) সপ্তমঃ সত্যম ফ'গলা, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড় (৪৬২) স্নেহা মোদী, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, তিতাবৰ (৪৬২) অষ্টমঃ প্ৰতীক ভাৰতিয়া, বঙাইগাঁও কলেজ, বঙাইগাঁও (৪৬০) নৱমঃ অভিষেক জৈন, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী (৪৫৯) মধু জৈন, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী (৪৫৯) দশমঃ দিব্য বোথ্ৰা, দ্ৰোণাচাৰ্য একাডেমী, বৰপেটা ৰোড (৪৫৮) পংকজ কুমাৰ সাহা, বিবেকানন্দ জুনিয়ৰ কলেজ (৪৫৮) নাতাশা জৈন, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী (৪৫৮) দীপাংকৰ সাহা, নেশ্যনেল পাইঅ'নীয়াৰ জুনিয়ৰ কলেজ, টংলা (৪৫৮) আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বাণিজ্যই মান ৰাখিলে গুৱাহাটীৰ, শীৰ্ষত প্ৰশান্ত
|
https://www.newsnextone.com/commerce-result-out-hs/#comments
|
29203
|
বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত আজি বোকাখাতৰ বিশিষ্ট উদ্যোগপতি, সমাজসেৱক ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়াক সম্বৰ্ধনা জনোৱাৰ লগতে এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰে।কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত স্থানীয় সত্যনাৰায়ন সেৱা সদনত আয়োজিত এই অনুষ্ঠানত ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়াৰ লগতে অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া শ্যামভদ্ৰ মেধি, সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়া, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী, বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকনৰ উপৰিও বিভিন্ন দল সংগঠনৰ লগতে নিমোদিয়া পৰিয়ালৰ সমূহ সদস্য উপস্থিত থাকে।বৰ্ষাগ্নি ডেকাৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ আঁত ধৰে কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰদ্যুত মহন্তই ৷ অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলে ৰাজেন্দ্ৰ নিমোদিয়াৰ কৰ্ম জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে।অনুষ্ঠানত কাজিৰঙা নিউজ নেটৱৰ্কে ৰাজেন্দ্ৰ নিমোদিয়াক লৈ প্ৰকাশ কৰা কৰ্মপ্ৰাণ নামৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে শ্যামভদ্ৰ মেধিয়ে
|
বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান
|
https://assam.nenow.in/assam-felicitation-program-by-kaziranga-news-network-bokakhat/
|
29204
|
জাজৰিঃ শাৰদীয় দূৰ্গোৎসৱত নগাঁৱত বিভিন্ন পূজা মণ্ডপত ভিন্ন ধৰণৰ কাৰ্যসূচীৰে ৰাইজক মনোৰঞ্জন দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।কোনো পূজা কমিতিয়ে যদি নাম-কীৰ্তন কৰিছে কোনোৱে ভাওনা-নাটক মঞ্চস্থ কৰাৰ উপৰি কোনোৱে সাংস্কৃতিক অনুষ্ঠানেৰে ৰাইজক আনন্দ দিবলৈ বিছাৰিছে।নগাঁও বেঙেনাঅাটি সাৰ্বজনীন দূৰ্গোৎসৱ কমিতিয়ে মহা সপ্তমীৰ দিনা দিনৰ মাংগলিক কাৰ্যসূচীৰ লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাৰম্ভতে নগাঁও জিলাৰ ডি এছ পি সবিতা দাস, সমাজকৰ্মী অৰুন বৰাক সম্বৰ্দ্ধনা জনোৱা হয়।সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী শোণিত সোণ্টি আৰু সোনালী দাসে গীত পৰিৱেশন কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
নগাঁও বেঙেনাঅাটি পূজাত সপ্তমীৰ নিশা সাংস্কৃতিক অনুষ্ঠান
|
https://www.newsnextone.com/cultural-programme-in-nogaon-puja
|
29205
|
সোণাৰিঃ চৰাইদেউৰ সোণাৰিত ৭০ টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সংকল্প যাত্ৰাৰ দ্বিতীয় দিনা সোণাৰিৰপৰা দিছপুৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।কেইবাশতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই সংকল্প যাত্ৰাত৷ চৰকাৰবিৰোধী শ্ল'গানেৰে আকাশ-বতাহ উত্তাল কৰি এই বৃহৎ সমদলৰ যাত্ৰা আৰম্ভ কৰে৷ সোণাৰিৰপৰা যোৱা দলটোৱে চেপনত অখিল গগৈৰ নেতৃত্বত শদিয়াৰপৰা অহা দলটোক সংগ প্ৰদান কৰি গোলাঘাট হৈ গুৱাহাটীলৈ যাত্ৰা কৰিব।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
চৰাইদেউৰপৰা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সংকল্প যাত্ৰা আৰম্ভ
|
https://www.newsnextone.com/charaideu-sankalpa-yatra/#comments
|
29206
|
আটাৰীখাটঃ প্ৰায় ৫০ টা হাতীৰ জাকে দিনদুপৰতে বনাঞ্চলৰ পৰা আটাৰীখাট চাহবাগিচাত প্ৰৱেশ কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়৷ ভয়ত স্থানীয় ৰাইজে বন বিভাগৰ কৰ্তৃপক্ষক ততাতৈয়াকৈ খবৰ দিয়ে যদিও হাতী খেদিবলৈ বনবিভাগ ব্যৰ্থ হৈ পৰে৷ শেহতীয়াকৈ জানিব পৰা মতে এনে দৰে খাদ্যৰ সন্ধানত দিন দুপৰতে ভূটান পাহাৰ আৰু বৰনদী অভয়াৰণ্যৰ পৰা ওলাই আহিছে বৃহৎ জাকটো৷ বৰ্তমানে হাতীৰ জাকটোৱে নিজ স্থানৰ পৰা লৰ চৰ নোহোৱা বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
আটাৰীখাটত দিন দুপৰতে বন্যহস্তীৰ বৃহৎ জাক
|
https://www.newsnextone.com/Large-handful-of-wild-elephants-in-atarikhat-village/#comments
|
29207
|
গুৱাহাটীঃ দেশৰ সাংবাদিকসকলৰ স্বাধীনতাক সুনিশ্চিত তথা সুস্থ কৰি ৰাখিবলৈ সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ দায়িত্বশীল সংবাদ মাধ্যমৰ অস্তিত্ব বজাই ৰাখি মানুহৰ ভালৰ বাবে বাতৰি প্ৰকাশৰ বাতাবৰণ গঢ়ি তুলিবলৈ আকৌ এবাৰ শপত লোৱা পৰিলক্ষিত হ'ল সাংবাদিকসকলক৷ সাংবাদিকৰ সুৰক্ষা, আৰ্থিক পৰিস্থিতি, প্ৰকৃত স্বাধীনতা সুনিশ্চিত কৰিবলৈ, তথা সজাগতা সৃষ্টিৰ বাবেই ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে পালন কৰা হয়।সাংবাদিকতাৰ পেশাগত নৈতিকতাক বজাই ৰখাৰ স্বাৰ্থক সাৰোগত কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰখাৰ বাবে ১৬ নৱেম্বৰত ভাৰতৰ তথা অসমৰ সাংবাদিকে নিজকে পুনৰ এটি বছৰৰ সাজু কৰে৷ বিভিন্ন মাধ্যমত জড়িত সাংবাদিকল সকল ১৯৬৬ চনত সাংবিধানিক সংস্থা ৰূপে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ স্থাপন কৰিছিল।এই দিনটোকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ অসমত উজনি-নামনিত বিভিন্ন জিলাৰ প্ৰশাসনৰ উদ্যোগত প্ৰেছ দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে ৱেব মিডিয়াকে ধৰি সকলো সংবাদসেৱীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হ'ল মুক্ত আৰু দায়বদ্ধ সংবাদ সেৱাৰ প্ৰতীক বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ৰাজ্যজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন, সাংবাদিকক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ
|
https://www.newsnextone.com/press-day/#comments
|
29208
|
খোৱাপানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ কৰিমগঞ্জৰ ৰাইজৰ মাজত।ভাৰত-বাংলা সীমান্তৱৰ্তী মুৰিয়া উত্তৰ কৰিমগঞ্জৰ ৰাইজে বাধ্য হৈ নলা-নৰ্দমা আৰু পুখুৰীৰ পানী পান কৰিবলগীয়া হৈছে।যাৰফলত ৰাইজৰ মাজত দেখা দিছে খোৱাপানীৰ তীব্ৰ সংকট।উত্তৰ কৰিমগঞ্জৰ বিধানসভা সমষ্টিৰ এই কলিমা পানীযোগান আঁচনিখন 2007 বৰ্ষতে নিৰ্মাণ হৈছিল।কিন্তু বিগত পাঁচ বছৰৰ পৰাই খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে স্থানীয় ৰাইজ, তলা বন্ধও আছে আঁচনিখনত।স্থানীয় মানিকোনা, কলিমা, খোড় এই তিনিখন গাঁৱৰ পাঁচ হাজাৰ ৰাইজ কলিমা পানীযোগান আঁচনি ওপৰত নিৰ্ভৰশীল।কিন্তু আঁচনিখন নিৰ্মাণ হৈছিল যদিও বিগত পাঁচ বছৰৰ পৰাই তলা বন্ধ আছে আঁচনিখনত।আশ্চৰ্যজনক বিষয় হ'ল যে, কলিমা এই পানীযোগান আঁচনিত চৰকাৰী সকলো সা-সমগ্ৰীৰ যোগান আছে।চৰকাৰী বিষয়াসকলে সকলো চৰকাৰী সামগ্ৰীৰ লুণ্ঠন চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে তথা কতৃপক্ষই পানী সৰবৰাহ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।চৰকাৰী সকলো সামগ্ৰী ভাগবাটোৱাৰা কৰি বিক্ৰী কৰি দিয়া বুলিও অভিযোগ তেওঁলোকৰ।স্থানীয় ৰাইজে খোৱাপানীৰ সমস্যাক লৈ কেইবাৰো জলসম্পদ বিভাগৰ কাৰ্যালয়ত যোগাযোগ কৰিছিল।কিন্তু কোনেও ৰাইজৰ কথা নতুলে বুলি অভিযোগ এইসকল ৰাইজৰ।পুখুৰীৰ নলা-নৰ্দমাৰ পানী খোৱাপানীৰ কাৰণে গাঁৱৰ সৰু-সৰু ল'ৰা-ছোৱালীসকল ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে বুলি অভিযোগ তুলিছে গাঁৱৰ সাধাৰত ৰাইজে।এনেদৰে জলসম্পদ বিষয়া গৰাকীৰ অৱহেলাৰ ফলত সমগ্ৰ উত্তৰ কৰিমগঞ্জৰ সকলো গাঁৱৰ পানীযোগান আঁচনিসমূহ বিকল হৈ আছে।যাৰবাবে ৰাইজৰ মাজত অব্যাহত আছে খোৱাপানীৰ হাহাকাৰ।ইফালে অতি সোনকালে কলিমা গাঁৱৰ পানীযোগান আঁচনিখন সক্ৰিয় নহ'লে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ দিছে মানিকনা, কলিমা, আৰু খুড়ৰ ৰাইজে।প্ৰতিবেদক ইনপুট এডিটৰ, চাউথ অসম ব্যুৰো
|
উত্তৰ কৰিমগঞ্জত ৰাইজৰ মাজত খোৱাপানীৰ হাহাকাৰ
|
https://neindianews.com/%e0%a6%89%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a7%b0-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a6%97%e0%a6%9e%e0%a7%8d%e0%a6%9c%e0%a6%a4-%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%9c%e0%a7%b0-%e0%a6%ae%e0%a6%be/
|
29209
|
উজ এ.এছ.এন. প্ৰতিনিধি / 2020 বঙাইগাঁৱৰ প্ৰতিবেদক: অসমৰ উত্তৰ অঞ্চলৰ এক বৃহৎ অংশ সামৰি শেহতীয়াভাৱে বিটিআৰ গঠন কৰিব বিচৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে সোমবাৰে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন তিনি দফীয়া দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে স্বাক্ষৰিত স্মাৰক পত্ৰখনত সংগঠনটোৱে প্ৰস্তাৱিত বিটিআৰ এলেকাৰ ভিতৰত অৱধাৰিতভাৱে অন্তৰ্ভুক্ত হৈ পৰা অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলৰ নিৰাপত্তাৰ বাবে উক্ত অঞ্চলৰ পৰিধিৰ ভিতৰত কোচ ৰাজবংশী, আদিবাসী ,নেপালী ,কলিতা,নাথ- যোগী ,সূত্ৰধৰকে ধৰি অন্য খিলঞ্জীয়া জনগোষ্ঠীসমূহক সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰা , প্ৰস্তাৱিত বিটিআৰ এলেকাত উন্নয়নৰ বাবে চৰকাৰে যোগান ধৰিবলগীয়া সমস্ত পুঁজিৰ বন্টন উক্ত অঞ্চলৰ জনগাঁঠনিৰ সমানুপাতিকভাৱে আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু প্ৰস্তাৱিত বিটিআৰ অঞ্চলৰ গাঁও অন্তৰ্ভুক্ত আৰু কৰ্তন কৰিবলৈ যি আয়োগ গঠন হ'ব,সেই আয়োগত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি নিয়োগ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷
|
বিটিআৰ এলেকাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰক
|
https://www.newsasn.com/node/10899
|
29210
|
টীয়কঃ মন্ত্ৰী তথা অগপ নেতা অতুল বৰাৰ অটল স্থিতি।প্ৰয়োজন হ'লে জাতিৰ স্বাৰ্থত সকলো জলাঞ্জলি দিব।কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আপোচ কৰা নহ'ব।আজি পুৱা টীয়কৰ ঐতিহাসিক মইনাপৰীয়া নামঘৰত আশীষ ল'বলৈ আহি এই মন্তব্য মন্ত্ৰীগৰাকীৰ।নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শেহতীয়াকৈ অগপ-বিজেপিৰ মাজৰ ব্যৱধান তথা অগপ সভাপতিগৰাকীৰ স্থিতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ অহা লোকসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত সভাপতি গৰাকীয়ে দুয়োটা দলৰ মাজত মিত্ৰতা থাকিব নে নাথাকে, সেয়া পৰিবেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ উল্লেখ্য যে, প্ৰতি বছৰৰ দৰেই পৱিত্ৰ ভাদমাহত মন্ত্ৰীগৰাকীয়ে মইনাপৰীয়া নামঘৰৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰ আৰু কলীয়াপানীস্থিত আউনীআটি সত্ৰতো চাকি বন্তি জ্বলাই নেদেখাজনৰ ওচৰত আঠু লয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
জাতিৰ স্বাৰ্থত সকলো জলাঞ্জলি দিম, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আপোচ নকৰো।' -অতুল বৰা
|
https://www.newsnextone.com/atul-bora-meet-tiyok/#comments
|
29211
|
মৰিগাঁওঃ পথ মেৰমাতি কৰাৰ দাবীত শনিবাৰে ৰাজ পথলৈ ওলাই আহিল মহিলা৷ ৰাজ পথলৈ ওলাই আহি মহিলাসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰিগাঁৱত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি৷ মৰিগাঁও জিলাৰ ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মহিলাই নাম-কীৰ্তন কৰি পথ মেৰামতি কৰাৰ দাবী জনায়৷ ভূৰাগাঁৱত অঞ্চলটোৰ প্ৰায় শতাধিক মহিলা-আই মাতৃয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।চৰকাৰ বিৰোধি শ্ল'গানৰ বিপৰীতে পথত নাম-কীৰ্তন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ লগতে অঞ্চলটোৰ আইমাতৃসকলে।বান বিধস্ত অঞ্চলটোৰ ভূৰাগাঁও-মৰিগাওঁ গড়কপ্তানী পথটো বিগত কেইবাবছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰে৷ যাৰ বাবে ৰাইজে যমৰ-যাতনা ভোগ কৰি আহিছে৷ জৰাজীৰ্ণ পথত প্ৰসূতিক চিকিৎসালয়লৈ নিয়াৰ সময়তে সন্তান প্ৰসৱ কৰিব লগা হৈছিল।পথটোৰ দূৰৱস্থাৰ নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ অঞ্চলটোৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি পথ মেৰামতি কৰাৰ দাবী জনাই আহিছিল দিও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ শনিবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আইমাতৃসকলৰ দ্ধাৰা প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজপথত নাম গাই নেদেখাজনৰ ওচৰত শৰনাপন্ন হয় মহলিসকলে।কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৱ কুমাৰ নাথ, ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লম্বোধৰ বৰুৱা, সম্পাদক মানস জ্যোতি সিংহ, ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দিপাংকৰ পালকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ভূৰাগাঁৱত পথ মেৰামতিৰ দাবীত ৰাজ পথত নাম-কীৰ্তন
|
https://www.newsnextone.com/aasu-protest-morigaon-sat/#comments
|
29212
|
কৃষ্টি প্ৰিয়া গগৈ 24 / 2019 উজনি অসমৰ চাহ বাগিচাসমূহত নিৰ্বাচনী মুনাফাৰ কাৰণে গাড়ীয়ে গাড়ীয়ে মজুত ৰাখিছে চুলাই মদ, অৰুণাচলী আৰু ডিমাপুৰৰ মদৰ।নিৰ্বাচনৰ সময়তে চাহ বাগিচাসমূহত এই মদ বিতৰণ কৰি লাভ কৰিব ভোট।এই মদ খাই যদি আকৌ চাহ বাগিচাৰ শ্ৰমিকৰ মৃত্যু হয় তেনেহ'লে আগন্তুক নিৰ্বাচন বৰ্জন কৰিব।অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপি চৰকাৰে।দেওবাৰে ৰাজীৱ ভৱনত এই কথা প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ভগীৰথ কৰণে।তেওঁ লগতে কয় যে যি চৰকাৰে চাহ শ্ৰমিকৰ ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেনে চৰকাৰে বিনামূলীয়া চাউল বা বিনামূলীয়া আটা দি কি কৰিব।বিজেপি চৰকাৰে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিও তেওঁলোকে পালন নকৰিলে।ৰাজ্য চৰকাৰৰ ভুল সুৰা নীতি তথা চৰম দুৰ্নীতিগ্ৰস্ত ৰাজ্যৰ আবকাৰী বিভাগৰ ভুলৰ বাবেই বিষাক্ত চুলাই সেৱন কৰি প্ৰায় ১৮০ জন শ্ৰমিকৰ মৃত্যু হয়।ইয়াৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে দায়ী বুলিও ভগীৰথ কৰনে জানিবলৈ দিয়ে।চাহ জনগোষ্ঠীৰসকলো লোককে মাটি আৱন্টন দিয়াৰ লগতে চাহ বাগিচাসমূহত ১০০ খন হাইস্কুল স্থাপন কৰাৰ যি কথা বৰ্তমানৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল সেইয়া আজিও গঢ়ি নুঠিল।ৰাজ্য চৰকাৰখনে কেঁচা চাহ পাতৰ দাম নিৰ্দিষ্ট কৰি নিৰ্ধাৰণ নকৰিলে যাৰ ফলত চাহ খেতিয়কসকলে লোকচান ভৰিব লগা হৈছে।সেইদৰে এই চাহ বাগিচাসমূহত নিয়োজিত শ্ৰমিকসকলৰ দৈনিক মজুৰি চৰকাৰে ২৪৪ টকা নিৰ্ধাৰণ কৰিছিল যদিও সেইয়া আজি পৰ্যন্ত কামে-কাজে হৈ নুঠিল আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে দায়ী বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে
|
কংগ্ৰেছৰ অভিযোগ : নিৰ্বাচনৰ বাবে উজনিৰ বাগিচাসমূহত মজুত কৰা হৈছে চুলাই মদ
|
https://www.newsasn.com/node/5827
|
29213
|
প্ৰশান্ত ৰায়, বঙাইগাঁও আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বঙাইগাঁৱলৈ সুখ্যাতি তথা সুনাম কঢ়িয়াই আনে দুগৰাকী মেধাৱী ছাত্ৰীয়ে ৷ অসমৰ ভিতৰতে ষষ্ঠম আৰু সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয় ক্ৰমে নিউ বঙাইগাঁও ছেইণ্ট এলবাৰ্ট স্কুলৰ ছাত্ৰী ভাস্বতী কলিতা আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী গৰীয়সী দেৱীয়ে ৷ ভাস্বতী কলিতাই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ ৫৮৮ নম্বৰ লাভ কৰি সুনাম কঢ়িয়ায় বিদ্যালয়ৰ লগতে জিলাখনলৈ৷ ভৱিষ্যতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যযন কৰি তাৰ পাছত এগৰাকী ভাল চিকিত্সক হোৱাৰ সপোন থকাৰ কথা প্ৰকাশ কৰে মেধাৱী ছাত্ৰীগৰাকীয়ে।ইফালে বঙাইগাঁও চহৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী গৰীয়সী দেৱীয়ে ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰিছে ৷ছাত্ৰী গৰাকীয়ে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ লগতে গণিত, ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞানত মুঠ ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ মুঠ ৫৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীৰ ভৱিষ্যতে এগৰাকী প্ৰৱক্তা হোৱাৰ মন৷ আজি বিদ্যালয় দুখনৰ এই সফলতাক লৈ বিদ্যালয় চৌহদত ব্যাপত উত্সাহ আৰু আনন্দৰ বন্যা বয়৷ ফটকা ফুটাই আনন্দ-উলাহ কৰাৰ লগতে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰীগৰাকীক লৈ চহৰখনত সমদল কৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-অভিভাৱকসকলে৷ জিলাখনত দুগৰাকী মেধা সম্পন্ন ছাত্ৰীক জিলা উপাযুক্ত আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে৷
|
ষষ্ঠ-সপ্তম স্থানৰে বঙাইগাঁৱলৈ সুনাম কঢ়িয়ালে দুগৰাকী ছাত্ৰীয়ে
|
https://janambhumi.in/VFdwRk1rNUVRVDA9/%E0%A6%B7%E0%A6%B7%E0%A7%8D%E0%A6%A0-%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%AE-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0%E0%A7%87-%E0%A6%AC%E0%A6%99%E0%A6%BE%E0%A6%87%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A7%B1%E0%A6%B2%E0%A7%88-%E0%A6%B8%E0%A7%81%E0%A6%A8%E0%A6%BE%E0%A6%AE-%E0%A6%95%E0%A6%A2%E0%A6%BC%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%B2%E0%A7%87-%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%80-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87.html
|
29214
|
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুক জিলাখনৰ ভিতৰতে এখন জাবৰমুক্ত পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ গ্ৰেটাৰ ডিফু বজাৰ কমিটীয়ে চহৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন বিতৰণ কৰে৷ আজি দুপৰীয়া গ্ৰেটাৰ ডিফু বজাৰ কমিটীৰ সভাপতি বিৰেণ ৰংপি, সাধাৰণ সম্পাদক এণ্ডাৰচন ৰংফাৰ, যুটীয়া সম্পাদক ৰিচাৰ্ড ইংতি আৰু বজাৰ কমিটীৰ বিভিন্ন বিষয়ববীয়াই চহৰৰ বিভিন্ন স্থানত সৰু-বৰ ৩১ টা প্লাষ্টিকৰ ডাষ্টবিন বিতৰণ কৰাৰ লগতে সভাপতি বিৰেণ ৰংপিয়ে ব্যৱসায়ীসকলক জমা হোৱা জাবৰ-জোঁথৰ ডাষ্টবিনত পেলাবলৈ আহ্বান জনায়৷ আনহাতে কোনো ব্যক্তিয়ে ডাষ্টবিন ব্যৱহাৰ নকৰি মুকলি ঠাইত জাবৰ- জোঁথৰ ৰাখিলে তেওঁলোকৰ ওপৰত আইনগত ভাৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে৷ আজি চহৰখনত মজলীয়া আকাৰৰ ২৫ টা ডাষ্টবিন আৰু মাছ বজাৰ, মুৰ্গী বজাৰত বৃহৎ আকাৰৰ আন ছয়টা ডাষ্টবিন বিতৰণ কৰি চহৰখনক প্ৰদূষণমুক্ত আৰু স্বচ্ছ চহৰ হিচাপে গঢ়ি তুলিবলৈ চহৰবাসীৰ সহযোগিতা কামনা কৰিছে লগতে চলিত মাহৰ ভিতৰতে ডাষ্টবিন বিতৰণ অভিযানৰ সামৰি লোৱা হ'ব বুলি সাংবাদিকৰ আগত জানিব দিছে সভাপতি বিৰেণ ৰংপিয়ে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
স্বচ্ছতাৰ দিশত এখোজ... ডিফু চহৰত ডাষ্টবিন বিতৰণ
|
https://www.newsnextone.com/diphu-dustbin/#comments
|
29215
|
মৰিগাঁওঃ একাংশ লোকে জনমত গঢ়িবলৈ ব্যৱহাৰ কৰে ছ'চিয়েল মিডিয়াক৷ আন একাংশই অসামাজিক কামৰ বাবে ব্যৱহাৰ কৰে ছ'ছিয়েল মিডিয়াক৷ মৰিগাওঁ জিলাৰ ২নং গুণামৰাত শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে৷ এগৰাকী যুৱতীৰে ফেচবুক যোগে আত্মীয়তা গঢ়ি তুলি পৈশাচিক মনোকামনা পূৰ্ণ কৰি ৰঙা ঘৰৰ আলহী হয় কামৰূপ জিলাৰ বকোৰ এজন যুৱক।জানিব পৰা মতে, কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বোন্দাপাৰাৰ নিবাসী ৰাহুল দাস (২৩) নামৰ যুৱকজনে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত ২নং গুণামৰা গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে ছ'চিয়েল মিডিয়াযোগে চিনাকি হৈ আত্মীয়তা গঢ়ে৷ অভিযোগ অনুসৰি যুৱকজনে বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীৰে শাৰিৰীক সম্পৰ্ক গঢ়ি তুলি পৰৱৰ্তী সময়ত যুৱতীগৰাকীক প্ৰতাৰণা কৰে।অৱশেষত উপায়ন্তৰ হৈ যুৱতী গৰাকী আৰক্ষীৰ কাষ চাপে।ধৰমতুল আৰক্ষীয়ে যোৱা নিশা বকো আৰক্ষীৰ সহযোগত ৰাহুল দাসক বোন্দাপাৰাৰ নিজ গৃহৰ পৰা আটক কৰে।ধৰমতুল আৰক্ষীয়ে ধৃত ৰাহুলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ৩৭৬ ধাৰাৰ অধীনত এটি গোচৰ(গোচৰ ন্ং ৭৮/২০১৭) ৰুজু কৰি আজি মৰিগাওঁ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত ৰাহুলক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ফেচবুক প্ৰেম আৰু প্ৰতাৰণা, জেলত প্ৰেমিক
|
https://www.newsnextone.com/facebook-love-assam-morigaon
|
29216
|
জনমভূমি নির্ধাৰিত সময়ৰ পূর্বে বন্ধ তলা মুকলি হ'ল হোটেল গামছ ডেলিকেচীৰ৷ মাত্র তিনিদিন তলা ওলোমাৰ পাছতে পুনৰ মুকলি হ'ল ডেলিকেচীৰ দুৱাৰ৷ কোনো বিশেষ ব্যক্তিৰ প্রভাৱৰ বাবে মুকলি হ'ল নেকি হোটেল ডেলিকেচীৰ তলা৷ তাকে লৈ এতিয়া সর্বত্র প্রশ্ন উঠিছে৷ উল্লেখযোগ্য যে যোৱা ১৩ আগষ্টত খাদ্য সুৰক্ষা বিভাগে মহানগৰৰ গণেশগুৰিত কেইবাখনো হোটেলত অভিযান চলায়৷ অভিযানত বিভাগটোৱে হোটেলখনত অস্বাস্থ্যকৰ পৰিৱেশৰ লগতে ম্যাদ উকলি যোৱা মছলাৰে খাদ্য তৈয়াৰ কৰি গ্রাহকক খুৱাই অহাৰ প্রমাণ লাভ কৰে৷ তাৰ পাছতে বিভাগটোৰ বিষয়াসকলে হোটেলখন ৭ দিনৰ বাবে বন্ধ কৰিবলৈ নির্দেশ দিয়ে৷ পৰিতাপৰ কথা যে উক্ত নির্দেশ অনুসৰি হোটেল কর্তৃপক্ষই তিনিদিন বন্ধ কৰি ৰাখে যদিও চতুর্থ দিনাই হোটেল খোলা ৰাখে৷ আনহাতে অভিযানকাৰী দলটোৱে গণেশগুৰিৰ দিচাং, লখিমী, আশীর্বাদ, মন্দাকিনী হোটেলতো অভিযান চলাই অস্বাস্থ্যকৰ পৰিৱেশ দেখা পোৱাৰ বাবে বন্ধৰ নির্দেশ দিয়ে৷ লগতে ভৱিষ্যতে পৰিষ্কাৰ-পৰিচছন্নতা বজাই ৰাখিবলৈ কঠোৰ সকয়ীনি দিয়ে৷ উক্ত হোটেল কেইখনৰ কর্তৃপক্ষই খাদ্য সুৰক্ষা বিভাগৰ নির্দেশ অনুসৰি বর্তমানেও হোটেলত তলা বন্ধ কৰি ৰাখিছে৷ পৰিতাপৰ কথা যে এটা চৰকাৰী বিভাগে দিয়া নির্দেশৰ পাছত কেনেদৰে হোটেল গামছ ডেলিকেচীৰ বন্ধ তলা ৭ দিনৰ পূর্বেই খোল খালে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ আনহাতে একাংশ লোকে উক্ত ঘটনাটো কোনো প্রভাৱশালী ব্যক্তিৰ প্রভাৱত খাদ্য সুৰক্ষা বিভাগে মূৰ দোৱাইছে বুলি অভিযোগ কৰিছে৷ মহানগৰৰ ভিন্ন ঠাইত খাদ্য সুৰক্ষা বিভাগে হোটেলত অস্বাস্থ্যকৰ পৰিৱেশত গ্রাহকক খাদ্য যোগান ধৰাৰ বাবে অভিযান চলাই কেইবাখনো হোটেল বন্ধৰ নির্দেশ দিয়াৰ লগতে বহুকেইখনৰ অনুজ্ঞা-পত্র বাতিল কৰিছে৷ কিন্তু কেৱল হোটেল ডেলিকেচীৰ প্রতি খাদ্য সুৰক্ষা বিভাগৰ দৰদ দেখি এতিয়া সকলোতে বিভাগটোৰ প্রতি প্রশ্ন উত্থাপিত হৈছে৷
|
নির্ধাৰিত সময়ৰ পূর্বেই খুলিলে ডেলিকেচীৰ তলা
|
https://janambhumi.in/VFhwTk1rNVVhejA9/%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%A4-%E0%A6%B8%E0%A6%AE%E0%A7%9F%E0%A7%B0-%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%87-%E0%A6%96%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A6%B2%E0%A7%87-%E0%A6%A1%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%9A%E0%A7%80%E0%A7%B0-%E0%A6%A4%E0%A6%B2%E0%A6%BE.html
|
29217
|
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জামুগুৰিত বিগত বৰ্ষত স্থাপন হৈছিল একন বিদ্যালয়৷ কেইজনমান শিক্ষানুৰাগীৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰথম প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে বেছ উলহ-মালহেৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে পালন কৰা হয়৷ এই মৰ্মে শিক্ষানুষ্ঠানৰ চৌহদত অভ্যাগত, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাবক তথা শুভাকাংক্ষীসকলৰ উপস্থিতিৰে একপ্ৰকাৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি নীলমণি কাকতিৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু একাডেমীৰ অধ্যক্ষ পংকজ সুতে পতাকা উত্তোলন কৰাৰ পিছতেই এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ শোভাযাত্ৰা শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বীৰেণ মহন্তই৷ পুৱা ১১ বজাৰ পৰা প্ৰবীন শিল্পী গম্ভীৰ নাথৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়৷ একাডেমীৰ অধ্যক্ষ পংকজ সুতে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত 'বৰ্তমান সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰয়োজনীয়তা আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত মাতৃভাষাৰ প্ৰয়োজনীয়তা' শীৰ্ষক বিষয়ৰ ওপৰত কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অশোক বৰঠাকুৰ, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাস, শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, সমাজকৰ্মী মুনীন্দ্ৰ মহন্তকে প্ৰমুখ্য কৰি কেইবাজনো ব্যক্তিয়ে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে৷ বিয়লি ২ বজাত বিশিষ্ট সমাজকৰ্মী ব্ৰজেন নাথে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পিছতেই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
গুড গাইডেন্স একাডেমীৰ প্ৰতিষ্ঠা দিৱস পালন
|
https://www.newsnextone.com/foundation-day-ggod-guidence-college/#comments
|
29218
|
লালুক/ফিল'বাৰীঃ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা উজনি অসমত দেওবাৰে নিশা তাণ্ডৱ সৃষ্টি কৰিলে প্ৰৱল ধুমুহাই৷ লখিমপুৰ আৰু তিনিটুকীয়া জিলাৰ বিভিন্ন ঠাইত নিশা হঠাৎ অহা ধুমুহাই ঘৰ-দুৱাৰৰ লগতে বহু গছ-গছনি ভাঙি বিস্তৰ ক্ষতি সাধন কৰে৷ প্ৰায় এঘণ্টা ধৰি হোৱা ধুমুহা-বৰষুণৰ ফলত মথাউৰি আদিত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলে নিশা উজাগৰে কটাব লগীয়াত পৰে৷ লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱত সৰ্বস্বান্ত হৈ থকাৰ সময়তে ধুমুহাৰ তাণ্ডৱে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ ধুমুহাৰ ফলত কোনো লোকৰ প্ৰাণ হানি হোৱাৰ বাতৰি পোৱা হোৱা নাই যদিও শতাধিক ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি হয়৷ ইফালে বানাক্ৰান্ত লোকে অস্থায়ী ভাবে সাজি লোৱা ত্ৰিপালৰ গৃহ সমুহ বতাহে উৰুৱাই নিয়াত পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগে৷ আনহাতে ডুমডুমাতো ধুমুহাত বিস্তৰ ক্ষতিসাধন হয়।পুৱতি নিশা প্ৰচণ্ড ধুমুহা বৰষুণে ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কৰ্দৈগুৰি, বিছাকুপি, গটং, বিষ্ণুপুৰ, কেৰাণী, বাঘজান ইত্যাদি অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰে।অঞ্চলটোত বহু ঘৰ দূৱাৰ, অনুষ্ঠান প্ৰতিষ্ঠানৰ গৃহ ভাঙি পেলোৱাৰ লগতে অসংখ্য গছ-গছনি ভাঙি পেলায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বানৰ মাজতে উজনিৰ ভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ
|
https://www.newsnextone.com/storm-upper-assam-heavy-rainfall/#comments
|
29219
|
মাৰ্ঘেৰিটাঃ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে ৰাজ্যৰ মধ্য বিত্ত, দৰিদ্ৰ শ্ৰমিক, মজদুৰৰ নিদ্ৰাহৰণ কৰিছে৷ প্ৰতিদিনে হাতীৰ জাকে ঘৰ ভাঙি বহু লোকক গৃহহাৰা কৰি আহিছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে৷ জাগুনৰ আহোম পথাৰ গাঁৱকে ধৰি বহু গাঁৱত নিশা হলেই বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙি বহু পৰিয়ালক গৃহ হাৰা কৰিছে।হাতীৰ তাণ্ডৱৰ ফলত ৰাইজে দীৰ্ঘ দিনে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱাৰ পিছতো বন বিভাগে ৰাইৰ জীৱন-সম্পত্তি ৰক্ষাৰ স্বাৰ্থত কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাঁৱত কেইবাটাও নিশা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে৷ বহু লোকৰ প্ৰাণ যোৱাৰ লগতে কথমপি প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ৷ ঘৰ ভাঙি তচনচ কৰাৰ লগতে ঘৰৰ সা-সামগ্ৰী আৰু নষ্ট কৰে হাতীৰ জাকে৷ ইতিমধ্য বহু লোকে ঘৰ বৰ এৰি পলায়ন কৰিব লগা হৈছে নিৰাপদ স্থানলৈ৷ বন বিভাগ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ বন বিভাগে হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হোৱাৰ পিছতো বনবিভাগে হাতীৰ অহাৰ খবৰ লাভ কৰি আদবাটৰ পৰা উভতি যোৱা বুলি অভিযোগ উত্থাপন কৰে৷ তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাঁৱৰ কেইবাটাও পৰিয়ালক হাতীৰ জাকটোৱে গৃহহাৰা কৰে
|
তিনিচুকীয়াৰ জাগুনত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত, গৃহহাৰা বহু থলুৱা
|
https://www.newsnextone.com/print/12281
|
29220
|
এ পি এছ চিৰ কেলেংকাৰিৰ চলি থকা তদন্তৰ বাবে আৰক্ষীক সময়সীমা বৃদ্ধি কৰি দিছে বিশেষ আদালতে।আয়োগৰ বিয়াগোম কেলেংকাৰিৰ গোচৰটোৰ তদন্ত এতিয়াই সম্পূৰ্ণ কৰাত অসুবিধা হোৱাৰ বাবে অতিৰিক্ত তিনি মাহ সময় বিচাৰি আদালতত তদন্তকাৰী আৰক্ষীয়ে আৱেদন কৰিছিল।ডিব্ৰুগড় আৰক্ষীয়ে চলাই থকা এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত প্ৰায় অন্তিম পৰ্যায়ত আছে যদিও তদন্তকাৰী আৰক্ষীয়ে প্ৰক্ৰিয়াটোত আৰু কিছু সময়ৰ প্ৰয়োজন অনুভৱ কৰিছে।আৰক্ষীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ পাছত সোমবাৰে আদালতে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীক তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু দুমাহ সময় বৃদ্ধি কৰি দিয়ে।ইপিনে, সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ কন্যা ধৃত ডি এছ পি পল্লৱী শৰ্মাই পিতৃৰ অসুস্থতাৰ দোহাই দি সোমবাৰে পুনৰবাৰ বিশেষ আদালতত জামিন আৱেদন দাখিল কৰে।সোমবাৰে পিতৃৰ অসুস্থতাৰ তথ্য আদালতত দাখিল কৰি পল্লৱী শৰ্মাই অসুস্থ পিতৃৰ শুশ্ৰূষা কৰাৰ বাবে জামিন বিচাৰে।আদালতত কৰা আৱেদনত পল্লৱীয়ে তেওঁৰ পিতৃ বৃক্কৰ ৰোগত গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ কথা উল্লেখ কৰিছে।কলকাতাত অহা ৩০ জুলাইত পিতৃৰ জটিল অস্ত্ৰোপচাৰ হ'ব বুলি নথি-পত্ৰ দাখিল কৰি অস্ত্ৰোপচাৰৰ পাছত তেওঁক শুশ্ৰূষা কৰিবলৈ মানুহৰ অভাৱ বুলি কাৰণ দৰ্শাইছে।সেয়ে, তেওঁক সেই দায়িত্ব পালন কৰিবৰ বাবে জামিন বিচাৰি আৱেদন জনাইছে।আনহাতে, আদালতে সোমবাৰে তেওঁৰ আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ পৰিৱৰ্তে অহা ২৫ জুলাইত শুনানিৰ দিন ধাৰ্য কৰে
|
এ পি এছ চিৰ কেলেংকাৰি : তদন্তৰ বাবে সময় সীমা বৃদ্ধি কৰিলে আদালতে
|
https://assam.nenow.in/%e0%a6%8f-%e0%a6%aa%e0%a6%bf-%e0%a6%8f%e0%a6%9b-%e0%a6%9a%e0%a6%bf%e0%a7%b0-%e0%a6%95%e0%a7%87%e0%a6%b2%e0%a7%87%e0%a6%82%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a6%bf-%e0%a6%a4%e0%a6%a6%e0%a6%a8%e0%a7%8d/
|
29221
|
তেজপুৰঃ আকৌ এবাৰ মোদী চৰকাৰ বুলি তেজপুৰ চহৰৰ মাজৰে ওলাল বিজেপিৰ ৰোড শ্ব'।ৰোড শ্ব'ৰ নেতৃত্ব ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অসমীয়া বাপুতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাথোন কেইটিমান দিন।বৰ্তমান অসমৰ চৌদিশে বিহুৰ প্ৰস্তুতি চলিছে পিছ পৰি ৰোৱা নাই ৰাজনৈতিক দল সমুহো।ব্যস্ত হৈ পৰিছে বিজেপিৰ নেতা কৰ্মীসকলো৷ লগতে হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ সমৰ্থক সকলে বিহুৰ নামৰ চেৱে নাচি বাগি আনন্দ কৰা দেখা গ'ল।প্ৰাৰ্থী পল্লৱ লোচন দাসেও আত্মহাৰা হৈ নাচ গান কৰা দেখা গ'ল৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বিজেপিৰ ৰোড শ্ব'ত নেতৃত্ব ল'লে হিমন্ত বিশ্ব শৰ্মাই
|
https://www.newsnextone.com/tepur-bjp-road-show/#comments
|
29222
|
নলবাৰীঃ বাক্সা জিলাৰ জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ সমীপৰ ঢেকিয়াবস্তীত পথ দুৰ্ঘটনা সংঘটিত হৈ এজনৰ যুৱকৰ মৃত্যু হোৱাত উত্তেজিত হৈ পৰে ৰাইজ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোক উত্তেজিত হৈ পৰে৷ উত্তেজিত লোকসকলে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত উত্তেজনাই বিৰাজ কৰে অঞ্চলটোত৷ জানিব পৰা মতে, অবৈধভাৱে শিল কঢ়িওৱা ট্ৰেক্টৰ এখনৰ খুন্দাত মনোজ গিৰি নামৰ ২১ বছৰীয়া যুৱক এজনৰ মৃত্যু হয়৷ বাক্সা জিলাৰ নয়াবস্তীৰ মনোজ গিৰি তেওৰ বন্ধু শ্যাম গিৰিয়ে নম্বৰৰ বাইকেৰে কুমাৰীকাটা-জালাহ গড়কাপ্তানী পথেৰে ঘৰৰ পৰা গোৰেশ্বৰৰ ভোলাঝাৰলৈ আহি আছিল৷ কুমাৰীকাটাৰ সমীপৰ ঢেকিয়াবস্তীত শিল-বালিমহলৰ পৰা শিল কঢ়িয়াই অনা নম্বৰৰ এখন তীব্ৰবেগী ট্ৰেক্টৰে পিচফালৰ পৰা খুন্দা মৰাত মনোজ আৰু শ্যাম উঠি অহা বাইক খনত৷ ফলত দুয়ো যুৱকে শৰীৰত বেয়াকৈ আগাত পায়৷ মনোজ গিৰিয়ে মুৰত গুৰুতৰ আঘাট পোৱাত ততাতৈয়াকৈ কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ দুৰ্ঘটনা হোৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু ট্ৰেক্টৰখনত অগ্নি সংযোগ কৰে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীৰে ৰাইজৰ হতাহতি পৰ্যন্ত লাগে৷ কুমাৰীকাটাৰ কালা নৈত আৰু দৰংগা নৈত কেইবাটাও শিল-বালিৰ মহলৰ পৰা আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখেৰে প্ৰতিদিনে ট্ৰাক-ট্ৰেক্টৰেৰে শিল বালি নিতৌ কঢ়িয়াই আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
কুমাৰীকাটাত শিল-বালি কঢ়িওৱা ট্ৰাক-ট্ৰেক্টৰৰ অতপালি, ট্ৰেক্টৰৰ খুন্দাত ২১ বছৰীয়া যুৱকৰ মৃত্যু
|
https://www.newsnextone.com/nagrijuli-road-accident-one-died/#comments
|
29223
|
কামপুৰঃ ৰাজ্যত এতিয়া নিতৌ সংঘটিত হ'ব ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা৷ এতিয়া ৰাজ্যত নিতৌ সংঘটিত হোৱা ধৰ্ষণ-নিৰ্যাতন কাণ্ডৰ বাতৰিয়ে সৰ্বপ্ৰকাৰৰ লোকক চিন্তিত কৰি তুলিছে৷ নিতৌ সংঘটিত হ'ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনা৷ সমাজখনত যুৱতী-কিশোৰী মহিলাসকল এতিয়া সুৰক্ষিত নহয়৷ মহিলা-যুৱতী কন্যা শিশু এতিয়া ক'তো সুৰক্ষিত নহয়৷ নিজ ঘৰ খনৰ লগতে ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতন, গৃহ হিংসাৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক ধৰ্ষণ কাণ্ড, নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ সময়তে নগাঁও জিলাৰ কঠিয়াতলীৰ বুকলুঙৰ নিজ গৃহত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰূমানা খাতুন নামৰ বোৱাৰীগৰাকীক স্বামী, দুই ননদে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ পৰিয়ালে৷ জানিব পৰা মতে, ৰূমানা খাতুন আৰু আব্দুল কালামৰ কেইবছৰমান পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷ বিয়াৰ পিছৰে পৰা বোৱাৰীগৰাকীক মাৰ ধৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ লেকজান খাতুন আৰু মৰ্জিনা খাতুন নামৰ দুই ননদৰ সৈতে প্রায় সংঘাট হৈছিল বোৱাৰীগৰাকীৰ।বৃহস্পতিবাৰে নিশা সংঘাটে চূড়ান্ত ৰূপ লয় আৰু স্বামী আব্দুল কালাম, দুই ননদে মিলি বোৱাৰীগৰাকীক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পিতৃয়ে।শুকুৰবাৰে পুৱাই ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ আনহাতে ৰূমানা খাতুনৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই ননদ লেকজান খাতুন, মৰজিনা খাতুন আৰু স্বামী আব্দুল কালামক আটক কৰে৷
|
কঠিয়াতলীত মহিলাক হত্যাৰ অভিযোগ, ২ যুৱতী সহ দস্যু স্বামীক আটক
|
https://www.newsnextone.com/attrested-murder-accused-kampur
|
29224
|
জ এ.এছ.এন. প্ৰতিনিধি / 2020 শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই: শিৱসাগৰৰ গৌৰীসাগৰত দেওবাৰে বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক ক'লা পতাকা প্ৰদৰ্শন কৰে 'আছু'ৱে।গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ আহি থকা অৱস্থাত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ মিতং দলঙত ক'লা পতাকা প্ৰদৰ্শন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক।আছুৰ শিৱসাগৰ জিলা সমিতিয়ে মন্ত্ৰী যোগেন মহন নিজ গৃহলৈ আহি থকাৰ খবৰ লাভ কৰাত উক্ত স্থানত পূৰ্বৰে পৰা ৰৈ থকা শতাধিক সদস্যই গৌৰিসাগৰত ক'লা প্ৰদৰ্শন কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়-'বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনে নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰি নাগপুৰৰ ওচৰত আঠু লৈছে।তাৰ বিৰোধিতাৰে আজি তেওঁক কলা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছো।যেতিয়ালৈকে 'কা' বাতিল নহয় আৰু বিজেপিৰ মন্ত্ৰী-বিধায়কে ৰাইজৰ আবেগ-অনুভূতিক সন্মান নকৰে,তেতিয়ালৈকে এনেদৰে প্ৰতিবাদৰ সন্মুখীন হৈ থাকিব।' অসমীয়াই কোনো কাৰণতে 'কা' মানি নলয় বুলি আছু নেতাগৰাকীয়ে মন্তব্য কৰে।উল্লেখ্য যে শনিবাৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল
|
শিৱসাগৰত বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক ক'লা পতাকা প্ৰদৰ্শন 'আছু'ৰ
|
https://www.newsasn.com/index.php/node/10743
|
29225
|
গুৱাহাটীঃ ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে।১৫ মে'ত ছেবাই ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।ছেবাই জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ বছৰৰ দৰে এইবাৰো দিনৰ ৯ বজাত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল।ফলাফল ঘোষণা কৰাৰ বাবে ছেবা কৰ্তৃপক্ষই ১০ টা বিশেষ ৱেবছাইটৰ ব্যৱহাৰ কৰিব বুলি ইতিমধ্যে কিছুদিনৰ পূৰ্বে ঘোষণা কৰিছিল।আনহাতে পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে এছএমএছৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল।আনহাতে ছেবা কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ফলাফল ঘোষণা দিনা দিনৰ ১১ বজাত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।উল্লেখ যে এইবাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছৰ পৰীক্ষাত মুঠ ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।শনিবাৰে ছেবা ব'ৰ্ডৰ সভাত ঘোষণা কৰা হৈছে পৰীক্ষাৰ ফলাফলৰ নিৰ্দিষ্ট দিনটো।আনহাতে এই বর্ষৰ ছেবাই পূৰ্বৰ বছৰসমূহৰ দৰে ফলাফল ঘোষণাত যাতে কোনো ভুল ৰৈ নাযায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
মেট্ৰিকৰ ফলাফল ১৫ মে'ৰ ৯ বজাত হ'ব ঘোষণা
|
https://www.newsnextone.com/tb-hlsc-result-seba-15-may
|
29226
|
আজিৰে পৰা 'জাতিধ্বংসী' নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে অভিযান আৰম্ভ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।কিন্তু প্ৰতিবাদস্থলীৰ পৰাই মহানগৰ আৰক্ষীয়ে কৃষক নেতা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলক আটক কৰি পানবজাৰ থানালৈ লৈ যায়।'আমি অতি শান্তিপূৰ্ণভাৱে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলো।কিন্তু আৰক্ষীয়ে অগণতান্ত্ৰিকভাৱে আমাক এনেদৰে আটক কৰি লৈ গৈছে।' মহানগৰ আৰক্ষীয়ে আটক কৰাৰ সময়ত এইদৰে কয় অখিল গগৈয়ে।ইপিনে, প্ৰতিবাদ চলি থকাৰ সময়ত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় 'কোনোপধ্যে অসমে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰে।যদি ৩ কোটি ১১ লাখ জনসাধাৰণৰ ওপৰত নতুনকৈ প্ৰায় ২ কোটি হিন্দু বাংলাদেশী জাপি দিয়ে, তেন্তে অসমবাসী ৰাইজ থাকিব ক'ত? 'অমিত শ্বাহেই কওঁক বা প্ৰধান মন্ত্ৰীয়েই কওঁক, নতুনকৈ এজন বিদেশীয়ো অসম বা উত্তৰ-পূৰ্বাঞ্চলে ল'ব নোৱাৰো।আমাক হিন্দু-মুছলমান বাংলাদেশী নালাগে।' অখিলে লগতে কয়।তদুপৰি শদিয়াৰ পৰা ধুবুৰীলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলিব বুলি অখিল গগৈয়ে উল্লেখ কৰি অসমৰ প্ৰতিখন গাঁও, চহৰ-নগৰ, চৰ অঞ্চলত বিধেয়ক বিৰোধী গোহাৰি বিতৰণ কৰিব বুলি কয়।নাগৰিকত্ব বিধেয়কৰ কথা উল্লেখ কৰি গগৈয়ে বিধেয়কখনে আটাইতকৈ অসমক বিপদত পেলাব বুলি কয়।মেঘালয়, ছিকিম, মিজোৰাম, অৰুণাচল আদি ৰাজ্য ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱা বাবে তাত হিন্দু বাংলাদেশীয়ে মাটি কিনিব নোৱাৰিব বুলি মন্তব্য কৰি অখিল গগৈয়ে এইবোৰ ৰাজ্য বিধেয়কৰ প্ৰভাৱৰ পৰা বাছি যাব বুলি জনায়
|
শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলো, কিন্তু আৰক্ষীয়ে অগণতান্ত্ৰিকভাৱে আটক কৰিছে : অখিল
|
https://assam.nenow.in/the-city-police-have-arrested-akhil-gogoi-when-he-was-protesting-against-cab/
|
29227
|
ৰঙিয়াঃ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আজি ৰঙিয়াত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়৷ ১২৬ টা জনগোষ্ঠীৰ সহস্ৰাধিক লোকে অংশ লোৱা বিশাল শোভাযাত্ৰাৰে সমগ্ৰ ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰা হয়৷ বিশ্ব হিন্দু পৰিষদ ৰঙিয়া আৰু বাক্সা জিলাৰ উদ্যোগত আয়োজিত এই শোভাযাত্ৰাৰ শুভাৰম্ভনি কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই।ইফালে যদি আয়তি আৰু গায়ন বায়ন ৰে ভৰি পৰিছে ৰঙিয়াৰ ৰাজপথ।আনফালে আকৌ গজৰাজৰ পাছে পাছে বিভিন্ন জাতি জনগোষ্ঠীৰ পুৰুষ মহিলাৰ দীঘলীয়া দৃষ্টিনন্দন শাৰী।ঝুমুৰ, ভোৰতাল, বিহু, বাগৰুম্বা আদি পৰম্পৰাগত নৃত্যৰে আজি ৰঙিয়াৰ ৰাজপথত মুখৰিত হৈ পৰে।আনহাতে আজি ৰঙিয়াৰ বিষ্ণু মন্দিৰটো উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰা হয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ৰঙিয়াত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আয়োজন
|
https://www.newsnextone.com/jrisna-janmastami-at-rangia
|
29228
|
তিতাবৰ মহকুমাৰ ঠেঙাল মৌজাৰ ধলাজান গ্ৰাণ্টৰ ৫২০ নং দাগৰ চৰকাৰী ভূমিত গঢ়ি উঠা এটা অনুজ্ঞাপত্ৰবিহীন ইটা-ভাতীৰ দ্বাৰা প্ৰদূষণ সৃষ্টি হোৱা তথা অঞ্চলটোৰ, বিশেষকৈ শিশুসকল বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম যোৰহাট আঞ্চলিক সমিতিয়ে।পৰিষদে অবৈধ ইটা-ভাতীটো শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাই অহাৰ উপৰি যোৱা ৯ ফেব্ৰুৱাৰীত যোৰহাট জিলা উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰি ভাতীটো শীঘ্ৰে বন্ধ নকৰিলে অনাগত দিনত আন্দোলন গঢ়ি তোলা হ'ব বুলি স্পষ্ট কৰি দিছিল।কিন্তু ভয়াবহ প্ৰদূষণ সৃষ্টি কৰি অহা অবৈধ ভাতীটো প্ৰশাসনে বন্ধৰ কোনো ব্যৱস্থা নকৰাত আজি যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল দাস আৰু সাধাৰণ সম্পাদক দেৱকুমাৰ হাজৰিকাৰ নেতৃত্বত পৰিষদৰ বহুসংখ্যক কৰ্মী আৰু স্থানীয় ৰাইজে তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ইটা-ভাতীটো শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাই মহকুমাধিপতিৰ যোগেদি জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।অন্যথা অনাগত দিনত অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি পৰিষদে সকীয়াই দিয়ে
|
অনুজ্ঞাপত্ৰবিহীন ইটা-ভাতী বন্ধ কৰাৰ দাবীত তিতাবৰত যুৱ-ছাত্ৰৰ ধৰ্ণা
|
https://janambhumi.in/VFZSbk5FNTZWVDA9/en/VFZSbk5FNTZWVDA9/%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A7%80%E0%A6%A8-%E0%A6%87%E0%A6%9F%E0%A6%BE-%E0%A6%AD%E0%A6%BE%E0%A6%A4%E0%A7%80-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7-%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A4-%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%A7%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE.html.html
|
29229
|
যোগত দেওবাৰে ডিকমৰ অস্থায়ী কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷ মটক যুৱ-ছাত্র সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰশান্ত চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখা কৰে উওম গগৈয়ে৷ সভাত ঋতুৰাজ চেতিয়াক সভাপতি অাৰু উওম গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ২৩ জনীয়া সন্মিলনৰ ডিকম অাঞ্চলিক সমিতিত গঠন কৰা হয়৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰঞ্জীত গোহাঁই, তথ্য অাৰু প্ৰচাৰ সম্পাদক গোলাপ লাহন, ডিব্ৰুগড় জিলা সন্মিলনৰ সাধাৰণ সম্পাদক নিৰূপম দুৱৰা, সহঃ সম্পাদক মুকুন্দ মাধৱ বঢ়াগোহাঁই, চাবুৱা-ডিকম অাঞ্চলিক সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
মটক যুৱ-ছাত্র সন্মিলনৰ ডিকম অাঞ্চলিক সমিতি গঠন
|
https://www.newsnextone.com/matak-youth-new-committee
|
29230
|
লংকাঃ বহিঃৰাজ্যত এখন যাত্ৰীবাহী ৰেলৰ পৰা এগৰাকী মহিলা সন্ধানহীন হৈ থকা খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লংকাত৷ যোৱা ১৩ অক্টোবৰত পশ্চিমবংগৰ কাটোৱা নামৰ ঠাইৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰেল খনৰে যাত্ৰা কৰা পথৰ পৰা সন্ধানহীন হৈ পৰে এইগৰাকী মহিলা৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ যুৱক বেছা মজুমদাৰৰ সৈতে সম্পৰ্কীয় বকুলবালা মাতাব্বাৰ নামৰ মহিলা গৰাকীয়ে পশ্চিম বংগৰ কাটোৱা নামৰ ঠাইলৈ ফুলিবলৈ গৈছিল৷ কিন্তু যোৱা ১৩ অক্টোৱৰত পুনৰ দুয়ো নিজ ঘৰ অভিমুখে ৰাওনা হৈছিল কামৰূপ এক্সপ্ৰেছ যাত্ৰী বাহী ৰেল যোগে৷ ৰেলত যাত্ৰা কৰা সময়তেই দুয়ো ভুলবশতঃ কামৰূপ এক্সপ্ৰেছৰ ৰেলখনৰ বিকলাংগ ডবাত উঠি যাত্ৰা কৰিছিল৷ পিছত বেছা মজুমদাৰে উক্ত কথাটো জানিব পাৰি মালডা ষ্টেচনত সেই বিকলাংগ ডৱাটোৰ পৰা নামি অন্য ডবাত উঠিব লওতে ৰেল আৰক্ষীয়ে বেছা মজুমদাৰক ধৰি সোধ পোছ কৰাৰ লগতে জৰিমণা বিহে৷ ইফালে, বেছা মজুমদাৰৰ লগত যোৱা মহিলা গৰাকী ৰেলত অকলশৰীয়া হৈ পৰে৷ অসম অভিমুখী যাত্ৰা কৰা ৰেল খনৰ পৰা তেতিয়াৰ পৰা মহিলা গৰাকী সন্ধানহীন হৈ পৰে৷ পিছত বেছা মজুমদাৰে অন্য ৰেল যোগে লংকাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীক অৱগত কৰে৷ লগতে বুধবাৰে মহিলা গৰাকীৰ নিৰুদ্দেশ সংক্ৰান্তত লংকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ কোনো সদাশয় লোকে যদি সন্ধানহীন হৈ থকা মহিলাগৰাকীৰ কোনো সম্ভেদ লাভ কৰে তেনেহলে ৯৭৩৪১১০৬৯৭নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বহিঃৰাজ্যৰ পৰা সন্ধানহীন লংকাৰ মহিলা
|
https://www.newsnextone.com/woman-missing-from-other-state
|
29231
|
তেজপুৰঃ সংবাদ মাধ্যমৰ স্বাধীনতাৰ দাবীত সমগ্ৰ দেশ জুৰি বিভিন্ন সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিক সকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈ থকাৰ সমান্তৰালকৈ ৰাজ্যৰো বিভিন্ন প্ৰান্তত সংবাদ মাধ্যমৰ স্বাধীনতাৰ দাবীত সাংবাদিকসকল ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ সাংবাদিকৰ স্বাভিমান ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ অংশ হিচাপে শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে তেজপুৰতো প্ৰতিবাদ সাব্যস্ত কৰে৷ তেজপুৰত শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ নেতৃত্বত সাংবাদিকসকলে সমদল বাহিৰ কৰি প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰা পৰিলক্ষিত হয়৷ আনহাতে তেজপুৰতো সাংবাদিক একত্ৰিত হৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভ প্ৰদৰ্শণ কৰে৷ উল্লেখ্য যে, দেশৰ এটা আগশাৰীৰ নিউজ চেনেলত সম্প্ৰচাৰ হোৱা বাতৰিৰ বাবে দুজনকৈ সাংবাদিকক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল।এই ঘটনাৰ প্ৰতিবাদতে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰিবলৈ ভাৰতীয় সাংবাদিক সংস্থাৰ নেচনেল এক্সিউকিটিভ কমিটিয়ে প্ৰদান কৰা নিৰ্দেশৰ ভিত্তিতে এনেদৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
সাংবাদিকৰ স্বাধীনতাৰ স্বাৰ্থত তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ
|
https://www.newsnextone.com/tezpur-journalist-preotest-assam/#comments
|
29232
|
তেজপুৰ টাউনঃ তেজুপৰ আছু উদ্যোগত আৰু দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয় আছু গোটৰ সহযোগত আজি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৫৬তম জন্ম দিনৰ লগত সংগতি ৰাখি তেজপুৰৰ দুয়োখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত শিক্ষক দিৱস উদযাপন কৰা হয়।এই উপলক্ষে দুয়োখন মহাবিদ্যালয় শিক্ষক শিক্ষয়ত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত তেজুপৰ আছুৰ বিষয়ববীয়া সকল উপস্তিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
তেজপুৰত আছুৰ শিক্ষক দিৱস
|
https://www.newsnextone.com/teachers-day-tezpur-town/#comments
|
29233
|
জ এ.এছ.এন. প্ৰতিনিধি 30 / 2018 সমগ্ৰ ৰাজ্যৰ লগতে আজি পুৱা ১০ বজাত জাতীয় অস্তিত্বৰ দলিল এন আৰ চিৰ চূড়ান্ত খচৰা তালিকা তামুলপুৰ মহকুমাৰ এন আৰ চি সেৱা কেন্দ্ৰসমূহতো প্ৰকাশ পালে।উল্লেখযোগ্য যে বাক্সা জিলাৰ তামুলপুৰ মহকুমা অাৰু তামুলপুৰ আৰক্ষী প্ৰশাসনে তামুলপুৰ মহকুমাৰ অন্তৰ্গত কেইবাটাও অঞ্চল স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছিল যদিও জনসাধাৰণে শান্তি-সম্প্ৰীতি অটুট ৰাখি নিজৰ নামটো এন আৰ চি তালিকাত চাবলৈ এন আৰ চি কেন্দ্ৰসমুহত ভিৰ কৰা পৰিলক্ষিত হয়।আনহাতে, শান্তি-শৃংখলা অটুট ৰাখিবলৈ প্ৰশাসনে মোতায়েন কৰে অৰ্ধসামৰিক বাহিনীকে ধৰি অতিৰিক্ত আৰক্ষী।জিলা প্ৰশাসনে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ২১টা কেন্দ্ৰৰ ১১টা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছিল যদিও বৰ্তমানলৈকে মহকুমাটোত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটা নাই।সকলো এন আৰ চি কেন্দ্ৰতে সম্পূৰ্ণ খচৰা তালিকা প্ৰকাশৰ প্ৰক্ৰিয়া সুকলমে চলে।উল্লেখ্য যে বাক্সা জিলা তামুলপুৰ মহকুমাত মুঠ আবেদনকাৰী ২৬২৭৫৯জনৰ পূৰ্ণাংগ খচৰাত নাম আহিল ১৯৮৯৪০জনৰ।মুঠ আবেদনকাৰীৰ বাদ পৰিল ৬৩৮১৯জন।বাদ পৰা আবেদনকাৰীসকলক সংকিত নহ'বলৈ তামুলপুৰ জিলা এ বি এমছু ৰ সভাপতি টাইচন হুছেইনে আহ্বান জনায়।লগতে বাদপৰি যোৱা আবেদনকাৰীসকলক সম্পূৰ্ণ সহায়-সহযোগিতা কৰিব বুলি তেওঁ সাংবাদিকৰ আগত মত প্ৰকাশ কৰে
|
তামুলপুৰ মহকুমাত শান্তিপুৰ্ণভাৱে প্ৰকাশ জাতীয় অস্তিত্বৰ দলিল এন আৰ চিৰ খচৰা
|
https://www.newsasn.com/index.php/node/472
|
29234
|
ডিফুঃ বকলিয়া ঘাটৰ "চিংথুৰ" প্ৰকাশনৰ উদ্যোগত ২০১৯ বৰ্ষৰ বাবে ৰংবং তেৰাঙ সমন্বয় বঁটা বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কাৰবি আংলং জিলাৰ ডিফুস্থিত জিলা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে চিংথুৰ প্ৰকাশনৰ হৈ বিশ্বজ্যোতি হাজৰিকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভবেশ ৰাজবংশী, ডকমকাৰ থং নক্ বে মহাবিদ্যালয়ৰ অধ্যাপক ভবেন কোঁচ আৰু জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই৷ উল্লেখযোগ্য যে, চিংথুৰ প্ৰকাশনে ২০১৭ বৰ্ষৰপৰা কাৰবি আংলঙৰ গৌৰৱ, জীৱন্ত কিংবদন্তি, ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্মদিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি আহিছে৷ ২০১৭ বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল লোক সংস্কৃতিৰ গৱেষক পণ্ডিত ড: বীৰেন্দ্ৰ নাথ দত্ত, ২০১৮ বৰ্ষত অৰুণাচলৰ বিশিষ্ট সাহিত্যক য়েছে দৰজি ঠংচিক আৰু ২০১৯ বৰ্ষৰ তৃতীয়বাৰৰ বাবে এই বঁটা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, গল্পকাৰ ঔপন্যাসিক, প্ৰৱন্ধকাৰ, সাংবাদিক আৰু বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞিলৈ প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে৷ ১২ জানুৱাৰীত বকলিয়াঘাটৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰংবং তেৰাঙৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ'ব৷ এই বঁটাত নগদ ধনৰ লগতে স্থানীয় লেখক সকলৰ কিতাপৰ টোপোলা, প্ৰশস্তি পত্ৰ, জাম্বিলী আথন, পহ' জাম্বৰং আদি কৰি কাৰবি জাতীয় সাজ-পাৰ প্ৰদান কৰা হ'ব বুলি চিংথুৰ সমিতিয়ে জানিবলৈ দিয়ে৷ উক্ত অনুষ্ঠানত বিশ্বজ্যোতি হাজৰিকাৰ দ্বাৰা সম্পাদিত ৰংবং তেৰাঙৰ প্ৰবন্ধ সংকলনৰ তৃতীয় খণ্ড আৰু ভবেন কোঁচৰ উপন্যাস "পৃথিৱীৰ অতিথি" উন্মোচন কৰা হ'ব৷
|
ৰংবং তেৰাঙ সমন্বয় বঁটা কথাশিল্পী হোমেন বৰগোহাঞিলৈ
|
https://www.newsnextone.com/print/17419
|
29235
|
গুৱাহাটীঃ অৱশেষত আত্মসমৰ্পন কৰিলে যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত গোৰেশ্বৰৰ শিক্ষক ফিদ্দুছ ৰহমানে৷ দেওবাৰে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিনয় কলিতাৰ ওচৰত আত্মসমৰ্পণ কৰে বেতনা কাউৰবাহা মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক ফিদ্দুছ ৰহমানে৷ শিক্ষকগৰাকীয়ে খোদ বাক্সা জিলাৰ আৰক্ষীৰ ওচৰ চপা বুলি জানিব পৰা গৈছে৷ বাক্সা জিলাৰ গোৰেশ্বৰ যোৱা কেবাদিন ধৰি আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযুক্ত শিক্ষকগৰাকীক কৰায়ত্ত কৰিব নোৱাৰাত উত্তাল হৈ আছিল ৷ বিভিন্ন দল সংগঠনে গোৰেশ্বৰত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি, থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী হায় হায়, যৌন নিৰ্যাতনকাৰী ফিদ্দুছ ৰহমানক গ্ৰেপ্তাৰ কৰক, অসম আৰক্ষী ঘোচখোৰ আদি শ্ল'গান দি গোৰেশ্বৰ উত্তাল কৰি ৰাখিছিল।যোৱা ২ অক্টোবৰত ২ নং গোৰেশ্বৰ ৰেল কল'নি নিবাসী তথা বেতনা কাউৰবাহা মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক ফিদ্দুছ ৰহমানে ছবি শিকিবলৈ তেওঁৰ ঘৰলৈ অহা এগৰাকী চতুৰ্থ শ্ৰেণীৰ ৯ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলি ছাত্ৰীগৰাকীৰ মাতৃয়ে গোৰেশ্বৰ থানাত যোৱা ৩ অক্টোবৰত এজাহাৰ দাখিল কৰিছিল।ফিদ্দুছ ৰহমানৰ ভাতৃ অধিবক্তা বাহাৰুল ৰহমানেও ছাত্ৰীগৰাকীৰ পৰিয়ালক আইনী সহায় নল'বলৈ বুলি ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছিল।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
কিশোৰীক যৌন নিৰ্যাতনৰ অভিযুক্ত শিক্ষক ফিদ্দুছৰ আত্মসমৰ্পণ
|
https://www.newsnextone.com/suurender-teacher-goreswar/#comments
|
29236
|
চাবুৱাঃ এটি পথ৷ যোৱা ১৬ বছৰে মাটি এচপৰাও পৰা নাই পথটোত৷ কিন্তু ৭ জুলাইত অভিযন্তাই কথা দিছিল ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ'ব পথটো।লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলি-বালিজান গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰে৷ যোৱা ৭ জুলাইত পথটো মেৰামতিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত নাদুৱা চাইডিঙত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।সংগঠনটোৱে লাহোৱাল সমষ্টিৰ বিধায়ক হায় হায়, পথ নিৰ্মাণত ৰাজনীতি কৰা বন্ধ কৰক, হেজেল বেংকৰ পৰা থানাই সংযোগী গড়কাপ্তানী পথ মেৰামতি কৰক আদি শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল।প্ৰতিবাদীৰ ৰুদ্ৰ মূৰ্তি দেখি প্ৰতিবাদস্থলীত ততাতৈয়াকৈ চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াক লগতে গড়কাপ্তানী বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ লাহন উপস্থিত হয়৷ প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত হোৱাৰ লগে লগে আগতকৈয়ো অধিক জোৰেৰে শ্ল'গান দিবলৈ আৰম্ভ কৰে৷ কিছু সময় পাছত অভিযন্তা ৰাজীৱ লাহনে পথটোৰ গাতসমূহ ১০ দিনৰ ভিতৰত মেৰামতি কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াতহে প্ৰতিবাদকাৰীসকল ক্ষান্ত হয়৷ কিন্তু পৰিতাপৰ বিষয় এই যে পথটো আজিলৈ মেৰামতি ন'হল৷ দ' গাঁতসমূহ পুতি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো আজিলৈকে প্ৰতিশ্ৰুতি পালন কৰা দেখা পোৱা ন'গল৷ যাৰ ফলত ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগক ১৫ আগষ্টৰ ভিতৰত প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনাইছে৷
|
লিখি দিয়াৰ পিছতো খলা-বমা হৈয়ে ৰ'ল ব্যস্ত পথ
|
https://www.newsnextone.com/print/4802
|
29237
|
মৰিয়নীঃ ৰাজ্যত বৃদ্ধি পাইছে ধৰ্ষণ, অপহৰণৰ দৰে ঘটনা৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শান্তি সম্প্ৰীতি ধ্বংস হোৱা পৰিলক্ষিত হৈছে৷ ইফালে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগত সংঘটিত হৈ থকা বিবাদেও মুৰৰ কামোৰণি তুলিছে অসমবাসী ৰাইজৰ৷ যোৱা ২১ এপ্ৰিলত নগা দুৰ্বৃত্তই অপহৰণ কৰা অসমৰ দুজন গাড়ী চালক আৰু হেণ্ডিমেনৰ মুক্তিপণ হিচাপে ২০ কোটি টকা দাবী কৰিছিল নগা দুৰ্বৃত্তই৷ কিন্তু অপহৰণ কাণ্ড সংঘটিত হোৱাৰ ১০ দিন পিছতো চালক-হেণ্ডিমেন দুগৰাকীক মুক্ত কৰি আনিবলৈ অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বৃহস্পতিবাৰে অপহৃত চালক-হেণ্ডিমেনক মুক্ত কৰি অনাৰ দাবীত মৰিয়নীত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদ কাৰ্যৰ নেতৃত্ব বহন কৰে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে বৃহস্পতিবাৰে মৰীয়নী-মোককচাং সংযোগী ঘাইপথটো অৱৰোধ কৰি অপহৃত চালক হেণ্ডিমেন দুগৰাকীক নগা দুৰ্বৃত্তৰ হাতৰ পৰা মোকলাই আনিবলৈ চৰকাৰক দাবী জনায়৷ কংগ্ৰেছৰ এই প্ৰতিবাদত আদিবাসী ছাত্ৰ সন্থাইও সহযোগ আগবঢ়াই প্ৰতিবাদী আন্দোলন তীব্ৰ কৰি তোলে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
নগা দুৰ্বৃত্তৰ হাতৰ পৰা অপহৃতক উদ্ধাৰ কৰাৰ দাবীত মৰিয়নীত বিধায়কৰ প্ৰতিবাদ
|
https://www.newsnextone.com/protest-by-congress-in-mariyani/#comments
|
29238
|
পুত্ৰৰ মুক্তিৰ দাবীত এগৰাকী আশীতীপৰ মাতৃয়ে অসুস্থ শৰীৰে ২০ ডিচেম্বৰৰ পৰা বহিছিল অনশনত।প্ৰিয়দা গগৈয়ে পুত্ৰ তথা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মৰিয়নিৰ চেলেংহাট লুসুৰাখনস্থিত বাসগৃহৰ চোতালতে অনশন আৰম্ভ কৰিছিল।মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত প্ৰিয়দা গগৈৰ অনশনে আজি তিনিদিনত ভৰি দিছে।তেওঁৰ চৰকাৰলৈ অনুৰোধ পুত্ৰ অখিল গগৈক বিনাচৰ্তে মুকলি কৰিব লাগে।অনশনত বহা প্ৰিয়দা গগৈক কালিৰে পৰা সংগ দিছে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।ইফালে অসুস্থ শৰীৰে অনশনত বহাৰ বাবে প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে।উল্লেখযোগ্য যে শনিবাৰে অৰ্থাৎ ১৪ ডিচেম্বৰত এ অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।আৰু ১৬ ডিচেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা কৃষক নেতা গৰাকীক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।১৭ ডিচেম্বৰত গুৱাহাটীত থকা ৰ আদালতত অখিলক হাজিৰ কৰোৱাৰ পিছত আদালতে ১০ দিনৰ বাবে জিম্মালৈ নেতা গৰাকীক প্ৰেৰণ কৰে
|
পুত্ৰৰ মুক্তিৰ দাবীত অনশনত বহা প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি
|
https://assam.nenow.in/hunger-strike-by-akhil-gogoi-mother-enters-day-3/
|
29239
|
ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ইকৰাতলী খনিকৰ গাঁৱত বৃহস্পতিবাৰে অৰ্ধশতাধিক পুৰুষ আৰু মহিলাই মটক সমাজৰ পৰম্পৰা আৰু ৰীতি-নীতিৰে এক ইশ্বৰ ধৰ্মত ইশ্বৰৰ ওচৰত শৰণ গ্ৰহণ কৰে।ঐতিহাসিক মায়ামৰা মদাৰখাত আৰু দিনজয় সত্ৰৰ সত্ৰাধিকাৰে ভক্তপ্ৰাণ লোকসকলক শৰণ দান কৰে।ন-শৰণীয়া সকলক গায়ন-বায়নেৰে শৰণ কাৰ্যৰ বাবে চেঁচা নদীলৈ দীঘলীয়া শাৰীৰে সহস্ৰাধিক ৰাইজে আদৰি নিয়ে।মটক সকলৰ পবিত্ৰ হিচাপে মানি অহা চেঁচা নদীত স্নান কৰি শৰণ কাৰ্যৰ বিভিন্ন নীতি-নিয়ম আৰম্ভ কৰা হয়।শৰণ কাৰ্যসূচীত মদাৰখাত সত্ৰৰ যুৱ সত্ৰাধিকাৰ বৈষ্ণবানন্দ গোস্বামী আৰু দিনজয় সত্ৰৰ মনোজ গোস্বামী, সদৌ অমস মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈৰ লগতে কেইবাখনো গাঁৱৰ নামঘৰীয়া আৰু স্থানীয় যুৱক-যুৱতী, পুৰুষ-মহিলা উপস্থিত থাকে।শৰণ লাভ কৰাৰ পাছত পুৰুষ-মহিলা সকলে সত্ৰাধিকাৰ প্ৰভূৰ আদেশ অনুসৰি প্ৰভু ভগৱন্তৰ সেৱা কৰি যায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
এক ইশ্বৰবাদৰ শৰণাপন্ন হ'ল অৰ্ধ শতাধিক পুৰুষ-মহিলা
|
https://www.newsnextone.com/dibrugarh-lahowal-matak-one-god/#comments
|
29240
|
লিডুঃ তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটা, জাগুণ আদি জনগোষ্ঠীয় অঞ্চলত ব্যাপক হাৰত ছানি ধৰিছে নিচাযুক্ত সামগ্ৰীয়ে৷ এচাম অসাধু লোকে এই নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি অহাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে৷ জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ ভিতৰুৱা গ্ৰাম্যঞ্চত মুকলিকৈ কানিৰ বৃহৎ বজাৰ গঢ়ি উঠিছে বুলি জানিবলৈ দিছে স্থানীয় সচেতন ৰাইজে।নাম প্ৰকাশত অনিচ্ছুক অঞ্চলসমূহৰ একাংশ লোকে মহকুমাটোৰ কেটেতং, ইমথেন, নংলাই, ডিৱং আদি অঞ্চলৰ লগতে লিডুৰ কলপাৰা, নামফাই, আদি জনগোষ্ঠীয় প্ৰধান অঞ্চল গাঞ্জাৰ মুক্ত প্ৰচলন হৈ থকা বুলি অভিযোগ কৰে৷ মহকুমাটোৰ একাংশ সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক এই সামগ্ৰীসমূহৰ প্ৰতি আসক্ত হোৱা বুলি উক্ত লোকসকলে সদৰী কৰিছে।একাংশ স্কুল-কলেজৰ ছাত্ৰই এই ঘাটিসমূহত কানি সেৱনৰ দৃশ্য অতি সহজলভ্য বুলি অভিযোগ উঠিছে৷ বিভিন্ন সময়ত স্থানীয় ৰাইজৰ লগতে দল-সংগঠনসমূহে বিগত সময়ত আৰক্ষীক অৱগত কৰি আহিছে যদিও আৰক্ষীয়ে দুজন মান গাঞ্জা কানি আসক্ত যুৱকক কৰায়ত্ব কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে।স্থানীয় ৰাইজে এই ক্ষেত্রত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
জনগোষ্ঠীয় এলেকাত গাঞ্জা-কানিৰ মুকলি বেহা
|
https://www.newsnextone.com/ganja-business-lidu-area/#comments
|
29241
|
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 পৰিবহন আইন উলংঘা কৰা সৰু-বৰ যান -বাহনে ভৰি পৰিল শিৱসাগৰৰ পৰিবহন কাৰ্য্যালয়ৰ চৌহদ 4 বঙাইগাঁওঃ২০মাৰ্চঃ হোলী উপলক্ষে অহা ২২ মাৰ্চত সমগ্ৰ বঙাইগাঁও জিলাতে প্ৰযোজ্য হোৱাকৈ জিলা প্ৰাশাসনে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে ৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে এক নিৰ্দেশনা যোগে উক্ত দিনা সমগ্ৰ বঙাইগাঁও জিলাতে হোলী উপলক্ষে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে।উক্ত দিনা জিলাখনত থকা ৰাজ্য চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয়, অৰ্ধ চৰকাৰী কাৰ্যালয়,ৰাজহ আদালত , সকলো শিক্ষানুষ্ঠান আৰু জিলাখনত থকা সকলো বিত্তীয় অনুষ্ঠান বন্ধ থাকিব ৷ অৱশ্যে চলি থকা পৰীক্ষা, নিৰ্বাচন সম্পৰ্কীয় কাম-কাজ বা এন আৰ চিৰ কামৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহ'ব বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ টোকাত উল্লেখ কৰা হৈছে ৷
|
বঙাইগাঁৱত হোলী উপলক্ষে ২২ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা
|
http://firstnewsreport.com/%e0%a6%ac%e0%a6%99%e0%a6%be%e0%a6%87%e0%a6%97%e0%a6%be%e0%a6%81%e0%a7%b1%e0%a6%a4-%e0%a6%b9%e0%a7%8b%e0%a6%b2%e0%a7%80-%e0%a6%89%e0%a6%aa%e0%a6%b2%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%87-%e0%a7%a8/
|
29242
|
দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ লোজোৰাৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক নৰেশ্বৰ ডেকাৰ আজি ৮৭ বছৰ বয়সত মৃত্যু ঘটে।তেখেতে ৰাজঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা কৰ্মজীৱন আৰম্ভ কৰি দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহন কৰিছিল।তেখেত শিক্ষকতাৰ উপৰিও দৰং জিলাৰ বিভিন্ন অনুস্থান প্ৰতিস্থানৰ সৈতে জড়িত হৈ আছিল।শিক্ষক নৰেশ্বৰ ডেকাৰ মৃত্যুত সমগ্ৰ দৰং জিলাত শোকৰ ছাঁ পৰিছে।শিক্ষক গৰাকীৰ শোক সন্তপ্ত পৰিয়াল বৰ্গক অঞ্চলটোৰ বিভিন্ন দল সংগঠনে সমবেদনা জনোৱাৰ লগতে তেখেতক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
কৃতী শিক্ষকৰ পৰলোকপ্ৰাপ্তি
|
https://www.newsnextone.com/teacher-died-in-darang/#comments
|
29243
|
নলবাৰীঃ নলবাৰী মহকুমা বিহু সন্মিলনীৰ পদূলিৰ পৰাই উভতিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।এই লৈ সমগ্ৰ নলবাৰীতে আৰম্ভ হৈছে ব্যাপক চৰ্চা।জানিব পৰা মতে, মন্ত্ৰীগৰাকীয়ে আজি নলবাৰী মহকুমা বিহু সন্মিলনীত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰাৰ কথা আছিল।এই অনুযায়ী তেওঁ নিশা ১০ বজাত উক্ত স্থানত উপস্থিত হয় যদিও বিহুৰ মঞ্চত ভৰি নিদিয়াকৈয়ে পুনৰ উভতি যায়।এনেদৰে যথাসময়ত উপস্থিত হৈয়ো কাৰ্য্যসূচীত অংশ গ্ৰহণ নকৰি হঠাতে প্ৰস্থান কৰাত আয়োজক কমিটিৰ লগতে তাত উপস্থিত থকা প্ৰতিগৰাকী দৰ্শক হতবাক হৈ পৰে।বিষয়টোক লৈ আয়োজক কমিটি নিৰাশ হৈ পৰাৰ লগতে দৰ্শসকলৰ মাজত এই লৈ আৰম্ভ হয় চৰ্চা।অৱশ্যে বিধায়ক অশোক শৰ্মাৰ এটি ঘোষণাৰ পিছতে সকলো স্বাভাৱিক হৈ পৰে।বিধায়ক শৰ্মাই মঞ্চত উপস্থিত হৈ ঘোষণা কৰে যে মহানগৰীৰ আমবাৰীত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ বাবেই মন্ত্ৰীগৰাকীয়ে এনেদৰে ততাতৈয়াকৈ উভতিবলগীয়া হ'ল।প্ৰকৃত কাৰণটো জানিবলৈ পোৱাৰ পিছতে আয়োজক কমিটিৰ লগতে তাত থকা প্ৰতিজন দৰ্শকেই পুনৰ বিহু উপভোগত মগ্ন হৈ পৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
জুইৰ বাবেই মঞ্চত নুঠাকৈয়ে উভতিল মন্ত্ৰী হিমন্ত
|
https://www.newsnextone.com/himanta-returns-from-nalbari-bihu-function/#comments
|
29244
|
াফ ৰিপ'ৰ্টাৰ 12 / 2018 "এটা জাতিৰ উন্নতিৰ আঁৰত থকা ব্যৱস্হাটোৱেই হৈছে শিক্ষা।এখন দেশ কিমান পৰাক্ৰমী, সেয়া নিৰ্ভৰ কৰিব সেই দেশৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত।জাতিটোৰ অগ্ৰগতিৰ মানদণ্ডও নিৰ্ভৰ কৰে শিক্ষা ব্যৱস্হাৰ ওপৰত।" -এই মন্তব্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী শৰ্মাই কয় যে সময়ৰ লগে লগে অসমৰ উচ্চ শিক্ষাৰ পৰিৱেশলৈ নতুন কেতবোৰ প্ৰত্যাহ্বান আহি পৰিছে।এই প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত অসমৰ শিক্ষা ব্যৱস্থাত আহি পৰা সমস্যা দূৰ কৰাৰ বাবে আমি বহুত কষ্ট কৰিব লাগিব।ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ আকৰ্ষণ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে আমি চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ প্ৰতিও আকৰ্ষণ বৃদ্ধি কৰিব লাগিব।মন্ত্ৰীগৰাকীয়ে কয়, ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থাৰ অগ্ৰগতিয়ে কটন মহাবিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানৰ প্ৰতিও সমস্যাৰ সৃষ্টি কৰিছে।এই সমস্যা নগাঁও মহাবিদ্যালয়ৰ বাবেও আহিব পাৰে।অসমৰ মহাবিদ্যালয়সমূহ উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছাত্র-ছাত্ৰীক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব লাগিব।শিক্ষক, অভিভাৱকসকলে এই ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলি মন্ত্ৰী শৰ্মাই কয়।মহাবিদ্যালয়খনৰ ঐতিহ্যৰ কথা উল্লেখ কৰি ড: শৰ্মাই কয়, সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা, মহিম বৰাৰ দৰে শিক্ষকে শিক্ষকতা কৰি মহাবিদ্যালয়খনৰ গৰিমা বৃদ্ধি কৰি গৈছে।নৱপ্ৰজন্মক শিক্ষাৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনাই শৰ্মাই কয়, নালন্দা, তক্ষশীলা বিশ্ববিদ্যালয়ৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত যি উচ্চ শিখৰত আৰোহণ কৰিছিল, সেই পৰিৱেশ ঘূৰাই আনিব লাগিব।নগাঁও মহাবিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাপে থিয় হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
|
জাতিৰ উন্নতিৰ আঁৰৰ মূল ব্যৱস্থাটোৱেই শিক্ষা : নগাঁৱত হিমন্ত বিশ্ব শৰ্মা
|
https://www.newsasn.com/node/785
|
29245
|
শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰৰ ৰংপুৰত ১৯৪৫ চনতে স্থাপন হোৱা সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ে এই বেলি ৭৩ বছৰত ভৰি দিলে৷ যাৰ বাবে মহাবিদ্যালয় খনে ৭২ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাইছে৷ তিনিকুৰী এঘাৰ বছৰ অতিক্ৰম কৰা সংগীত মহাবিদ্যালয় খনে ৭২ সংখ্যাক প্ৰতিষ্ঠা দিৱস এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৫ জুলাইত শিৱসাগৰ নাট্য মন্দিৰ প্ৰাংগনত পালন কৰিব৷ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলে গীত, নৃত্যৰ বাৰেৰহনীয়া অনুষ্ঠান পৰিৱেশন কৰিব বুলি মহাবিদ্যালয়ৰ অধ্যক্ষা আৰতী বৰুৱাই প্ৰকাশ কৰে।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইতিমধ্যে মহাবিদ্যালয় খনে ১১-১৬ জুলাইলৈকে ভোৰতাল আৰু সৃষ্টিশীল নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰিছে।ভোৰতাল আৰু সৃষ্টিশীল নৃত্যৰ কৰ্মশালাত অংশ লোৱা প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষক শিল্পী বেদান্ত বিকাশ দত্ত আৰু চন্দন ছাঁয়াৰোৱেও নৃত্য পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
|
https://www.newsnextone.com/birth-anniversary/#comments
|
29246
|
মৰিগাঁৱৰ পৰা জিতুমণি নাথ ক্ৰীড়াক্ষেত্রত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে ভাৰত চৰকাৰে ৰূপায়ণ কৰা 'সকলোৰে বাবে ক্ৰীড়া আচঁনি'ৰ অধীনত অহা ৩ নৱেম্বৰত মৰিগাঁও জিলা প্ৰশাসনে মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।এই উপলক্ষে মঙলবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।সভাত উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে চৰকাৰে গ্ৰহণ কৰা এই আচঁনিখনৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত ক্ৰীড়া সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা।ক্ৰীড়াই মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰে বুলি উল্লেখ কৰি আগন্তক মাৰাথান দৌৰ প্ৰতিযোগিতাত কেৱল মাৰাথান দৌৰ প্ৰতিযোগীসকলেহে যে অংশ গ্ৰহণ কৰিব,তেনে নহয়।এই প্ৰতিযোগিতাখনত বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে প্ৰতিযোগিতাখন সফল কৰি তুলিবলৈ সকলোৰে সহায়-সহযোগিতা আশা কৰে।মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,অতিৰিক্ত উপায়ুক্ত ডা:তহিদুৰ ৰহমান,অৰূপ পাঠক, মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক জয়ন্ত কুমাৰ ডেকাই অংশ গ্ৰহণ কৰা সভাখনত উপায়ুক্ত ঋতুৰাজ বৰাক সভাপতি, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক উপ- সভাপতি,জিলা ক্ৰীড়া বিষয়া চিদানন্দ দিহিঙীয়াক সদস্য সচিবৰ লগতে নিৰ্বাচন বিষয়া পল্লৱজ্যোতি দাস,বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ তিলক চন্দ্ৰ শইকীয়া,যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিণী বৰকটকী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সদস্য হিচাপে লৈ প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এখন সমিতিও গঠন কৰা হয়
|
সকলোৰে বাবে ক্ৰীড়া':মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ৩ নৱেম্বৰত মাৰাথান দৌৰ প্ৰতিযোগিতা
|
https://www.newsasn.com/index.php/node/9506
|
29247
|
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰক'লাত শনিবাৰে বিষ্ণুৰ দ্বিতীয় অৱতাৰ ৰূপী কাছ এটা একাংশ লোকে উদ্ধাৰ কৰে৷ বিলুপ্তপ্ৰায় এটা হাৰিয়া নৈত মাছ মাৰি থাকোতে মুকুন্দ বৰদলৈ নামৰ এজন স্থানীয় লোক এজনে উদ্ধাৰ কৰে কাছটো৷ লোকজনে খবৰটো স্থানীয় ৰাইজক অৱগত কৰে৷ স্থানীয় ৰাইজে নগাঁও বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি কাছটো চমজি লয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বৰক'লাৰ হাৰিয়া নৈত বিলুপ্তপ্ৰায় কাছ উদ্ধাৰ
|
https://www.newsnextone.com/turtle-recovered-at-borkola
|
29248
|
জাকাৰ্টাঃ প্লাষ্টিক পৰিৱেশৰ বাবে ভাবুকি স্বৰূপ৷ এই কথা আমি সকলোৱে জানো, কিন্তু হৃদয়ংগম নকৰোঁ৷ শ শ বছৰ পচি নোযোৱা এই প্লাষ্টিক আমি য'তে ত'তে পেলাই দিয়াৰ ফলত বিভিষিকা নামি আহিছে জৈৱ-বৈচিত্ৰলৈ৷ এনে এক ঘটনাই ভবাই তুলিছে পৰিৱেশকৰ্মীসকলক৷ ইন্দোনেছিয়াৰ কাপোটা দ্বীপৰ ৱাকাটোবি নামৰ ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে ৯.৫ মিটাৰ দৈৰ্ঘৰ এটা তিমি মাছৰ মৃতদেহ।কিন্তু মাছটোৰ পেটত যি পোৱা গৈছে, সেয়া এতিয়া পৰিৱেশবিদসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ মৃত মাছটোৰ পেটৰপৰা উদ্ধাৰ হয় প্ৰায় ৬ কেল'গ্ৰাম প্লাষ্টিক আবৰ্জনা।কাপোটা দ্বীপৰ ওচৰত উপঙি থকা মাছটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জনা হোৱা নাই যদিও ইয়াৰ পেটত উদ্ধাৰ হৈছে প্লাষ্টিকৰ বটল, বেগ, চেন্দেলৰ লগতে ১,০০০তকৈ অধিক প্লাষ্টিকৰ ৰচীৰ টিকিৰা৷ প্লাষ্টিক আবৰ্জনা ভক্ষণ কৰাৰ ফলত ইয়াৰ মৃত্যু হ'ব পাৰে সন্দেহ কৰা হৈছে।উল্লেখ্য যে, ইণ্ডোনেছিয়াকে ধৰি চীন, ফিলিপিনছ, ভিয়েটনাম আৰু থাইলেণ্ডে ইয়াৰ প্লাষ্টিক আবৰ্জনাৰ ৬০ শতাংশ সমুদ্ৰত পেলাই দিয়ে৷ এনে ভুল ব্যৱস্থাপনাৰ ফলত সামুদ্ৰিক জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
তিমিৰ পেটত প্ৰতিফলিত প্লাষ্টিকৰ ভয়াবহতা
|
https://www.newsnextone.com/jakaria-wheal-plastic/#comments
|
29249
|
খেৰণিঃ উজনি অসমৰ গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাছতেই ডিমা হাছাও, হোজাই জিলা আৰু কাৰ্বি আংলঙৰ কুঁহিয়াৰ খেতিৰ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।ইফালে উজনি অসমত বিষাক্ত সুৰাক লৈ চৰম আতংক সৃষ্টি হোৱাৰ একে সময়তে ৰাজ্যত কুঁহিয়াৰ খেতিৰ খেতিয়কৰ মাজত দুমাহ ধৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।সেৱন কৰা বিষাক্ত সুৰা লালিগুড়ৰপৰা তৈয়াৰ কৰা বুলি সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগি গুড় ব্যৱসায় বন্ধ হৈ যোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে কুঁহিয়াৰ খেতিৰ কৃষকৰ।বিশেষকৈ কাৰ্বি আংলং, ডিমা হাছাও, হোজাই আৰু নগাঁৱ আদি জিলাত হাজাৰ হাজাৰ গুড় কৃষকে উৎপাদিত গুড় বিক্ৰী কৰিব নোৱাৰাত ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে কৃষকসকলে।যাৰ পৰিপ্ৰেক্ষিতত এতিয়া কুঁহিয়াৰ খেতিয়কে ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰিব লগাত পৰিছে।কেইবা শতাধিক কুঁহিয়াৰ খেতিয়কে এক বিশাল সমদল উলিয়াই সোমবাৰে খেৰণি চাৰি আলিৰপৰা খেৰণি তিনিআলি লৈকে প্ৰায় চাৰি কিল'মিটাৰ পথ অতিক্ৰম কৰি গুড় বিক্ৰী বন্ধক লৈ প্ৰতিবাদ সাব্যস্ত কৰে।পশ্চিম কাৰ্বি আলং জিলাৰ কুঁহিয়াৰ খেতিয়ক সংস্থাৰ উদ্যোগত বাহিৰ কৰা সমদলত জয় জোৱান, জয় কিষাণ, গুড় বিক্ৰী বন্ধ বাতিল কৰক, কিষাণক আত্মহত্যাৰপৰা ৰক্ষা কৰক আদি শ্ল'গান দি বৃহত্তৰ খেৰনি অঞ্চলত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।সমদলকাৰী দলটোৱে অৱশেষত গুড় বিক্ৰীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই জিলা উপায়ুক্ত লৈ বুলি খেৰণি থানাত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
গুড় বিক্ৰী বন্ধৰ প্ৰতিবাদত কাৰ্বি আংলং, ডিমা হাছাও জিলাৰ কৃষক ওলাই আহিছে ৰাজপথলৈ
|
https://www.newsnextone.com/kherani-sugercane
|
29250
|
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আজি ২৪ মে'ত দুবছৰ সম্পূৰ্ণ কৰিব।চৰকাৰৰ এই দুবছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত চৰকাৰীভাৱে কোনো উৎসৱ উদযাপনৰ পৰিৱেশ সৃষ্টি হোৱা নাই।চৰকাৰে মাত্ৰ নিৰ্দিষ্ট কেইটামান বিভাগৰ দুবছৰীয়া কাম-কাজৰ সম্পৰ্কীয় বিজ্ঞাপন দিয়েই বিষয়টো সামৰিব খুজিছে।বিগত ২০১৬ চনৰ ২৪ মে'ত মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে শপত গ্ৰহণ কৰিছিল।শপত গ্ৰহণৰ পিছৰপৰাই চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাইজৰ আস্থা অৰ্জনৰ পথত বহু পৰিমানে সফলো হৈছিল।ইয়াৰ পিছতে জি এছ টি বলৱৎ হোৱাৰ পিছত চৰকাৰৰ বিত্তীয় অৱস্থা ভাল নহয় যদিও সামগ্ৰিকভাৱে ইতিবাচক পৰিৱেশ এটা সৃষ্টি হৈছিল।কিন্তু শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে বিধেয়ক উত্থাপন কৰি আইন সংশোধন কৰিবলৈ লোৱা কাৰ্যৰে জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে কংগ্ৰেছৰ দৰেই বিদেশী 'ভোট বেংক' সৃষ্টিত গুৰুত্ব দিয়াত অসমৰ জনসাধাৰণে চৰকাৰখনৰ প্ৰতি বিদ্ৰোহী হৈ উঠা দেখা গৈছে।বৰ্তমান এই বিষয়টোক লৈ ৰাজ্যত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে।ৰাজ্যজুৰি বিষয়টোক লৈ প্ৰতিবাদ অব্যাহত থকাত চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপনৰ উৎসাহ নোহোৱা হৈছে।সেয়েহে ৰাজ্য চৰকাৰে বৰ্ষপূৰ্তি উদযাপনৰ বাবে কোনো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা নাই।আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰৰ দুবছৰ হোৱা উপলক্ষে এখন সংবাদ মেলৰ আয়োজন কৰা হৈছে।মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া এই সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক, এপিএছচিৰ দুৰ্নীতিৰ তদন্তৰ লগতে উন্নয়নৰ দিশত চৰকাৰৰ কাৰ্যসূচীসমূহৰ বিষয়ে সোণোৱালে কেনেদৰে স্থিতি স্পষ্ট কৰে সেয়া লক্ষণীয় হ'ব
|
ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ : বৰ্ষপূৰ্তি উদযাপনৰ বাবে উৎসাহ নাই চৰকাৰৰ
|
https://assam.nenow.in/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a4%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%a6%e0%a7%b0-%e0%a6%9c%e0%a7%8b%e0%a7%b1%e0%a6%be%e0%a7%b0-%e0%a6%ac/
|
29251
|
চৰকাৰৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাৰ পাছতো দাবী তথা আপত্তি দাখিল নকৰা ৩,৮০,০০০ লোকৰ সৱিশেষ বিচাৰি উলিওৱাৰ কামত লাগিছে অসম চৰকাৰ।হিন্দুস্তান টাইমছৰ বাতৰিত এইকথা প্ৰকাশ পাইছে।যোৱা বছৰৰ ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাইছিল য'ত ৪০ লাখতকৈয়ো অধিক লোকৰ নাম বাদ পৰিছিল।ইয়াৰে ৩৬.২ লাখ লোকে তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ আবেদন পত্ৰ দাখিল কৰিছে।অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে এতিয়াও তেওঁলোকৰ দাবী দাখিল নকৰাসকলৰ তথ্য বিচাৰিছে যাতে তেওঁলোকে বিদেশী ন্যায়াধীকৰণত প্ৰসংগটো দাখিল কৰাৰ বাবে প্ৰস্তুত হ'ব পাৰে।অগ্নিহোত্ৰীয়ে উল্লেখ কৰে যে উক্ত ৩,৮০,০০০ লোকৰ সৱিশেষ বিচাৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।তেওঁ লগতে প্ৰকাশ কৰে যে অহা ৩১ জুলাইত যেতিয়া এন আৰ চিৰ চূড়ান্ত খচৰাখন প্ৰকাশ পাব (উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সীমা অনুসৰি), তেতিয়া তালিকাৰ পৰা নাম বাদ পৰা সকলে তেওঁলোকৰ নাম বিদেশী ন্যায়াধীকৰণৰ পৰা বাদ দিয়াৰ বাবে অভিযোগ দাখিল কৰাৰ এটা সুযোগ লাভ কৰিব।" যদি কোনোবাই বিদেশী ন্যায়াধীকৰণত এতিয়াও নিজৰ ফালৰ পৰা আবেদন জনোৱা নাই তেতিয়াহ'লে তেওঁলোকৰ হৈ ৰাজ্য চৰকাৰে সেয়া কৰিব,"-অগ্নিহোত্ৰীয়ে কয়।ৰাজ্য চৰকাৰে লগতে সদৰী কৰে যে ৩,৮০,০০০ লোকৰ সৱিশেষ তথ্যই তেওঁলোক ক'ত আছে তাক লক্ষ্য কৰাত আৰু তেওঁলোক সন্ধানহীন হোৱাত বাধা দিয়াত সহায় কৰিব।"এইটোৱে অৱশ্যেই সহায় কৰিব ... অন্যথা বিদেশী ঘোষিত আন বহুতৰ দৰে তেওঁলোকো অন্তৰ্ধান হৈ যাব পাৰে,"-তেওঁ আঙুলিয়াই দিয়ে
|
এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে দাবী দাখিল নকৰা লোকসকলৰ সন্ধানত অসম চৰকাৰ
|
https://assam.nenow.in/assam-govt-seeks-details-of-those-who-didnt-file-claim-for-inclusion-in-nrc/
|
29252
|
চৰাইদেউঃ যিসময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠানৰ সমীপত বৈধ অনুজ্ঞাপত্ৰ থকা মদৰ বিপণীসমূহ আঁতৰ কৰাৰ বাবে চৰকাৰ-প্ৰশাসন কঠোৰ হৈ পৰিছে সেই সময়তে চৰাইদেউ জিলাত দেখা গৈছে বিপৰীত দৃশ্য।জিলাখনৰ সোণাৰি উন্নয়নখণ্ডৰ অধীনৰ ভজো গাঁও পঞ্চায়তে ভাড়া দিয়া কোঠাত অবাধে প্ৰশাসনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি চলি আছে অবৈধ মদৰ বিপণী।ভজো গাঁও পঞ্চায়তৰ কোঠা দোকান দিয়াৰ বাবে ভাড়াত লৈ আজি প্ৰায় দুবছৰ ধৰি জনৈক খামপাই নামৰ এজন যুৱকে চলাই আছে অবৈধ মদৰ ব্যৱসায়।পঞ্চায়ত কৰ্তৃপক্ষক ব্যৱসায় বন্ধৰ দাবী জনাই আহিলেও পঞ্চায়ত কৰ্তৃপক্ষই আজিকোপতি কোনো গুৰুত্ব দিয়া নাই।ভজো গাঁও পঞ্চায়ত আৰু সোণাৰি উন্নয়ন খণ্ডক শীঘ্ৰে এই ব্যৱসায় বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ধৰ্মেন্দ্ৰ ফুকন আৰু সাধাৰণ সম্পাদক ৰাজীৱ ৰাজকোঁৱৰে৷ নগৰৰ চাৰিওদিশে অবাধে চলি থকা ধাবা, অবৈধ মদ, ভাং আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় ৰোধ কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ইতিপূৰ্বে চৰাইদেউ আৱকাৰী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰাইদেউ আবকাৰী বিভাগৰ এই অকৰ্মণ্যতাক তীব্ৰ গৰিহণা দিয়ে।পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰি নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত চলি থকা মদ, ভাং আদিৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে আৱকাৰী বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ভজো পঞ্চায়তৰ চৰকাৰী ভাড়া ঘৰত অবৈধ মদৰ বিপণী অনতিবিলম্বে বন্ধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক হস্তক্ষেপৰ দাবী জনায়।অন্যথাই যুৱ-ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সমন্তৰালকৈ নিজাববীয়াকৈ পদক্ষেপ লবলৈ বাধ্য হব বুলি স্পষ্ট কৰি দিয়ে
|
সোণাৰিত পঞ্চায়তে দিয়া ভাৰাঘৰত অবৈধ সুৰাৰ বিপণী
|
https://www.newsnextone.com/print/3999
|
29253
|
তামুলপুৰঃ শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰৰ ছাত্ৰ ভাৰতীৰ সৌজন্যত আজি শিক্ষক দিৱস পালন কৰা হয়।সেই উপলক্ষ্যে ছাত্ৰ ভাৰতীৰ অধ্যক্ষ জ্যোতিস্মিতা দাসৰ অধ্যক্ষতাত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য বাখ্যা কৰে ছাত্ৰ ভাৰতীৰ মন্ত্ৰী প্ৰেৰণা দাসে।বন্তি প্ৰজ্বলনৰে সভাখনৰ শুভাৰম্ভ কৰে নিকেতন পৰিচালনাৰ উপ সভাপতি নবীন চন্দ্ৰ কলিতাই।সুভাষিত, অম্ৰিত বচন আৰু আমাৰ লক্ষ্য পাঠ কৰে ক্ৰমে সমৰজ্যোতি ৰাজবংশী, মনশ্ৰী কলিতা আৰু ধৃতিস্মান শৰণীয়াই।নিকেনৰ প্ৰধান আচাৰ্য সুৰেন্দ্ৰ নাথ কলিতাই ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনৰ পিছতে ছাত্ৰ ভাৰতীৰ একাংশ শিল্পীয়ে পৰিবেশন কৰে সমবেত সংগীত।নিকেতনৰ ছাত্ৰী ৰাজশ্ৰী বৈশ্য আৰু ছাত্ৰ প্ৰীতম দাসে আঁত ধৰা সভাখনত বিশিষ্ট সাংস্কৃতিক কৰ্মী লেহো ৰাম বড়ো আৰু অৱসৰপ্ৰাপ্ত শিক্ষক যতীন্দ্ৰ নাথ দাসে ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত আলোকপাত কৰে।সভাত প্ৰস্তুতি বৰ্মনে কবিতা আবৃত্তি, চুলি কলিতাই আধুনিক গীত আৰু দশম শ্ৰেণীৰ একাংশ ছাত্ৰীয়ে নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।উক্ত সভাত ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা আচাৰ্য্য আৰু কৰ্মচাৰী সকলক ফুলাম গামোচা, কলম আৰু ডায়েৰীৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।ইপিনে শিক্ষক দিৱস উপলক্ষ্যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ভাৰতী আৰু আচাৰ্য্য ভাৰতীৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল খেল খনত আচাৰ্য্য ভাৰতীয়ে ছাত্ৰ ভাৰতীক দুই এক গোলত পৰভূত কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনত শিক্ষক দিৱস পালন
|
https://www.newsnextone.com/teachers-day-celeb-at-tamulpur
|
29254
|
দেৰগাঁওঃ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বাঘৰ সন্ত্ৰাস অব্যাহত আছে৷ চলিত মাহতেই নাহৰফুটুকীৰ আক্ৰমণত ৬ জনকৈ চাহ শ্ৰমিক আহত হ'বলগীয়া হৈছে।অলপতে দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নেঘেৰিটিঙ চাহ বাগিচাৰ ১২নং লাইনত বালিজানৰ পুৰণা লাইনত মতিলাল নাগবংশী আৰু বাবুলাল মাঝি নামৰ দুজন চাহ শ্ৰমিকক বাঘে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে৷ শনিবাৰে নিশা কাকডোঙাৰ নিকটৱৰ্তী কমাৰবন্ধাত চাহ বাগিচাৰ বিষ্ণ ওৰাং আৰু ভূৱন কৰ্মকাৰ নামৰ দুজন শ্ৰমিকক নাহৰফুটুকীয়ে অতৰ্কিতে আক্ৰমণ কৰে৷ ফলত দুয়োগৰাকী শ্ৰমিক আহত হয়৷ শ্ৰমিকক বাঘে আক্ৰমণ কৰা বুলি প্ৰচাৰ হোৱাৰ পিছতেই একাংশ লোক উত্তেজিত হৈ পৰে৷ হাতে হাতে লাঠি-জোং লৈ বাঘৰ সন্ধান আৰম্ভ কৰে৷ বাঘ বিচাৰি অভিযান চলোৱাৰ সময়তে বোধেশ্বৰ ওৰাং আৰু মহেন বৰা নামৰ দুজন লোকক পুনৰ বাঘে আক্ৰমণ কৰে৷ পিছত ৰাইজে চাৰিজন লোককে চিকিসালয়ত ভৰ্তি কৰে৷ উল্লেখ্য যে কুৰালগুৰিৰ কপৌচুকত গুকুৰবাৰে পুৱা এটা নাহৰফুটুকী বাঘ বন বিভাগে পিঞ্জৰাবদ্ধ কৰে৷ জিলাখনৰ বিশেষকৈ চাহ বাগিচা অধ্যুষিত এলেকাত বৰ্তমানেও বহু কেইটা বাঘৰ বিচৰণ কৰা প্ৰত্যক্ষ কৰাত ৰাইজে আতংকৰ মাজেৰে দিন পাৰ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
দেৰগাঁৱত বাঘৰ আতংক অব্যাহত, ৪ চাহ শ্ৰমিকক আক্ৰমণ
|
https://www.newsnextone.com/assam-india-loepard-attack-at-dergaon/#comments
|
29255
|
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বানৰ তাণ্ডৱ।বানপানীৰ ফলত এতিয়া লাখ লাখ লোক গৃহহীন হৈ পৰিছে।খাদ্যৰ অভাৱত এতিয়া বহু বানাক্ৰান্তই লঘোনে ভোকে দিন কটাবলগীয়া হৈছে।জিলা প্ৰশাসনে আশ্ৰয় শিবিৰ পাতি বানাক্ৰান্ত সকলক খাদ্যৰ যোগান ধৰিছে যদিও আশ্ৰয় শিৱিৰত নথকা অতি দৰিদ্ৰ বানাক্ৰান্তসকলে এতিয়াও চৰকাৰী খাদ্য পোৱা নাই।আনকি নিত্য ব্যৱহাৰ্য বহু সামগ্ৰীও পোৱা নাই বানাক্ৰান্তসকলে।যাৰ বাবে এতিয়া মানৱ দৰদী বহু ব্যক্তি তথা বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছে উক্ত বানাক্ৰান্ত সকলক সহায় কৰিবলৈ।যোগান ধৰিছে খাদ্য, দিছে মহিলা সকলৰ বাবে প্ৰয়োজনীয় চেনিটেৰী নেপকিন।বিশ্বনাথৰ হোটেল ৰয়েল পেলেচে শনিবাৰে বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰী, খেৰবাৰী আদি অঞ্চলৰ আশ্ৰয় শিৱিৰত নথকা বানাক্ৰান্তসকলক বিতৰণ কৰে খাদ্য সামগ্ৰীৰ লগতে মহিলা সকলৰ চেনিটেৰী নেপকিন।বাঘমাৰীৰ এম আৰ এ ছিনিয়ৰ মাদ্ৰাছাত হোটেল ৰয়েল পেলেচৰ স্বতাধীকাৰ জয়ন্ত বৰা নিজেই উপস্থিত থাকি বানাক্ৰান্ত সকলক ছয়াবিন, বিস্কুটৰ লগতে অতি প্ৰয়োজনীয় ডেটল, ফিনাইল, চাবোন, আঠুৱা, ব্লিচিং পাউদাৰৰ লগতে মহিলা সকলক চেনিটেৰী নেপকিন বিতৰণ কৰে।আনহাতে, এনে ধৰণৰ সামগ্ৰী লাভ কৰি আনন্দিত হৈ পৰিছে বানাক্ৰান্তসকল।চেনিটেৰী নেপকিন তথা ডেটল ফিনাইলৰ দৰে সামগ্ৰী আজিলৈকে পোৱা নাই বুলিও মন্তব্য কৰে বানাক্ৰান্তসকলে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বানাক্ৰান্তৰ মাজত বিলালে বান সাহাৰ্য,মহিলাসকলকো বিতৰণ কৰিলে চেনিটেৰী নেপকিন
|
https://www.newsnextone.com/biswanath-chariali-senitary-nepkin
|
29256
|
বালিপৰাঃ ৰাজ্যত হাতী-মানুহৰ সংঘাট নিতৌ সংঘটিত হৈ আহিছে৷ হাতী-মানুহৰ সংঘাটৰ ফলত জীৱন-সম্পত্তিৰ ব্যাপক ক্ষতি হৈ আহিছে৷ শোনিতপুৰ জিলাৰ বালিপৰা, ৰঙাপৰা অাৰু চাৰিদুৱাৰ অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত।বহু সময়ত বনৰীয়া হাতীয়ে ঘৰদুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বন্য হস্তীৰ অাক্ৰমনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগীয়াত পৰিছে৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা জাকে জাকে নামি আহে হাতীৰ জাক।তাৰ মাজতে বনৰীয়া হাতীক খাদ্য যোগান ধৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।নামেৰি বনাঞ্চলৰ গাতে লাগি থকা বালিপৰা বনাঞ্চলত থকা বনৰীয়া হাতীক ভক্ষণ কৰাৰ বাবে যোগান ধৰে কলগছ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বিধায়ক পদ্মই দিলে কল গছ
|
https://www.newsnextone.com/food-for-wild-elephant/#comments
|
29257
|
জেপিচিৰ বৈঠক সমাপ্ত ৷ # কিছুসংখ্যক সংশোধনী আহিছে, কিছুসংখ্যক সদস্যই বহুকেইটা প্ৰস্তাৱ আনিছে ৷ # হিন্দু শব্দৰ পৰিৱৰ্তে ধৰ্মীয় সংখ্যালঘু শব্দ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ ৷ # অসমক বাদ দি বিধেয়ক অনাৰ প্ৰস্তাৱ একাংশৰ ৷ # আমি সমিতিৰ সকলো সদস্যৰে সহমতত অহাটো বিচৰোঁ ৷ # সহমতত নাহিলে ভোটগ্ৰহণ কৰা হ'ব ৷ # অসম চুক্তিৰ দফা ৬ অৰ্থাৎ সাংবিধানিক ৰক্ষাকবচৰ ওপৰত আলোচনা ৷ # নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত হিমন্ত বিশ্বই কৰা মন্তব্যত ক্ষুণ্ণ বহুকেইজন জেপিচি সদস্য # টি এম চিৰ সদস্য সৌগত ৰয়ৰ অধ্যক্ষলৈ পোনপতীয়া প্ৰশ্ন- "পৰেশ বৰুৱা আলোচনাৰ মেজলৈ আহিলে হিমন্তই কেনেদৰে বাতিল কৰিব পাৰিব বিধেয়কখন ?" # "হিমন্ত বিশ্ব দেশৰ প্ৰধান মন্ত্ৰী নে ৰাষ্ট্ৰপতি ?" প্ৰশ্ন সৌগত ৰয়ৰ # মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ আভিযোগ সদস্যগৰাকীৰ # সৌগত ৰয়ক সমৰ্থন কংগ্ৰেছৰ আটাইকেইজন সদস্যৰ লগতে কেইজনমান বিজেপি সদস্যৰ # এই সম্পৰ্কত মন্তব্য জেপিচি অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ # যুটীয়া সংসদীয় সমিতিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগে বুলি সংবাদ মাধ্যমত মত ব্যক্ত কৰে ৰাজেন্দ্ৰ আগৰৱালাই # কোনো নেতাক তেনে মন্তব্য নকৰিবলৈ কঠোৰ সকীয়নি জেপিচিৰ অধ্যক্ষগৰাকীৰ
|
দিল্লীত জেপিচিৰ বৈঠক সম্পন্ন : বহুকেইটা দিশত আলোচনা
|
https://www.newsasn.com/node/3365
|
29258
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন : সমগ্ৰ ৰাজ্যৰ লগতেশিৱসাগৰটো আজি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ চৰকাৰে কৰা শোষণ, বঞ্চনা, প্ৰতাৰণা আৰু ষাড়যন্ত্ৰৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ জিলাখনৰ কেইবা শতাধিক শিক্ষকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ এই কাৰ্যসূচীৰ জড়িয়তে বিনাচর্তে ৫,৯২৪ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ, উচ্চ ন্যায়ালয়ত চৰকাৰে দিয়া পুনৰীক্ষন আবেদন প্ৰত্যাহাৰ কৰা, বেতন সহ বি, এড শিক্ষাৰ বাবে মাধ্যমিক ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিনিধি প্ৰেৰণ কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে।অৱস্থান ধৰ্মঘটৰ অন্তত প্ৰতিবাদী শিক্ষক সমাজে তেওঁলোকৰ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে শিৱসাগৰ জিলাৰ ১৭৫ খন বিদ্যালয়ৰ ৩৬৫ গৰাকী ঠিকাভিত্তিক শিক্ষক আছে যিসকল চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ আছে৷ দুয়োখন চৰকাৰেই এইসকল শিক্ষকৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত নল'লে।সমগ্ৰ অসমত বিগত চাৰি দিন ধৰি ঠিকাভিত্তিক শিক্ষকসকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু আজি প্ৰতিখন জিলাত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে।ইয়াৰ পিছতো যদি চৰকাৰে সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত নলয় তেন্তে অহা ৫ চেপ্তেম্বৰৰ শিক্ষক দিৱসৰ দিনা গুৱাহাটীত এক প্ৰতিবাদী মিচিল কৰা হ'ব য'ত ৰাজ্যৰ প্ৰতিখন জিলাৰ ৫,৯২৪ গৰাকী শিক্ষকে অংশ গ্ৰহণ কৰিব বুলি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে
|
শিৱসাগৰত সদৌ অসম মাধ্যমিক অতিৰিক্ত(ঠিকা ভিত্তিক) শিক্ষক সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
|
https://www.newsasn.com/node/8696
|
29259
|
ডিজিটেল ডেস্কঃ 'ভাৰতীয় মানুহ ভাল বস্তুৰ যোগ্য নহয়'- এইটোৱে আছিল ২২ মেৰপৰা ছ'চিয়েল মিডিয়াত চৰ্চালৈ অহা বিষয়।সেয়ে ২০০ টকীয়া হেডফোনৰ সলনি ৩০ টকীয়া হেডফোনৰ বিকল্পৰ কথা ভাবিবলগীয়া হৈছে এটা বিভাগে।দৰাচলতে মুম্বাইৰপৰা গোৱালৈ তেজাচ নামৰ এখন বিশেষ এক্সপ্ৰেছ মুকলি কৰা ইণ্ডিয়ান ৰেলৱে কেটাৰিং আৰু ট্যুৰিজিম কৰ্প'ৰেশ্যন চমুকৈ আইআৰচিটিচিয়ে ভাৰতীয়ৰ আচৰণক লৈ বিপাঙত পৰিছে।কিয়নো ৰাজহুৱা সেৱাৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয়ই বেয়া মানসিকতাৰ পৰিচয় দি তেজাচৰপৰা চুৰ কৰিছে ৩৩৭ ডালকৈ হেডফোন।দৰাচলতে যাত্ৰীক ফ্লাইটৰ লেখীয়া অভিজ্ঞতা দিওৱাৰ বাবে বিভাগটোৱে বিশেষ এক্সপ্ৰেছখনত অডিঅ'-ভিজুৱেলৰ ব্যৱস্থা কৰিছিল।প্ৰত্যেকখন আসনৰ সৈতে সংযোগ কৰা চিষ্টেমত গেমচ, চিনেমা, গান, এফএম আদিৰ সুবিধা আছে।তাৰেই হেডফোনবোৰ খুলি চুৰ কৰি নিছে যাত্ৰীয়ে।বিভাগে প্ৰকাশ কৰা মতে ৯৯০ খন আসনযুক্ত এক্সপ্ৰেছখনৰ বাবে ১০০০ ডাল হেডফোন অনা হৈছিল।তাৰে আধামানেই নাইকিয়া হৈছে।উক্ত হেডফোন কেইডাল ২০০ টকীয়া আছিল।এইবাৰ বিকল্প হিচাপে বিভাগে ৩০ টকীয়া হেডফোন ক্ৰয় কৰাৰ কথা ভাবিছে।উল্লেখ্য যে ২১ মে'ত যাত্ৰাৰম্ভ কৰা এই বিশেষ এক্সপ্ৰেছখনৰ ভালেকেইটা এলচিডিত দাগো বহুৱাইছিল যাত্ৰীয়ে।আকৌ এঠাইত আইনাও ভগা পৰিলক্ষিত হৈছিল।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
যাত্ৰীয়ে চুৰ কৰিলে ৩৩৭ ডাল হেডফোন
|
https://www.newsnextone.com/tejas-express-headphones-lifted-by-passengers/#comments
|
29260
|
লিডুঃ সহস্ৰ বিদ্ৰোহী নগা উগ্ৰবাদী সংগঠন এন এছ চি এনৰ লগতে আলফাৰ মুক্ত বিচৰণভূমি হিচাপে পৰিগনিত অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাত বৃহস্পতিবাৰৰ নিশাৰপৰা শুকুৰবাৰে পুৱালৈকে এন এছ চি এন(আই এম) গোটৰ আৰু অসম ৰাইফলছৰ মাজত হোৱা সংৰ্ঘষত তিনিজনকৈ দুধৰ্ষ সন্ত্ৰাসবাদী সদস্য নিহত হয়।নিহত হোৱা উগ্ৰপন্থীৰ সদস্য কেইজনৰ ভিতৰত দুজনৰ নাম বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও এজন এন এছ চি এন (আই এম) শিবিৰৰ কেপ্টেইন এ টাংখোল বুলি জানিব পৰা গৈছে৷ ঘটনাৰ বিৱৰণি অনুসৰি অৰুণাচলৰ লংডিঙৰ মুক্তৱা নামৰ অঞ্চলত এন এছ চি এন আই এমৰ এটা ১২/১৪ জনীয়া উগ্ৰপন্থীৰ দল আত্মগোপন কৰি থকাৰ খবৰ ১৬ নং অসম ৰাইফলছে গোপন সুত্ৰে লাভ কৰে৷ এটা বৃহৎ দলে এলেকাটোত বাঁহৰ পতাৰ তথ্য অসম ৰাইফলছৰ হাতত আহি পৰাৰ পাছতেই ১৬ নং অসম ৰাইফলছৰ এটা বৃহৎ দলে লংডিঙৰ মুক্তৱা অঞ্চলত অতৰ্কিতে অভিযান চলায়৷ অভিযানকালত দুয়োপক্ষৰ মাজত তুমুল সংৰ্ঘষৰ সৃষ্টি হয়।দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীয়া গুলী হোৱাৰ পাছত এন এছ চি এন আই এম উগ্ৰপন্থীৰ দুজনকৈ সদস্য নিহত হয়৷ ইফালে, বৰ্তমানলৈকে চলি থকা অভিযানত আজি পুৱাৰ ভাগত আই এম উগ্ৰপন্থীৰ শিবিৰৰ এজন সন্ত্ৰাসবাদী কেপ্টেইন এ টাংখোলক সেনাই গুলীয়াই হত্যা কৰে।নিহত তিনিজন উগ্ৰপন্থী সদ্যৰ ভিতৰত বাকী দুজনৰ প্ৰকৃত পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নায়৷ নিহত উগ্ৰপন্থী ৩ জনৰ পৰা সেনাই বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে ২৫,০০০ হেজাৰ টকা নগদ ধন উদ্ধাৰ কৰে৷
|
অৰুণাচলৰ লংডিঙত এন এছ চি এন (আই এমৰ)সন্ত্ৰাস, নিহত তিনিজন
|
https://www.newsnextone.com/print/17062
|
29261
|
গোৰেশ্বৰঃ যি সময়ত শিক্ষা বিভাগে ৮খনকৈ জিলাত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিছে সেই সময়তে এনে বিদ্যালয়সমূহৰ একাংশৰ জৰাজীর্ণ ৰূপে চৰকাৰী বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে।এফালে গুণোৎসৱ, আনফালে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিকে ধৰি শৈক্ষিক দুৰৱস্থাই কেনেদৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত উন্নয়ন সাধিব সেয়া গুৰুত্বপূৰ্ণ বিষয়।বাগসা জিলাৰ গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বাঘডোবা গাঁৱৰ পূব কাউৰবাহা এম ই বিদ্যালয়খনৰ গৃহৰ জৰাজীর্ণ অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠগ্ৰহণত ষথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।১৯৭৮ চনতে চৰকাৰী হোৱা মধ্য ইংৰাজী বিদ্যালয়খনৰ বিদ্যালয়গৃহ আজিকোপতি চৰকাৰে নিৰ্মাণ নকৰোৱাৰ ফলত এতিয়া এজাক বৰষুণ দিলেই শ্ৰেণীসমূহ বাতিল কৰিবলগীয়া পৰিস্থিততিৰ সৃষ্টি হয়।প্ৰায় ৯০জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে কয় যে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো বিভাগীয়ভাৱে বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ বাবে নিৰ্দিষ্ট ধনৰ আবন্টন দিয়া হোৱা নাই।ফলত বিদ্যালয় গৃহটো জহিখহি যোৱাৰ উপৰি পাঠগ্ৰহণ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।চৰকাৰে আন্তঃগাঁথনিকে ধৰি সামগ্ৰিক দিশৰ প্ৰতি গুৰুত্ব নিদি কেৱল গুণোৎসৱৰ জৰিয়তে কেনেকৈ চৰকাৰী বিদ্যালয়ৰ উন্নয়ন সাধন কৰিব সেয়া সচেতন ৰাইজৰ বাবে অবুজ সাঁথৰ হৈ পৰিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বৰষুণ আহিলেই বন্ধ হয় গোৰেশ্বৰৰ চৰকাৰী বিদ্যালয়
|
https://www.newsnextone.com/poor-condition-govt-school-at-goreswar
|
29262
|
জালাহঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰাত গঞা ৰাইজ আতংকিত হৈ পৰিছে।বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত জিলাখনৰ বাটাবাৰী বনাঞ্চলৰপৰা নামি অহা অৰ্ধশতাধিক হাতীৰ এটা জাকে জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত টেকেলীভাঙাৰ দ'ল সিং ৰাজগোড়ৰ চৌহদত প্ৰথমে প্ৰৱেশ কৰি আটাইকেইটা বাস গৃহ ভাঙি পেলায়।পাছত হাতীৰ জাকটোৱে গাঁওখনৰ আঠটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায়।পৰিয়ালকেইটাৰ সদস্যসকলে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।ইতিমধ্যে হাতীৰ জাকটো খেদি পঠোৱাৰ বাবে বন বিভাগে উদ্যোগ লৈছে যদিও স্থানীয় ৰাইজৰ মাজত শংকা দূৰ হোৱা নাই।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বাক্সাত বন্যহস্তীৰ তাণ্ডব... কথমপি প্ৰাণৰক্ষা আঠটাকৈ পৰিয়ালৰ
|
https://www.newsnextone.com/jalah-elephant-8-destroyed1/#comments
|
29263
|
ধর্মৰ ভিত্তিত নহয়, অসম চুক্তিৰ আধাৰত অসমৰ পৰা অবৈধ বিদেশী বহিষ্কাৰ কৰক৷ আজি নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰে অগপই৷ আঞ্চলিক দলটোৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা প্রতিনিধিৰ দলটোৱে অসম চুক্তিৰ সকলো দফা সফল ৰূপায়ণ কৰাৰ লগতে ৰাজ্যৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰাৰ বাবেও দাবী তোলে৷ কেন্দ্রীয় গৃহ মন্ত্রীজনৰ বাসভৱনত অনুষ্ঠিত বৈঠকৰ অন্তত অগপৰ সভাপতি অতুল বৰাই সাংবাদিকৰ আগত কয় যে অসম চুক্তি স্বাক্ষৰ হোৱাৰ ৩২ বছৰ পাৰ হৈ গ'ল৷ কিন্তু আজিলৈকে অসম চুক্তিৰ সকলো দফাৰ সফল ৰূপায়ণ নহ'ল৷ বিশেষকৈ বাংলাদেশ সীমান্ত আজিলৈকে ছীল নহ'ল, একেদৰে খিলঞ্জীয়াক দিবলগীয়া সাংবিধানিক ৰক্ষাকৱচো আজিলৈকে প্রদান কৰা নহ'ল৷ অসম চুক্তি ৰূপায়ণৰ সন্দর্ভত আজিৰ বৈঠকত বিতংভাৱে আলোচনা কৰাৰ কথা প্রকাশ কৰি বৰাই স্পষ্টভাৱে জনায় যে যিমান পাৰি সিমান সোনকালে বাংলাদেশ সীমান্ত ছীল কৰাৰ লগতে ৰাজ্যৰ খিলঞ্জীয়াসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে শীঘ্রে সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰাৰো দাবী জনোৱা হয়৷ আনহাতে, ধর্মৰ ভিত্তিত নহয়, অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ দাবী তুলি বৰাই লগতে কয় যে ১৯৭১ চনৰ ২৫ মার্চৰ পাছত অহা এজনো বিদেশীক গ্রহণ কৰা নহ'ব৷ আজি এই কথা কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রীজনক স্পষ্টভাৱে জনোৱা বুলি বৰাই লগতে কয়৷ একেদৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে কেন্দ্রীয় চৰকাৰে সংসদত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন প্রত্যাহাৰ কৰিবলৈ অগপই দাবী তোলাৰ কথাও ব্যক্ত কৰে বৰাই৷ তেওঁ কয়, নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ লগতে অসমত থকা অবৈধ বাংলাদেশী লোকসকলক যাতে বাংলাদেশ চৰকাৰে গ্রহণ কৰে তাৰ বাবে কেন্দ্রীয় চৰকাৰে চুবুৰীয়া ৰাষ্ট্রখনৰ সৈতেও কথা পাতিব লাগে৷ ইফালে, চলিত বছৰত অসমত হোৱা প্রলয়ংকৰী বানত ৩৮২৮ লাখ হেক্টৰ কৃষিভূমিৰ ক্ষতি হোৱাৰ কথা উল্লেখ কৰি অগপৰ প্রতিনিধি দলটোৱে ৰাজ্যৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰাৰ বাবেও দাবী তোলে৷ আজি কেন্দ্রীয় গৃহ মন্ত্রীজনক দেখা কৰিবলৈ যোৱা প্রতিনিধি দলটোত দলৰ সভাপতি অতুল বৰাৰ লগতে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, ৰমেন্দ্র নাৰায়ণ কলিতা, কমলা কলিতা, ফণীভূষণ চৌধুৰী , বৃন্দাবন গোস্বামী, নুৰুল হুছেইন আদিয়ে অংশগ্রহণ কৰে৷
|
অসম চুক্তিৰ আধাৰত বিদেশীক বহিষ্কাৰ কৰিব লাগিব
|
https://janambhumi.in/VFZSTmVrOUVXVDA9/en/VFZSTmVrOUVXVDA9/%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A6%9A%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%86%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A4--%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%80%E0%A6%95-%E0%A6%AC%E0%A6%B9%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AC-%E0%A6%B2%E0%A6%BE%E0%A6%97%E0%A6%BF%E0%A6%AC.html.html
|
29264
|
শান্তি, উন্নয়ন আৰু পাৰস্পৰিক ভাতৃত্ববোধ' ৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত ত্ৰিপুৰাত অষ্টম বাৰৰ বাবে চি পি আই(এম)য়ে চৰকাৰ গঠন কৰিব বুলি শণিবাৰে দাবী কৰে বাওঁপন্থী নেতা মানিক সৰকাৰে।বৰ্ষীয়ান চি পি আই(এম) নেতাজনে শান্তিপ্ৰিয় ত্ৰিপুৰাবাসীক আগন্তুক নিৰ্বাচন ত সকলো সাম্প্ৰদায়িক আৰু বিভাজনকাৰী শক্তিক পৰাভূত কৰিবলৈ আহ্বান জনায়।আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পাঁচবাৰৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰে শণিবাৰে খায়াৰপুৰত এখন নিৰ্বাচনী জনসভাত অংশ লৈ কয় যে ভাৰতীয় জনতা পাৰ্টী আৰু ইণ্ডিজিনিয়াছ পিপল'ছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা(আই পি এফ টি)য়ে কৰা প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ ফলত ৰাজ্যখনৰ শান্তি শংখলাত বেয়াকৈ প্ৰভাৱ পৰিব, তাৰ উপৰি ৰাজ্যখনৰ জনজাতি আৰু অজনজাতীয় লোকৰ মাজত থকা ভাতৃত্ববোধৰ ক্ষেত্ৰতো যথেষ্ট অস্থিৰতা দেখা যাব।'বিজেপি আৰু আৰ এছ এছৰ দৰে সাম্প্ৰদায়িক দলে বিভাজনকাৰী শক্তি আইপিএফটিৰ সহায় লৈ চলো পাল্টাই শ্লোগানেৰে ৰাজ্যখনত বাওঁপন্থী চৰকাৰখনক আঁতৰাই তেওঁলোকে শাসনৰ গাদী দখল কৰাৰ অপচেষ্টা চলাই আছে।কিন্তু শান্তিপ্ৰিয় ত্ৰিপুৰাবাসীয়ে এনেধৰণৰ অপশক্তিক পৰাজয় কৰি পৰম্পৰাগত শান্তি-শৃংখলা অটুট ৰাখাৰ স্বাৰ্থত পুনৰবাৰ চি পি আই(এম)কে শাসনৰ গাদীত বহুৱাব' ৰাইজক উদ্দেশ্যি এনেদৰে কয় মানিক সৰকাৰে।তেওঁ উক্ত জনসভাতে আইপিএফটিক উভটি ধৰি কয় যে আইপিএফটিৰ দলীয় কৰ্মকৰ্তাই ৰাজ্যখনত বহুটো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ উপৰি বহুতো নিৰিহ লোকৰ প্ৰাণ কাঢ়ি নিছে একমাত্ৰ পৃথক ৰাজ্যৰ নামত।বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰা সকলো প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু দিনক দিনে দেশৰ অৰ্থনীতি ব্যৱস্থা বেয়াৰ ফালে ঢাল খাইছে বুলিও সৰকাৰে অভিযোগ উত্থাপন কৰে।ইয়াৰ উপৰি মুখ্য মন্ত্ৰীজনে তেওঁলোকৰ চৰকাৰে কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ কথা কোৱাৰ উপৰি চৰকাৰে সম্পূৰ্ণ ৰূপে ৰাইজৰ হৈ কাম কৰা বুলি কয়।আনহাতে সৰকাৰে কয়, 'স্বাস্থ্য খণ্ডত ভাল ফলাফল আগবঢ়োৱাৰ ক্ষেত্ৰত দেশৰ পাঁছখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰতে ত্ৰিপুৰাৰ নামো সন্নিৱিষ্ট আছে
|
শান্তি উন্নয়ন আৰু পাৰস্পৰিক ভাতৃত্ববোধ' ৰক্ষাৰ স্বাৰ্থত গঠন কৰিব চৰকাৰ: সৰকাৰ
|
https://assam.nenow.in/%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a6%bf-%e0%a6%89%e0%a6%a8%e0%a7%8d%e0%a6%a8%e0%a7%9f%e0%a6%a8-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%aa%e0%a6%be%e0%a7%b0%e0%a6%b8%e0%a7%8d/
|
29265
|
শিমলুগুৰিঃ অসম নাগালেণ্ড সীমান্তৰ নাজিৰা মহকুমাৰ অন্তৰ্গত ঐতিহাসিক বিহুবৰ উগুৰিজান চাহ বাগিছাৰ চাহ গছ নগা দুৰ্বৃত্তই কাটি নিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে সীমান্তৰ জনসাধৰণৰ জীৱন আৰু সম্পত্তীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়৷ আনহাতে শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি শৰ্মা আৰু সাধাৰণ সম্পাদক মিৰ্জা আলিয়ে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতিক এখন স্মাৰক প্ৰদান কৰি নগাই দখল কৰা চাহ বাগিছা শীঘ্ৰে বেদখল মুক্ত কৰাৰ দাবী জনায়৷ অন্যথাই শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে।ঐতিহাসিক বিহুবৰ উগুৰিজান চাহ বাগিচাৰ চাহ গছ নগা দুবৃত্তই কাটি উক্ত অঞ্চলসমূহ দখল কৰাৰ লগতে সীমান্ত অঞ্চলত বসবাস কৰা অসমীয়া লোকসকলৰ জীৱন সম্পত্তিৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰা অহা বুলি সংগঠনটোই কয়।স্থানীয় পুলিচ প্ৰশাসন অসমীয়া লোকক সুৰক্ষাত দিয়াত বিফল হোৱা বুলিও অভিযোগ কৰে শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
সীমান্তৰ লোকক সুৰক্ষা দিয়াত বিফল আৰক্ষী
|
https://www.newsnextone.com/police-fail/#comments
|
29266
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 সৰুপথাৰৰ পৰা নবীন বৰা ধনশিৰী মহকুমাৰ বৰপথাৰ আৰক্ষীয়ে বৰপথাৰৰ এজন ব্যৱসায়ীৰ পৰা ভুৱা পৰিচয়েৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গুৱাহাটীৰ পৰা এজন স্বয়ম্ভু চাৰ্টাৰ্ড একাউণ্টেন্টক গ্ৰেপ্তাৰ কৰাৰ বাতৰিত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।উত্থাপিত অভিযোগ অনুসৰি বৰপথাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ আয়কৰ সম্পৰ্কীয় সকলো নথিপত্ৰ তথা কাম-কাজ যোৱা প্ৰায় তিনিবছৰৰো অধিক কাল গুৱাহাটীৰ আমবাৰীৰ বুলি তথা নিজকে চাৰ্টাৰ্ড একাউণ্টেন্ট হিচাপে পৰিচয় দিয়া সন্দীপ খ'খৰীয়া নামৰ এজন লোকে চোৱাচিতা কৰি আহিছিল।কিছুদিন পূৰ্বে আয়কৰ বিভাগৰ লোকে ব্যৱসায়ীজনৰ ঘৰত তালাচী চলোৱাত চাৰ্টাৰ্ড একাউন্টেন্টজনৰ ওপৰত ব্যৱসায়ীজনৰ সন্দেহ ওপজাত বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ব্যৱসায়ীজনে সমগ্ৰ ঘটনাটো পোহৰলৈ আনে বুলি প্ৰকাশ।অভিযোগ অনুসৰি প্ৰাৰম্ভিক অনুসন্ধান মতে ৭০ লাখ ১৫ হাজাৰ ১৩০ টকাৰ ভুৱা চালান বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে।আয়কৰ প্ৰদানৰ নামত ব্যৱসায়ীজনক ভুৱা চালান প্ৰদান কৰি স্বয়ম্ভু চিএজনে তেৰ কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতাৰিত ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত শনিবাৰে বৰপথাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা স্বয়ম্ভু চিএগৰাকীক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে।ইফালে,আৰক্ষীৰ জেৰাত অভিযুক্ত সন্দীপে নিজকে টেক্স কনচাল্টেন্ট বুলিহে পৰিচয় দিয়া বুলি প্ৰকাশ।প্ৰদীপ বৰবৰাৰ দৰে ৰাজ্যখনৰ আন ব্যৱসায়ীও অভিযুক্ত সন্দীপ খ'খৰীয়াৰ জালত পৰাৰ সম্ভাৱনা থকা বুলি বিভিন্ন মহলে আশংকা প্ৰকাশ কৰি সমগ্ৰ বিষয়টোৰ শক্তিশালী তদন্ত বিচাৰিছে
|
বৰপথাৰ আৰক্ষী জালত স্বয়ম্ভু চাৰ্টাৰ্ড একাউণ্টেন্ট:ব্যৱসায়ীৰ পৰা ১৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ
|
https://www.newsasn.com/node/7701
|
29267
|
চতিয়াঃ ৰাজ্যত সময়ে সময়ে হাতীৰ মৃত্যু গড় হত্যা কাণ্ড সংঘটিত হৈ অহাৰ সময়তে বুধবাৰে বন বিভাগৰ অভিযানত ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিশ্বনাথ জিলাৰ চতিয়াত৷ জানিব পৰা মতে, বিশ্বনাথ জিলাৰ নৰ্ডাণ ৰেঞ্জৰ জামুগুৰিহাটত গোপন খৱৰৰ ভিত্তিত বন বিভাগৰ এটি দলে অভিযান চলাই৷ অভিযান কালত পাঁচিগাঁও মহমৰা গাঁৱৰ জ্ঞান দাস নামৰ লোকজনৰ পুখুৰীৰ পৰা এটি থ্ৰী নট থ্ৰী ৰাইফল আৰু এটা চাইলেঞ্চাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নৰ্ডাণ ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰাৰ নেতৃত্বত চলা অভিযানত জ্ঞান দাস নামৰ লোকজনৰ পুখুৰীৰ পৰা ৰাইফলটো উদ্ধাৰ হয়৷ ৰাইফলটো চোৰাং চিকাৰীৰ বুলি সন্দেহ কৰা হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
চতিয়াত বন বিভাগে পুখুৰীৰ পৰা উদ্ধাৰ কৰিলে ৰাইফল
|
https://www.newsnextone.com/rifles-recovered-at-satia-assam-ind/#comments
|
29268
|
জনমভূমি 'ভগৱানক উপাসনা কৰিবলৈ পৱিত্র অন্তৰ আত্মাৰ প্রয়োজন৷ তেতিয়া সহজতে ভগৱানৰ অস্তিত্ব বিচাৰি পোৱাৰ লগতে উপাসনা কৰোতাই সঠিক পথৰ সন্ধান লাভ কৰে৷ ভগৱন্তই সকলো জীৱকে সমান দৃষ্টিৰে চোৱাৰ দৰে মানুহেও সকলো জীৱৰ প্রতি সমদৃষ্টি দিব লাগে৷ আত্মা আৰু পৰমাত্মাৰ মিলনৰ মাধ্যম ৰাসলীলা মহোৎসৱেই কৃষ্ণ উপাসনাৰ সঠিক ঠাই৷' আজি চাৰিং ৰাসমহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্রত প্রায় ৯লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰি উলিওৱা এটি সোণালী জয়ন্তীৰ স্মৃতি ভৱনৰ উদ্বোধন কৰি যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে এইদৰে কয়৷ চাৰিং ৰাসমহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্রৰ সোণালী জয়ন্তী উৎসৱৰ ৰাহি ধনেৰে নির্মাণ কৰা স্মৃতি ভৱন উদ্বোধন কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে সাংসদ পুঁজিৰ ৫ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে৷ এই উপলক্ষে চাৰিং ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্র প্রাংগণত সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ঋষেশ্বৰ বুঢ়াগোহঁাইৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই চাৰিং ৰাস মহোৎসৱ উদযাপন সমিতিৰ এনে উন্নয়নমূলক কার্যক প্রশংসা কৰি এনেধৰণৰ উৎসৱ পার্বণৰ ৰাহি ধনেৰে ৰাইজৰ কামত অহাকৈ মহৎ কার্য সম্পাদন কৰিবলৈ সকলো পক্ষকে অনুৰোধ জনায়৷ সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক প্রাঞ্জল কাকতীয়ে আঁত ধৰা অনুষ্ঠানটোত আন এজন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিৱসাগৰ জিলা পৰিষদৰ উপ সভানেত্রী ৰেখা কলিতাই জিলা পৰিষদৰ পুঁজিৰ পৰা দুই লাখ টকাৰ অনুদান ঘোষণা কৰে৷ অনুষ্ঠানতে স্মৃতিভৱন নির্মাণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱা ৩৪গৰাকী ব্যক্তিক সম্বর্ধনা জনোৱা সভাখনত আমগুৰি ৰাজহ চক্র বিষয়া ভাস্কৰজ্যোতি তালুকদাৰ, দিহানামৰ শিল্পী কমলা গগৈকে ধৰি চাৰিং ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি পদ্ম নাথ, প্রতিষ্ঠাপক সম্পাদক প্রতাপ চন্দ্র কাকতী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷
|
চাৰিং ৰাস মহোৎসৱৰ সোণালী জয়ন্তী স্মৃতি ভৱন উদ্বোধন
|
https://janambhumi.in/VFhwak1FMXFTVDA9/en/VFhwak1FMXFTVDA9/%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%82-%E0%A7%B0%E0%A6%BE%E0%A6%B8-%E0%A6%AE%E0%A6%B9%E0%A7%8B%E0%A7%8E%E0%A6%B8%E0%A7%B1%E0%A7%B0-%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%BF-%E0%A6%AD%E0%A7%B1%E0%A6%A8-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%8B%E0%A6%A7%E0%A6%A8.html.html
|
29269
|
ডিজিটেল ডেস্কঃ পুনৰ সংঘৰ্ষ বিৰত চুক্তি উলংঘন কৰি পাক সেনাই গুলী বৰ্ষণ কৰাত এগৰাকী বিষয়া সহ ৪ গৰাকী বিএছএফ জোৱান শ্বহীদ হয়৷ জম্মু কাশ্মীৰৰ চাম্বাত কেইবা ঘণ্টা ধৰি চলোৱা পাক সেনাৰ গুলীত শ্বহীদ হয় ৪ বিএছএফ জোৱান৷ ইয়াৰে মাজত এজন বিষয়াও আছে৷ বিএছএফৰ জম্মু ফ্ৰণ্টিয়াৰৰ আইজি ৰাম আবতাৰে জানিবলৈ দিয়া মতে, মঙলবাৰে নিশাৰে পৰা ৰামগড় চেক্টৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰিছে পাকিস্তানৰ সেনাই৷ এগৰাকী অতিৰিক্ত কমাণ্ডাৰ সহ ৪ গৰাকী জোৱানৰ প্ৰাণ গৈছে৷ আহত হৈছে ৩ জোৱান৷ পাক ৰেঞ্জাৰ্চে বিএছএফৰ সৈতে সংঘৰ্ষ বিৰত চুক্তি উলংঘন কৰি গুলীচলান কৰে৷ মঙলবাৰে নিশা ১০ বাজি ৩০ মিনিটৰ পৰা সীমান্তৰ ৰামগড় চামলিয়ালস্থিত বিএছএফৰ সীমান্ত চকীক লক্ষ্য কৰে গুলীচালনা কৰে৷ বিএছএফেও প্ৰত্যুত্তৰ দিয়ে পাক সেনাক৷ চলিত মাহতে দ্বিতীয়বাৰ চুক্তি উলংঘন কৰিলে পাকিস্তান সেনাই৷ এটি টুইট কৰি জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান এছ পি বৈদে ঘটনাৰ দুখ প্ৰকাশ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
চাম্বাত পাক সেনাৰ ধাৰাষাৰ গুলীবৰ্ষণ, কমাণ্ডাৰ সহ ৪ বিএছএফ জোৱান শ্বহীদ
|
https://www.newsnextone.com/ceasefire-violation-by-Pakistan-in-Chambliyal-sector-of-Samba/#comments
|
29270
|
কেব' ৰ বিৰোধিতাৰ বাবে কাইলৈ কৃষক মুক্তিৰ সৈতে গুৱাহাটীত জোঁৰ সমদলত অংশ গ্ৰহণ কৰিব এএছ ডিচিয়ে ডিফুঃ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কেতবোৰ দূৰ্নীতিৰ অভিযোগলৈ সৰৱ হৈ পৰিছে পাহাৰীয়া জিলাখনৰ অন্যতম বিৰোধী ৰাজনৈতিক দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচি ৷ এইলৈ আঞ্চলিক দল এ এছ ডি চিয়ে আজি এক সংবাদ মেল সম্বোধন কৰি কয় যে তুলিৰাম ৰংহাং নেতৃত্বতাধীন কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰ্বতসম দুৰ্নীতিৰ তদন্ত কৰাব ৰাজ্যপালে ৷ দলটোৰ সভাপতি হলিৰাম তেৰাং , কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত তেৰাং , সাধাৰণ সম্পাদক জৎছন বে , হেমছিং তিছ , ছনাছিং টেৰণ আৰু সঞ্জয় কিলিং উপস্থিত থকা সংবাদ মেলত সভাপতি তেৰাঙে ৩ ডিছেম্বৰত তেওঁলোকে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক লগ ধৰাৰ বিষয়ে অৱগত কৰে ৷ দলটোৰ নেতৃত্বই ৰাজ্যপাল গৰাকীক লগ ধৰি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি তথ্য সহকাৰে দাখিল কৰে ৷ জলসিঞ্চন বিভাগত কোনো কাম নকৰাকৈ ৭১ খন আচঁনিৰ ৫১৪৯:০২ লাখ টকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৮৫৪:৬৪ লাখ টকা আত্মসাত কৰাৰ তথ্য দাখিল কৰে ৷ ৰাজ্যপাল গৰাকীয়ে এই তথ্যৰ ভিত্তিত এক তদন্ত দিব বুলি এ এছ ডি চি আশাবাদী বুলি কয় সভাপতি হলিৰাম তেৰাঙে ৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনলৈ পৰিৱৰ্তন হলে বাংলাদেশীয়ে বহু পৰিত্যক্ত ভূমি থকা কাৰবি আংলঙত সহজতে থিতাপি লোৱাৰ সুবিধা কৰি লব বুলি কয়৷ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা 'কেব'ৰ নৱ সংশোধিত বিল খনত কি আছে এএছডিচিয়ে নাজানে বুলি কয় সেয়ে এই ক্ষেত্ৰত চৰকাৰে ষষ্ঠ অনুসূচীত এলেকাত এই বিধেয়খনৰ প্ৰভাৱ নপৰে বুলি কথাত এএছডিচি আশ্বস্ত হব পৰা নাই বুলি কয় নেতা হলিৰাম তেৰাঙে ৷ আনহাতে কাইলৈ গুৱাহাটীৰ দীঘলী পুথুৰীপাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদলতো এএছডিচিৰ সমৰ্থক সকলে অংশ গ্ৰহণ কৰিব বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ৷
|
কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ দূৰ্নীতিৰ অভিযোগ তুলি ৰাজ্যপালক স্মাৰক পত্ৰ এএছডিচিৰঃ
|
https://assamtimespost.com/?p=10361
|
29271
|
মাৰ্ঘেৰিটাঃ বনৰীয়া হাতীয়ে ৰাজ্যৰ বহু পৰিয়ালক গৃহহাৰা কৰাৰ সময়তে শনিবাৰে নিশা তিনিচুকীয়া জিলাত কেইবাটাও পৰিয়ালক গৃহহাৰা কৰে হাতীৰ জাকে৷ জানিব পৰা মতে, খাদ্যৰ সন্ধানত প্ৰায়ে পাহাৰৰ নামি অহা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই যদিও বন বিভাগে হাতীৰ জাক খেদিবলৈ কিঞ্চিত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ যোৱা কিছুদিন ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ সময়তে জিলা খনৰ অসম-অৰুণাচল সীমান্তৰ ৪নং জাগুন-ৱাগুনত নিশা এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি পেলাই৷ ৪নং জাগুনৰ কেইবাটাও পৰিয়াল গৃহহাৰা হ'ব লগা হয়৷ আনহাতে, পৰিয়াল সমূহে হাতীৰ আক্ৰমণৰ পৰা নিজকে বুদ্ধিৰে ৰক্ষা কৰে৷ সাতঁটাকৈ পৰিয়ালৰ সদস্যই কথমপি প্ৰাণ ৰক্ষা পৰে যদিও এগৰাকী লোক হাতীৰ আক্ৰমণত আহত হয়৷ ইতিমধ্য গৃহহীন পৰিয়াল সমূহে হাতীৰ আক্ৰমণৰ পৰা জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ যোৱা বুলি জানিব পৰা গৈছে৷ সুখৰাম মাহলি নামৰ লোকজনে হাতীৰ আক্ৰমণত আহত হৈ জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে বুলি জানিব পৰা গৈছে৷ বন বিভাগৰ গাফিলতিৰ বাবে প্ৰায়ে অঞ্চলটোত এনে কাণ্ড সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
জাগুনৰ গৃহহাৰাৰ আৰ্তনাদ শুনিব কোনে
|
https://www.newsnextone.com/wild-elephant-vs-man-conflict-jagun
|
29272
|
মুখ্য মন্ত্ৰীৰ পিছতে এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই হত্যা কৰাৰ ভাবুকি এজন যুৱকৰ।যুৱকজনে ফেচবুকৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰিছে।ফেচবুকৰ জৰিয়তে অহা ১০ দিনৰ ভিতৰত গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা যুৱকজনক ৰাজীৱ হাণ্টাৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।যুৱকজনে ফেচবুকৰ জৰিয়তে মন্ত্ৰী হিমন্তক হত্যাৰ ভাবুকি দিয়াৰ লগতে মন্ত্ৰী গৰাকীক বিভিন্ন অশ্লীল ভাষাৰে গালি- গালাজো পাৰে।অৱশ্যে ছচিয়েল মিডিয়াত এই প'ষ্টটো ভাইৰেল হৈ পৰাত যুৱকজনে নিজৰ ফেচবুকৰ পৰা এই প'ষ্টটো আঁতৰাই দিয়ে।আনহাতে এই ফেচবুক পোষ্টক কেন্দ্ৰ কৰি দিচপুৰ থানাত নিশা এজাহাৰ দাখিল কৰিছে হিৰণ্য পাঠৰী নামৰ এজন বিজেপি কাৰ্যকৰ্তাই।পাঠৰীয়ে ৰাজীৱ হাণ্টাৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়
|
মন্ত্ৰী হিমন্তক গুলীয়াই হত্যা কৰাৰ ভাবুকি; হিৰণ্য পাঠৰীৰ থানাত এজাহাৰ দাখিল
|
https://assam.nenow.in/social-media-user-threatens-minister-himanta-biswa-sarma/
|
29273
|
প্ৰতীক ফটো নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰো চৌপাশ আৱৰি ৰাখিছে ৰঙালীৰ ৰঙীন আনন্দই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়েও যেন ম্লান কৰিব পৰা নাই বিহুৰ আনন্দ-উছাহ৷ বিগত তিনিটা দিনৰ দৰে আজিও নগাঁওবাসীৰ মাজত অব্যাহত আছে ৰঙালীৰ পাৰভগা উছাহ৷ বিহু উপলক্ষ্যে জিলাখনৰ গ্ৰামাঞ্চলবোৰৰ প্ৰতিটো চুকে-কোণে খেল-ধেমালিৰ ধুম উঠা পৰিলক্ষিত হৈছে৷ দুই-তিনিখন গাঁও লগ হৈ এডোখৰ মুকলি ঠাইত অনুষ্ঠিত কৰা এনে প্ৰতিযোগিতাত কণ কণ শিশুৰ পৰা ডেকা-বুঢ়া পৰ্যন্ত লোকে আনন্দ-স্ফুৰ্তিৰে অংশগ্ৰহণ কৰা দেখা গৈছে।আনহাতে, বিয়লি ভাগৰ পৰা প্ৰতিখন গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতীসকল লগ হৈ পৰম্পৰা অনুসৰি ঘৰে ঘৰে হুঁচৰি গাই এক সুকীয়া মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে৷ কিন্তু এনে এক পৰিৱেশৰ মাজতে আজি জিলাখনৰ অধিকাংশ বিদ্যালয়ত পাঠদান কাৰ্য ব্যাহত হয় শিক্ষাৰ্থীৰ অভাৱত৷ জানিব পৰা মতে, জিলাখনৰ গ্ৰামাঞ্চলত থকা বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানবোৰত একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই পাঠদান কাৰ্যত ব্যাঘাত জন্মে৷ বহু সময় অপেক্ষা কৰাৰ পিছতো পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী উপস্থিত নোহোৱাত উপায়ন্তৰ হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় আধাতে ছুটী দিবলৈ বাধ্য হয়৷ উল্লেখ্য যে, বিদ্যালয়সমূহত আজি আশ্চৰ্যজনকভাবে ৩-৮ গৰাকীমানহে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
নগাঁৱত বিহুৰ উছাহ, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতি
|
https://www.newsnextone.com/rongali-celebration-pulses-of-nagaon-people
|
29274
|
কোকৰাঝাৰঃ বিটিচিৰ বিধান পৰিষদীয় ভৱনত আজিৰে পৰা পুনৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ বিশেষ পৰিষদীয় অধিৱেশন ৷ উল্লেখ্য যে যোৱা ২৯ আৰু ৩০ আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিটিচিৰ গ্ৰীষ্মকালীন অধিৱেশনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ শিক্ষা বিধেয়ক ২০১৭" ক লৈ বহু বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু বিধেয়কখন আলোচনা মৰ্মে সংশোধনী ৰূপত পুনৰ সদনত উপস্থাপন কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।সেইমৰ্মে ৰাজ্যপালৰ অনুমোদন ক্ৰমে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিটিচিৰ বিশেষ অধিবেশনখনৰ প্ৰথম দিনা ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত বিটিচিৰ শিক্ষা বিভাগৰ দায়িত্বত থকা উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে বিটিচিৰ শিক্ষা বিধেয়ক ২০১৭ সংশোধন ঘটাই পুনৰ সদনৰ মজিয়াত উত্থাপন কৰে৷ বিৰোধী গোটৰ দলপতি তথা পৰিষদীয় সদস্য ৰনগৌড়া নাৰ্জাৰীয়ে বিটিএডি অঞ্চল যিহেতু শিক্ষাত বহু পিছপৰা তেনেক্ষেত্ৰত বিটিচিৰ শিক্ষা বিধেয়কখন জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অধ্যয়ন কৰিহে কাইলৈ সদনৰ মজিয়াত সিদ্ধান্ত ল'ব ৷ ইফালে আজি প্ৰথম দিনা বিটিচিৰ বিশেষ অধিৱেশনত প্ৰশ্নোত্তৰ শিতানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সমস্যা সন্দৰ্ভত পৰ্বতঝোৰা সমষ্টিৰ দেবীতোলা উন্নয়ন খণ্ডৰ কাৰ্যালয়টো যোৱা ২০০৮ চনৰ পৰা ধুবুৰী জিলাৰ গৌৰীপুৰৰ ভাড়াঘৰত স্থানান্তৰ কৰাত ৰাইজৰ অসুবিধা হোৱা বুলি দাঙি ধৰে সমষ্টিৰ এমচিএলএ যতীন্দ্ৰ নাথ ব্ৰহ্মই ৷ এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ হৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে দেবীতোলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত ইন্টাৰনেটৰ অনলাইন সেৱা নথকাৰ বাবে গৌৰীপুৰত কাৰ্যালয়টো স্থানান্তৰ কৰা হৈছে বুলি স্বীকাৰ কৰে৷ উল্লেখ্য যে আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা বিটিচিৰ বিশেষ অধিৱেশনখনৰ প্ৰথমদিনা মাত্ৰ ১৫ মিনিটৰ বাবেহে সদনৰ কাম-কাজ চলে
|
আজিৰে পৰা বিটিচিৰ বিশেষ অধিৱেশন আৰম্ভ
|
https://www.newsnextone.com/print/6758
|
29275
|
ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ভাৰতৰ মহিলা শ্বুটাৰ শ্ৰেয়াশ্ৰী সিঙে সোণৰ মেডেল লাভ কৰে৷ শ্ৰেয়াশ্ৰী সিঙে ভাৰতলৈ দ্বাদশটো সোণৰ মেডেল আজুৰি আনিবলৈ সক্ষম হয়৷ কমনৱেলথ গেমছত বুধবাৰৰ দিনটোত প্ৰথমটো স্বৰ্ণ পদক ভাৰতলৈ আনে শ্বুটাৰ শ্ৰেয়াশ্ৰী সিঙে৷ শ্ৰেয়াশ্ৰী সোণৰ পদক লাভ কৰাৰ লগে লগে ভাৰতে লাভ কৰে ১২টা স্বৰ্ণ মেডেল৷ ভাৰতে মুঠ ২৩টা পদক লাভ কৰিহলৈ সক্ষম হৈছে।অষ্ট্ৰেলিয়াৰ শ্বুটাৰ এম্মা কাক্সাই তিনিটা ৰাউণ্ডত আগবাঢ়ি আছিল৷ কিন্তু চতুৰ্থ ৰাউণ্ডত ১৮ পইন্ট লাভ কৰি দ্বিতীয় স্থানত উপনীত হয় শ্ৰেয়াশ্ৰীয়ে ৷ শ্বুটঅফৰ সময়ত দুয়োটা সঠিক স্থানত লগাবলৈ সক্ষম হয় যদিও অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকীয়ে লক্ষ্য ভ্ৰষ্ট হয়৷ যাৰ ফলত ভাৰতলৈ আহে স্বৰ্ণ মেডেল৷ শ্বুটিঙত এইটো চতুৰ্থ স্বৰ্ণ মেডেল লাভ কৰে ভাৰতে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ভাৰতৰ মহিলা শ্বুটাৰ শ্ৰেয়াশ্ৰীয়ে লাভ কৰিলে সোণৰ মেডেল
|
https://www.newsnextone.com/shreyasi-goes-gold-india/#comments
|
29276
|
বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ প্ৰতিমূৰ্তি দাহ বিলাসীপাৰাঃ সমগ্ৰ দেশৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আজি বিয়লি ৪ বজাত বিলাসীপাৰাৰ গান্ধী চ'কত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ প্ৰতি মূৰ্তি দাহ কৰে।উল্লেখযোগ্য যে দেশৰ জনসাধাৰণৰ কষ্টৰ ধন আত্মসাৎ কৰি মেহুল চোকসী বিদেশলৈ পলাযই যায আৰু বিদেশৰ পৰা অৰুণ জেটলিৰ জীয়েক সোনালী জেটলিৰ একাউন্টত ২৪ লাখ টকা পঠাই দিয়ে।ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ বিৰুদ্ধে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানৰ নেতৃত্বত অৰ্ধ শতাধিক যুৱ কৰ্মীয়ে বিজেপি চৰকাৰ গ বেক গ বেক ৰাহুল গান্ধী জিন্দাবাদ আদি শ্ল গানেৰে বিলাসীপাৰা চহৰ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ প্ৰতি মূৰ্তি দাহ কৰে।বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বিলাসীপাৰাত অৰুণ জেটলিৰ প্ৰতিমূৰ্তি দাহ
|
https://www.newsnextone.com/arun-bilashipara
|
29277
|
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট নগৰবেৰাঃ ১৫ আগষ্টত কামৰূপ গ্ৰাম্য জিলাৰ বকো আৰক্ষী চকীৰ লক-আপত এগৰাকী যুুৱকৰ মৃত্যু হৈছিল৷ যুৱকগৰাকীৰ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰিছিল নগৰবেৰা অঞ্চল৷ ঘটনাৰ উচিত তদন্তৰ দাবীত সোণতলী আৰক্ষী চকীত কেইবা শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰতিবাদকাৰীক ছমৰীয়া ৰাজহ চক্ৰ বিষয়া আৰু বকো আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শকে যুৱকৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত কৰা হব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল।আৰক্ষীৰ উৰ্ধ্বতন কৰ্তৃপক্ষই আজি সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল শৰ্মা আৰু গৃহৰক্ষী জোৱান নাজিৰ আলীক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে আন দুজন গৃহৰক্ষী জোৱানক ৰিজাৰ্ভ ক্লজ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
থানাৰ লক-আপত যুৱকৰ মৃত্যু, ভাৰপ্ৰাপ্ত বিষয়া সহ দুজনক নিলম্বন
|
https://www.newsnextone.com/suspend-ps-co/#comments
|
29278
|
নতুন দিল্লীঃ সংবাদ মাধ্যমে কোনোধৰণে যৌন নিগ্রহ বা তেনে ঘটনাত আক্রান্তসকলৰ নাম প্রকাশ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে।সংবাদ মাধ্যম বা আইন প্রয়োগকাৰী সংস্থাসমূহক যৌন নির্যাতিতাৰ নাম প্রকাশ কৰিব পৰা নাযাব বুলি নির্দেশ দি এই বিষয়ত কেইবাটাও নির্দেশনা জাৰি কৰিছে শীর্ষ আদালতখনে।নির্দেশনাত এই বুলিও কোৱা হৈছে যে, আক্রান্তসকলৰ নাম জনসমাৱেশ বা ছ'চিয়েল মিডিয়াৰ প্লেটফর্মতো ব্যৱহাৰ কৰিব নোৱাৰিব।নাম প্রকাশৰ পাছত এই সমাজত এতিয়াও কেনেদৰে ধর্ষিতা বা নির্যাতিতাৰ পৰিয়ালক হয়ৰান আৰু সামাজিকভাৱে বয়কটৰ চিকাৰ হয় সেই কথা উল্লেখ কৰি দুখ প্রকাশ কৰি আদালতত জনাইছে, "মাক-দেউতাকে তেওঁলোকৰ সম্মতি প্ৰদান কৰিলেও আৰক্ষী বা ফৰেনছিক কর্তৃপক্ষই ধর্ষিতাৰ বা যৌন নিগ্ৰহত আক্রান্তসকলৰ নাম প্রকাশ কৰিব নোৱাৰিব।এফ আই আৰতো নাম লেখিব পৰা নাযাব।বিশেষকৈ নাবালক-নাবালিকাৰ ক্ষেত্রত এই বিষয়টো মনত ৰাখিবই লাগিব।" আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
পৰিয়ালে বিচাৰিলেও ধর্ষিতাৰ নাম প্রকাশ কৰিব নোৱাৰিব সংবাদ মাধ্যমে
|
https://www.newsnextone.com/sc_rape_victim_name
|
29279
|
জনমভূমি সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বিভিন্ন প্রান্তত প্রবল প্রতিবাদ আৰু আন্দোলন হৈ থকাৰ সময়তে আজি সদৌ অসম ছাত্র সন্থাৰ টেঙাখাত আঞ্চলিক সমিতিৰ লগতে ত্রিশ জনগোষ্ঠীয় সংগঠনৰ আঞ্চলিক সমিতি আৰু টেঙাখাত সাংস্কৃতিক মঞ্চৰ লগতে টেঙাখাত শিল্পী সমাজৰ সহযোগত টেঙাখাত মহাবিদ্যালয়ৰ খেলপথাৰত জনতাৰ ৰণহুংকাৰ শীর্ষক এক কা-বিৰোধী সভা অনুষ্ঠিত হয়৷ এই সভাত অংশ লৈ আছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ভাষণত কয় যে অসমীয়াই নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবৰ বাবে বর্তমানে যি গণতান্ত্রিক আন্দোলন কৰি আহিছে, জনতাৰ সেই প্রতিবাদৰ ভাষাক দিল্লীয়ে তিলমানো গুৰুত্ব দিয়া নাই৷ পূর্বৰ পৰা আজি পর্যন্ত অসমৰ জনগণৰ গণতান্ত্রিক কণ্ঠৰ মূল্য দিল্লীয়ে কোনোদিনেই দিয়া নাই৷ ভাৰত ৰাষ্ট্রৰ কর্মকাণ্ড, চিন্তাধাৰাত প্রমাণ হৈছে যে অসম আৰু উত্তৰ-পূর্বাঞ্চল কেতিয়াও ভাৰতবর্ষৰ অংগ নাছিল৷ তেওঁ লগতে কয় যে আজি অতদিনে দিল্লীয়ে অসমক কেৱল সম্পদ লুণ্ঠনৰ উপনিৱেশ হিচাপে গণ্য কৰি আহিছে৷ স্বাধীনতাৰ আগৰে পৰা স্বাধীনতাৰ পাছৰ আজি পর্যন্ত আমাৰ প্রাপ্য অধিকাৰৰ বাবে আমি আন্দোলন কৰিব লগা হৈছে৷ এছিয়াৰ ভিতৰতে প্রথম খাৰুৱা তেলৰ খনন, উৎপাদন আৰু শোধন অসমত হোৱাৰ পাছতো অসমৰ জনগণে এটা পূর্ণাংগ তেল শোধনাগাৰ পাবলৈ শোধনাগাৰ আন্দোলন কৰিব লগা হ'ল বুলি চৰকাৰক কটাক্ষ কৰে৷ অসমৰ জনতাক, অসমৰ ছাত্র সমাজক, খেতিয়কক কেৱল ভোটৰ স্বার্থত ব্যৱহাৰ কৰি আহিছে বুলি চৰকাৰক তীব্র সমালোচনা কৰি তেওঁ কয় যে এতিয়া সর্বা-হিমন্তই বহি থাকিলেও আৰু অসমৰ জনগণে দিল্লীৰ ওচৰত সর্বকালে ভিক্ষাৰ জোলোঙা লৈ আৰু কেতিয়াও বহি নাথাকোঁ৷ আমি আমাৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ পাব লাগিব৷ বিজেপি-নেতৃত্বাধীন চৰকাৰে যি চক্রান্তমূলকভাৱে অসমৰ ৰাইজৰ ওপৰত জাতিধবংসী আইন জাপি দিছে ইয়াক কোনো কাৰণতে কেতিয়াও মানি লোৱা নহ'ব বুলি চৰকাৰক সকীয়াই দিয়ে৷
|
দবা-শংখ বজাই কা-বিৰোধী বিশাল প্রতিবাদ
|
https://janambhumi.in/VFhwck5VOVVXVDA9/en/VFhwck5VOVVXVDA9/%E0%A6%A6%E0%A6%AC%E0%A6%BE-%E0%A6%B6%E0%A6%82%E0%A6%96-%E0%A6%AC%E0%A6%9C%E0%A6%BE%E0%A6%87-%E0%A6%95%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6.html.html
|
29280
|
নগাঁওঃ নগাঁৱৰ বিশিষ্ঠ সাংবাদিক তথা 'কলংপাৰ' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক বলেন বৰাৰ এখনি স্মৃতিচাৰণ সভা আজি আপকুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত 'কলংপাৰ' কাকতৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়৷ নগাঁও কলেজৰ অধ্যক্ষ শৰৎ বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, আপকুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, শিক্ষাবিদ মুকুল শইকীয়া, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা, প্ৰাক্তন জনসংযোগ বিষয়া গুৰমাইল সিং, সদৌ অসম গ্ৰাম্য পুথিভৰাঁল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক পদুম ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাকে প্ৰমুখ্য কৰি বহকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত সাংবাদিকগৰাকীৰ কৰ্মৰাজি আৰু জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে৷ জ্যেষ্ঠ সাংবাদিক মুনিন্দ্ৰ শইকীয়াই আঁত ধৰা উক্ত সভাতে বিশিষ্ট সাংবাদিকগৰাকীৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা 'বলেন বৰালৈ শ্ৰদ্ধাৰ্ঘ্য' শীৰ্ষক স্মৃতিগ্ৰন্থখনিৰ লগতে 'কলংপাৰ' কাকতৰ সম্পাদকবিহীন বিশেষ সংখ্যাটি উন্মোচন কৰা হয়৷ উক্ত স্মৃতিচাৰণ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলৰ লগতে প্ৰায় দুই শতাধিক গুণমুগ্ধ উপস্থিত থাকে৷ সভাৰ পূৰ্বে সদ্য প্ৰয়াত সাংবাদিক বলেন বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
সাংবাদিক বলেন বৰাৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
|
https://www.newsnextone.com/memorial-meet-nogaon-bolin-bora
|
29281
|
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ বৃহস্পতিবাৰে গুৱাহাটীৰ শ্বহীদ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত আছুৰ এটি দলে আলোচনাত অংশগ্ৰহণ কৰে।আনহাতে অসম সাহিত্য সভাৰ তৰফৰ পৰা সভাপতি ড০ পৰমানন্দ ৰাজবংশী, সাধাৰণ সম্পাদক পদুম ৰাজখোৱা আৰু কৰ্ণধাৰ সমিতিৰ ড০ বলেন্দ্ৰ কুমাৰ দাস সহ এটি প্ৰতিনিধি দলে সভাত অংশ গ্ৰহণ কৰে।দুয়োটা প্ৰতিনিধি দলৰ মাজত হোৱা আলোচনাৰ পিছত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।ইয়াৰ ভিতৰত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ৰ বিৰোধিতা, অসম চুক্তিৰ ৰূপায়ন আৰু সাংবিধানিক ৰক্ষা কৱচৰ দাবী।সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ৰ তীব্ৰ বিৰোধিতা কৰাৰ কথা দোহাৰি যৌথ সভাই জাতিধ্বংসী বিধেয়কখন শীঘ্ৰেই প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে।সভাই লগতে চৰকাৰক অসমীয়া খিলঞ্জীয়া লোকৰ পক্ষত থাকি বিধেয়কখন বাতিলৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।আছু আৰু সাহিত্য সভাই অসম চুক্তি ৰূপায়নৰ বাবে সময় নিৰ্দ্ধাৰিত কাৰ্যসূচী গ্ৰহণৰ পোষকতা কৰে।অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া লোকক শীঘ্ৰেই সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাৰো দাবী কৰিছে যৌথ সভাই।ভাৰত-বাংলা সীমান্ত যুদ্ধকালীনভাৱে ছীল কৰাৰ বাবে দাবী জনোৱাৰ লগতে অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ পিছৰ অবৈধ বাংলাদেশী বহিস্কাৰৰ বাবে ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদনৰ দাবী জনায়।সভাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তথা তদাৰকীত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত পূৰ্বৰ দৰে সহযোগিতা আগবঢ়াই যোৱাৰ কথা দোহাৰে।আনহাতে, নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত জড়িত বিষয়া-কৰ্মচাৰীসকলক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰি দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনায়।তদুপৰি সভাই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি অহা জনপ্ৰতিনিধিসকলকো শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।অহা ২৭ মে'ত অসম সাহিত্য সভাই আয়োজন কৰা জাতীয় অভিৱৰ্তনখন সফল কৰি তোলাৰ ক্ষেত্ৰত আছুৱে সহোগিতা আগবঢ়াব।একেদৰে ২৯ মে'ত আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে গুৱাহাটীৰ চানমাৰি খেলপথাৰত আয়োজন কৰা গণ অনশন কাৰ্যসূচীত সাহিত্য সভাৰ এটি দলে অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে
|
নাগৰিকত্ব বিধেয়ক, নাগৰিকপঞ্জী আৰু সাংবিধানিক ৰক্ষা কৱচ সম্পৰ্কত যৌথ সংগ্ৰামৰ সিদ্ধান্ত আছু-সাহিত্য সভাৰ
|
https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%ac%e0%a6%bf%e0%a6%a7%e0%a7%87%e0%a7%9f%e0%a6%95-%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95/
|
29282
|
ডিজিটেল ডেস্কঃ ৰাজ্য সভাত ক্লিন বোল্ড হ'ল শচীন ৰমেশ তেণ্ডুলকাৰ।২২ গ'জৰ খেল পথাৰৰ পৰিৱেশ আৰু ৰাজনীতিৰ পৰিৱেশ দুয়োটা যে একেবাৰে সুকীয়া তাৰ উদাহৰণ নিজ চকুৰে প্ৰত্যক্ষ কৰিলে ক্ৰিকেটৰ ভগৱান তথা ৰাজ্যসভাৰ সাংসদ শচীনে৷ ৰাজ্যসভাৰ সাংসদ হিচাবে ৫ বছৰ ৮ মাহ অতিক্ৰম কৰাৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰ বক্তব্য আগবঢ়োৱাৰ উদ্দেশ্যে উঠাৰ লগে লগে 'টাইমিংত'লাগিল কেনা! কিয়নো সেই সময়ত ৰাজ্য সভাত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক অপমান কৰাৰ বাবে নৰেন্দ্ৰ মোডীক ক্ষমা বিচৰাৰ দাবী জনায় কংগ্ৰেছে সৃষ্টি কৰিছিল এক হুলস্থুলীয়া পৰিৱেশ৷ তাৰ মাজতে থিয় নিজৰ ভাষণ ৰাখিবলৈ থিয় হয় শচীনে।বিক্ষোভৰ বাবেই মাষ্টাৰ ব্লাষ্টাৰে নিজৰ ভাষণ বন্ধ কৰি দৰ্শক হিচাপে থিয় দি থাকিবলগীয়া হয়৷ খেলৰ অধিকাৰ বা 'ৰাইট টু প্লে' সম্পৰ্কীয় বক্তব্য ৰাখিব নোৱাৰিলে শচীনে৷ ইপিনে শচীনে আজি নিজৰ বক্তব্য ৰাখিব নোৱাৰাৰ বাবে ৰাজ্যসভাৰ বহু সাংসদে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ শচীনে তাৰ পিছতে আৱেগিক হৈ পৰে।কেইটামান ঘন্টা পিছতে বৃহস্পতিবাৰে ফেচবুক একাউন্ট যোগে শচীনে ৰাজ্য সভাত ক্ৰীড়া সন্দৰ্ভত ৰাখিব লগা বক্তব্য দেশবাসীৰ ওচৰত ফেচবুক যোগে প্ৰকাশ কৰে।ফেচবুক লাইভত শচীনে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈই সন্দৰ্ভতো মন্তব্য আগবঢ়ায়।দেশবাসী তথা যুৱ প্ৰজন্মক ক্ৰিকেটৰ ভগৱানে বহু পৰামৰ্শ দিয়ে।ৰাজ্য সভাত শাসক বিৰোধিৰ চিঞৰ বাখৰত বক্তব্য ৰাখিব নোৱাৰি ফেচবুকৰ জৰিয়তে সম্পৰ্ক কৰিলে ক্ৰিকেটৰ ভগৱানে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ৰাজ্যসভাত থিয় হৈ থাকিল, ক্লীন বোল্ড হ'ল শচীন
|
https://www.newsnextone.com/clean-ball-sachin-ind
|
29283
|
তেজপুৰত ছৱিৰ প্ৰচাৰ জুবিন গাৰ্গৰ চেপ্টেম্বৰ ২, ২০১৯ 0 ১৮৫ ব্ৰাহ্মণ সমাজৰ স'তে বুজাপৰা হোৱাৰ পাছত অভিনীত ছৱি 'কাঞ্চনজংঘা'ৰ প্ৰচাৰকাৰ্য প্ৰৱল কৰি তুলিছে নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গে।জনপ্ৰিয় কন্ঠশিল্পীজনে আজি তেজপুৰৰ দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়ৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ অনুৰাগীৰ প্ৰৱল উচ্ছাসৰ মাজতে শীঘ্ৰে মুক্তি পাবলগীয়া ছৱিখনৰ প্ৰচাৰ চলায়।আজি দিনৰ ভাগত তেওঁ ছৱিখনৰ অন্যান্য শিল্পী, কলা -কুশলীৰ স'তে প্ৰথমে তেজপুৰ দৰং মহাবিদ্যালয়ত উপস্থিত হয়।কাঞ্চনজংঘাৰ দুটি গীত গুণগুণাই জুবিন গাৰ্গে ছৱিখন উপভোগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়।প্ৰসংগক্ৰমে সম্প্ৰতি বন্ধ হৈ থকা সকলোবোৰ চিত্ৰগৃহ মুকলিৰ প্ৰচেষ্টা হাতত ল'ব বুলি মন্তব্য কৰে।উল্লেখ্য যে জনপ্ৰিয় কন্ঠশিল্পীজন মহাবিদ্যালয়ত উপস্থিত হোৱাৰ সময়ত তেওঁক এবাৰ কাষৰ পৰা চোৱাৰ লগতে ছেল্ফী উঠাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হেতা ওপৰা লাগে।আনহাতে দৰং মহাবিদ্যালয়ৰ দুজনমান ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতেৰে জুবিন গাৰ্গৰ হুবহু চিত্ৰ অংকণ কৰি শিল্পীগৰাকীক উপহাৰ হিচাপে প্ৰদান কৰে।তাৰপিচত শিল্পীগৰাকীয়ে তেজপুৰ মহাবিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰচাৰ চলায়
|
তেজপুৰত ছৱিৰ প্ৰচাৰ জুবিন গাৰ্গৰ - ভাল খবৰ
|
https://bhalkhabar.com/%e0%a6%a4%e0%a7%87%e0%a6%9c%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%9b%e0%a7%b1%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%9a%e0%a6%be%e0%a7%b0-%e0%a6%9c%e0%a7%81%e0%a6%ac%e0%a6%bf/
|
29284
|
শিমলুগুৰিঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ ডিব্ৰুগড়ৰ কে-কে চহৰীয়াৰ সহযোগত নাজিৰা নাজিৰা এম চি ক্লাৱত অনুষ্ঠিত শিবিৰত মহকুমাটোৰ প্ৰায় ৩১৫গৰাকী লোকে চকু পৰীক্ষা কৰে।চিকিৎসা শিবিৰত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, নাজিৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ছৈয়দ মুবিদুল ইছলাম, নাজিৰাৰ বিজেপি নেতা প্ৰহ্লাদ গোৱালা, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম, শিৱসাগৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক বাবলু বণ্ট উপস্থিত থাকে।চকু চিকিৎসা শিবিৰত চকু চিকিৎসকে ৰোগীৰ চকু পৰীক্ষাৰ অন্তত ওঠৰ জন চকুৰ ৰোগীক চিকিৎসকৰ পৰামৰ্শ মতে অস্ত্ৰোপচাৰ কৰিব সংগঠনটোৱে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
নাজিৰাত আমছুৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
|
https://www.newsnextone.com/free-health-camp-nazira
|
29285
|
গুৱাহাটীঃ সোমবাৰে হিন্দুস্তান কলেজৰ ইনষ্টিটিউট অৱ হ'টেল মেনেজমেন্টৰ ৩০ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ হ'টেল মেনেজমেন্টৰ লগত জড়িত থকা হস্পিতেলেটি, খাদ্য ৰন্ধন প্ৰণালী, মেনেজমেন্টত কাম কৰিলে মানুহক কেনেদৰে সেৱা কৰিব পৰা যাই এই আটাইবোৰৰ শিক্ষা লাভ কৰে উক্ত অনুষ্ঠানত৷ বৰ্তমান বহুলোকে এই বিষয়ত জ্ঞান অৰ্জন কৰি কাম কৰি আহিছে৷ এি প্ৰতিষ্ঠানত প্ৰত্যকটো বিষয়ক সূক্ষ্মতাৰে শিকোৱা হয়৷ আনহাতে, আই এমৰ অধ্যক্ষ সুশান্ত চক্ৰৱৰ্তীয়ে প্ৰতিষ্ঠা দিৱসৰ দিনা মন্তব্য আগবঢ়োৱাৰ লগতে সকলোৱে কেক কাটি প্ৰতিষ্ঠা দিৱস উদযাপন কৰে৷ লগতে প্ৰত্যেক গৰাকী বিদ্যাৰ্থীক চাৰ্টিফিকেটো প্ৰদান কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ৰ প্ৰতিষ্ঠা দিৱস পালন
|
https://www.newsnextone.com/guwahati-iam-foundation-day-celebrate/#comments
|
29286
|
হেডফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাতো বিপদজনক।এই সাধাৰণ কথাটো জনাৰ পিছতো হেডফোনত গান শুনি বা কথা পাতি গাড়ী চলোৱাতো বহুতৰ বাবে অভ্যাসত পৰিণত হৈছে।এনেধৰণৰ অসাৱধানতা অৱলম্বনৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা আমাৰ পৰিলক্ষিত হয়।এই কথা লক্ষ্য ৰাখিয়েই মুম্বাই আৰক্ষীয়ে হেডফোন ব্যৱহাৰকাৰী চালকৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে।এটা সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি মুম্বাই সংলগ্ন মীৰা ভায়ান্দাৰত আৰক্ষীয়ে হেডফোন ব্যৱহাৰকাৰী অট' চালকৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ২৫০দাল হেডফোন জব্দ কৰিছে।যাত্ৰীসকলৰ অভিযোগৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে এই অভিযান চলোৱা বুলি জানিব পৰা যায়।এই অভিযানৰ বিষয়ে মীৰা ভায়ান্দাৰ যান-বাহন বিভাগৰ জ্যেষ্ঠ ইন্সপেক্টৰ অনিল পাৱাৰে কয়, 'হেডফোন ব্যৱহাৰকাৰী অট' চালকৰ বিৰুদ্ধে মুম্বাই আৰু ইয়াৰ আশে-পাশে চলোৱা এইটো আছিল প্ৰথম অভিযান'।ইফালে এই প্ৰসংগত এজন যাত্ৰীয়ে কয় যে হেডফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ বাবে আমি বিভিন্ন সময়ত দুৰ্ভোগ ভুগিবলগীয়া হয়।কিবা ক'বলগীয়া হ'লে চিঞৰিব লাগে বা কেতিয়াবা চালকসকলৰ গাত ধৰিবলগীয়াও হয়।উল্লেখ্য যে এনেধৰণৰ অন্য মনস্কৰ বাবে বহু সময়ত যাত্ৰীসকলক গন্তব্য স্থানৰ বিপৰীতে বেলেগলৈ লৈ যায় আৰু ইয়াৰ বাবদ অধিক ভাড়া দাবী কৰাৰ দৰে ঘটনা সংঘটিত হৈ অহা বুলি লাভ কৰা অভিযোগৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে এই অভিযান চলোৱা বুলি জানিবলৈ দিয়ে
|
যদি হেডফোনত গান শুনি বা কথা পাতি গাড়ী চলাই তেন্তে নিশ্চয়কৈ পঢ়ক এই বাতৰি
|
https://assam.nenow.in/if-you-also-drive-with-headphones-then-definitely-read-this-news/
|
29287
|
ডিজিটেল ডেস্কঃ বহুজাতিক শীতল পানীয় আৰু খাদ্য প্ৰস্তুত কাৰী বিশ্বৰ অন্যতম কোম্পানী পেপ্সীকোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ এৰিব ইন্দ্ৰা নুয়ে।ইন্দ্ৰাই ২০০৬ চনৰ অক্টোবৰ মাহৰ পৰা আমেৰিকাস্থিত নিউৱাৰ্কৰ পেপ্সীকো কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব পালন কৰি আহিছে।মেধা আৰু একগ্ৰতাৰ বলত এগৰাকী নাৰীয়ে এই পদ লাভ কৰাত সেই সময়ত সমগ্ৰ বিশ্বৰ বাবেই এক ভাল খবৰ আছিল।যাৰ বাবে ইন্দ্ৰা নুয়ে এই পদ এৰাৰ খবৰ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।বিশ্ব বাণিজ্য ক্ষেত্ৰত নাৰী সৱলীকৰণৰ প্ৰতীক হিচাপে ধৰা হ'ব নুইক।৬২ বছৰীয়া ইন্দ্ৰাই অহা ৩ অক্টোবৰত মুখ্য কাৰ্যবাহী বিষয়াৰ পদ এৰিব।তেওঁৰ ঠাই দখল কৰিব ৰোমান লুগৱাৰ্টে।ৰোমান লুগৱাৰ্টক যোৱা বছৰ কোম্পানীয়ে সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল।পেপ্সীকো কোম্পানীৰ প্ৰথমগৰাকী মহিলা চিইঅ' ইন্দ্ৰা।ইন্দ্ৰাই কয় যে এইটো কোম্পানীক নেতৃত্ব দিয়াটো মোৰ বাবে ডাঙৰ সন্মান।১২ বছৰ ধৰি কোম্পানীৰ অংশদাৰীকে ধৰি সকলো পক্ষৰ হিতৰ বাবে কাম কৰিব পোৱাৰ সুবিধা লাভ কৰি গৌৰৱ অনুভৱ কৰিছোঁ।১৯৫৫ চনৰ ২৮ অক্টোবৰত মাদ্ৰাজত জন্ম গ্ৰহণ কৰিছিল ইন্দ্ৰাই।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বাণিজ্য ক্ষেত্ৰত নাৰী সবলীকৰণৰ প্ৰতীক ইন্দ্ৰাই এৰিব পেপ্সীকোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ
|
https://www.newsnextone.com/indra-nooyi-to-step-down-as-pepsico-ceo-america
|
29288
|
ডিজিটেল ডেস্কঃ ডামিনী বোলছবিৰ ছানী দেউলৰ সেই বিখ্যাত 'তাৰিখ পে তাৰিখ' সংলাপতো নিশ্চয় সকলোৰে মনত আছে৷ দেশৰ ন্যায় ব্যৱস্থাও তেনেকুৱা বুলি অভিযোগ উত্থাপন হয়।তাৰিখৰ পিছত তাৰিখ দিয়াৰ ফলত বছৰ বছৰ ধৰি পৰি ৰয় গোচৰ৷ নিষ্পত্তিৰ কোনো নাম গোন্ধই নাথাকে৷ কেতিয়াবাতো কোনো গোচৰ নিষ্পত্তি কৰোতে ইমান সময় লাগে যে, গোচৰ দিওতা আৰু অভিযুক্তৰ মৃত্যু পৰ্য্যন্ত হয়৷ এই বিলম্ব পদ্ধতি লগত সমগ্ৰ দেশ পৰিচিত৷ কিন্তু এই ধাৰণা মুহুৰ্ততে সলাই পেলালে পাটনা উচ্চ ন্যায়লয়ে৷ বুধবাৰে এক ঐতিহাসিক নজিৰ সৃষ্টি কৰিলে পাটনা আদালতে৷ মাত্ৰ আঢ়ৈ ঘন্টাতে প্ৰায় ৩০০ গোচৰৰ ৰায় ঘোষনা কৰে বিচাৰপতি ৰবিৰঞ্জনে৷ ৩০০টা ভূমি সংক্ৰান্ত গোচৰৰ ২৮৯টা গোচৰ নিষ্পত্তি কৰে ৰবিৰঞ্জনৰ ন্যায়াধীশ মণ্ডলিয়ে৷ লগতে বাকী থাকে মাত্ৰ ১১ টা গোচৰ৷ অধিবক্তা উপস্থিত নথকাতহে বাকী ৰয় ১১টা গোচৰ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
পাটনা উচ্চ ন্যায়ালয়ত এদিনতে নিষ্পত্তি ৩০০ গোচৰ
|
https://www.newsnextone.com/300-case-settle-in-one-day-pune-patna/#comments
|
29289
|
ডিব্ৰুগড়ঃ ৰাজ্যৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ ৩৩ বছৰীয়া হ'ল৷ ১৯৮৫ চনৰ ১৪ অক্টোবৰত জন্ম হোৱা দলটোৱে শনিবাৰে ব্যাপক উৎসাহেৰে পালন কৰিছে প্ৰতিষ্ঠা দিৱস৷ এইবেলি দলটোৱে কেন্দ্ৰীয় ভাবে প্ৰতিষ্ঠা দিৱস পালন কৰে ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ দুলীয়াজান বিহুতলিত৷ অগপৰ দুলীয়াজান ডিব্ৰুগড় জিলা সমিতি আৰু দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ শনিবাৰে পুৱাই পতাকা উত্তোলন কৰে দলটোৰ সভাপতি কেবিনেট মন্ত্ৰী অতুল বৰাই৷ দলটোৰ কেন্দ্ৰীয় নেতা-কৰ্মী, বিভিন্ন জিলা সমিতি-আঞ্চলিক সমিতিৰ নেতা কৰ্মীয়ে শ্বহীদ তৰ্পণ কৰে৷ দুপৰীয়া এখন মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, সভাপতি অতুল বৰা সহিতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কেশৱ মহন্ত আদি উপস্থতি থাকি ৰাইজক উদ্দেশ্যে ভাষণ আগবঢ়াব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ নেতা-কৰ্মীৰে ভৰি পৰিছে দুলীয়াজান বিহুতলি৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ বিদেশীৰ বিৰুদ্ধে ৬ বছৰীয়া অসম আন্দোলন কৰি অসম আন্দোলনৰ সমাপ্তিৰ পৰিণতিত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল।অসম গণ পৰিষদ ৰাজ্যত দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈও সক্ষম হৈছে৷ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দলটোৱে ১২৬ খন অাসনৰ ভিতৰত ১৪ খন অাসনত জয়লাভ কৰি বিজেপি অাৰু বিফিএফৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে।৮৫৫জন শ্বহীদৰ ত্যাগৰ বিনিময়ত জন্মগ্ৰহণ কৰা দলটোৰ ৩৩সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দুলীয়াজানত এক উখল-মাখল পৰিবেশ দেখা গৈছে৷ আনহাতে পুৱাই দলটোৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল মহন্তই প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ প্ৰতিগৰাকী সতীৰ্থক আন্তৰিক ওলগ তথা অভিনন্দন জনায়
|
অগপৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস, উদুলি-মুদুলি দুলীয়াজানৰ বিহুতলি
|
https://www.newsnextone.com/print/7444
|
29290
|
ধনশিৰিঃ বানৰ কবলত পৰি আজিও ককবকাই আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক৷ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ, নাওজান, চুঙাজান আদি এলেকাৰ বহু গাঁও বুৰাই পেলায়।মহকুমাটোত ১৯৮৫-৯৮৬ চনৰ পিছত এইবেলি পুনৰ বানৰ কবলত পৰাত আশ্ৰয় শিবিৰত থাকিব লগা হৈছে৷ মহকুমাটোৰ ১নং চুঙাজান ব্লক, জ্যােতিবন, ২নং কৈৰিগাঁৱ, ১নং পাৰঘাট, ১ আৰু ২নং পদুমনি, শিঙিমাৰি, ধনশিৰি পাৰ, বিলপথাৰ, নগাজুৰি কাৰ্বি আংলংৰ হলৌখোৱা, পুৰণা বৰপথাৰ, নগাখুলি আদি অঞ্চলৰ প্ৰায় ৫০০টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে৷ প্ৰশাসনে স্থানীয় বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিৱিৰত আশ্ৰয় লৈছে বহু পৰিয়ালে।আনহাতে আজি বৰপথাৰ-চিলনীজান অংশৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি নিয়াত ধনশিৰি মহকুমাৰ সৈতে কাৰ্বি আংলঙৰ চিলনীজান অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।উল্লেখ্য যে, মথাউৰিটোৱে আছিল অঞ্চল দুটাৰ মাজৰ যাতায়াতৰ একমাত্ৰ মাধ্যম।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ধনশিৰিত বানৰ তাণ্ডৱ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল
|
https://www.newsnextone.com/flood-dhansiri-thousand-homeless
|
29291
|
কলকাতাঃ বাংলাদেশৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অঞ্জু ঘোষে বুধবাৰে কলকাতাত বিজেপিত যোগদান কৰে৷ বুধবাৰে অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদেশৰ অধ্যক্ষ দিলীপ ঘোষৰ লগতে অন্যান্য পাৰ্টীৰ সদস্যসকলো উপস্থিত আছিল৷ কিন্তু বৰ্তমানে অভিনেত্ৰী অঞ্জু ঘোষৰ নাগৰিকত্বৰ বিষয়ক লৈ কিছু সমস্যা আহি পৰিছে৷ অনুষ্ঠানত সাংবাদিকে এই বিষয়ত প্ৰশ্ন কৰাত অভিনেত্ৰীগৰাকীয়ে কোনোধৰণৰ উত্তৰ নিদিয়ে৷ আনহাতে বিজেপিত যোগদান দিয়াৰ পাছতেই অঞ্জু ঘোষক অধ্যক্ষগৰাকীয়ে বিজেপিৰ পতাকা উৰুৱাবলৈ আহ্বান জনায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
জনপ্ৰিয় অভিনেত্ৰী অঞ্জু ঘোষৰ ৰাজনৈতিক দলত যোগদান
|
https://www.newsnextone.com/bjp-bangladesh-actress-anju-ghosh/#comments
|
29292
|
ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল আৰু ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত সমগ্ৰ অসমজুৰি হৈ থকা প্ৰবল প্ৰতিবাদৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাতো বুধবাৰে পৰিলক্ষিত হ'ল এটাৰ পাছত এটাকৈ প্ৰতিবাদ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বৃহত্তৰ চাবুৱা অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পুৱা এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি চাবুৱা চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে৷ ফলত শ শ যান-বাহন ঘাইপথতে আবদ্ধ হৈ পৰে৷ প্ৰতিবাদকাৰীসকলে 'নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক', 'কেন্দ্ৰীয় চৰকাৰ হায় হায়', 'অসম চৰকাৰ হায় হায়' আদি বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ লগতে এসময়ত 'জাতীয় নায়ক' আখ্যা পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাকো চোকা ভাষাৰে সমালোচনা কৰে৷ অসম আৰু অসমীয়াৰ দুৰ্যোগৰ সময়ত এইজনা মুখ্যমন্ত্ৰীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰাটো জাতিটোৰ বাবে শুভ লক্ষণ নহয় বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে।যিটো সময়ত বি জে পিয়ে হিন্দু-মুছলমানক লৈ নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে সেই সময়ত মুখ্যমন্ত্ৰীৰ চহৰত হোৱা প্ৰতিবাদত হিন্দু-মুছলমান সকলোৱে একত্ৰিত হৈ প্ৰতিবাদ কৰাটো আছিল তাৎপৰ্যপূৰ্ণ৷ আনহাতে আবেলি চাহ জনজাতি ছাত্ৰ সন্থাইয়ো জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক বাতিলৰ দাবীত স্থানীয় টাটা ৰেফাৰেল হাস্পতালৰ সন্মুখত আধা ঘন্টাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে৷
|
প্ৰতিবাদত স্তব্ধ মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা
|
https://www.newsnextone.com/print/17790
|
29293
|
জ এ.এছ.এন. প্ৰতিনিধি / 2020 হাজোৰ পৰা কমলাকান্ত দাস: 'খেলো ইণ্ডিয়া-২০২০'ত কামৰূপ জিলাৰ মনাহকুছিৰ কৰিণা পাটোৱাৰীয়ে দুটাকৈ পদক অৰ্জন কৰি অসম তথা হাজোলৈ গৌৰৱ কঢ়িয়াই আনিছে।কৰিণাৰ পিতৃ ভগৱান পাটোৱাৰীয়ে দিন হাজিৰা কৰি পোহপাল দিয়ে পৰিয়ালটোক।কিন্তু,সেই পৰিয়ালটোৰে কৰিণাই প্ৰৱল ইচ্ছাশক্তি আৰু কঠোৰ অনুশীলনেৰে পদক জিনিবলৈ সক্ষম হৈছে।২১বছৰ অনুৰ্ধ লন বল ছিংগলছত ব্ৰঞ্জৰ আৰু দলীয়ভাৱে সোণৰ পদক লাভ কৰে কৰিণাই।তিনি মাহ প্ৰশিক্ষণ লৈ সোণৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি হাজোৰ মনাহকুছিত উপস্থিত হয় কৰিণা।মনাহকুছিত উপস্থিত হোৱাৰ লগে লগে হাজোৰ চেঁচামুখৰ দলঙৰ পৰা স্থানীয় লোকসকলে বিপুলভাৱে সম্বৰ্ধনা জনায় আৰু খোল-তাল বজাই উষ্ম আদৰণি জনাই কৰিণাক।উল্লেখ্য যে কৰিণা পাটোৱাৰী দমদমা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ৰাজনীতিৰ মেজৰৰ ছাত্ৰী।পৰীক্ষা দিয়াৰ বাবে খেলৰ মাজতে ঘৰলৈ আহিছে খেলুৱৈগৰাকী।সোমবাৰে পৰীক্ষা দি পুনৰ খেলত যোগদান কৰিব তেওঁ
|
খেলো ইণ্ডিয়া-২০২০':লন বলত পদক অৰ্জন কৰা হাজোৰ মনাহকুছিৰ কৰিণা পাটোৱাৰীক বিপুল সম্বৰ্ধনা
|
https://www.newsasn.com/node/10751
|
29294
|
বিলাসীপাৰাঃ অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসমৰ দেশী মুছলমান জনগোষ্ঠীক মিঞাৰ লগত একাকাৰ কৰি কৰা মন্তব্যৰ প্ৰতিবাদত বিলাসীপাৰাত মঙ্গলবাৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।অসমৰ দেশী মুছলমান জনগোষ্ঠীৰ প্ৰতি পৰমানন্দৰ এই বিভ্ৰান্তিমুলক মন্তব্যৰ প্ৰতিবাদত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে সাহিত্য সভাৰ সভাপতি গৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰামানন্দ ৰাজবংশীয়ে দেশী মুছলমান সকলক মিঞাৰ সৈতে একাকাৰ কৰি ইতিহাসক বিকৃত কৰি যি মন্তব্য আগবঢ়ায় তাত বিক্ষুদ্ধ হৈ পৰে পৰিষদে।উল্লেখযোগ্য যে অসম মিঞা পৰিষদৰ ধুবুৰীত কালি অনুষ্ঠিত এখন সভাত অতিথি হিচাপে উপস্থিত থাকি দেশী মুছলমান জনগোষ্ঠীক মিঞাৰ লগত একাকাৰ কৰি এই মন্তব্য কৰিছিল সাহিত্য সভাৰ সভাপতি গৰাকীয়ে।প্ৰতিবাদকাৰী সকলে লগতে অসম মিঞা পৰিষদৰ সভাপতি এম জি হাজৰিকাক তথাকথিত নেতা আখ্যা দিয়ে আৰু তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম প্ৰতিবেদন।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
বিলাসীপাৰাত পৰমানন্দ ৰাজবংশীৰ প্ৰতিকৃতি দাহ
|
https://www.newsnextone.com/bilashipara-paramananda/#comments
|
29295
|
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ গচকত বাংলাদেশ-ম্যানমাৰ সীমান্তত বিগত কেইটামান দিনত অতি কমেও ১০ জনকৈ ৰহিংগীয়া শৰণাৰ্থীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।মাৰ্কিন যুক্তৰাষ্ট্ৰই যোৱা মঙলবাৰে প্ৰকাশ কৰা এই তথ্য প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানে।উল্লেখ্য যে বিগত সময়ছোৱাত ম্যানমাৰত বাৰ্মীজ সেনাৰ নৃশংস অত্যাচাৰৰ ফলত বাংলাদেশলৈ পলায়ন কৰিছিল প্ৰায় ৭০০,০০০ ৰহিংগীয়াই।ইয়াৰে বেছিভাগেই দুয়ো দেশৰ সীমান্তত অৰ্থাৎ ন' মেনছ লেণ্ডৰ আশে পাশে থকা কক্সবাজাৰ আৰু কুটুপালুঙ আদিত অস্থায়ী শিবিৰ পাতি বাস কৰি আছে।কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰ শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা অনুসৰি উক্ত অঞ্চলটো হৈছে এছিয়ান হাতীৰ অন্যতম আৱাস ভূমি।সেয়েহে খাদ্যৰ সন্ধানত প্ৰায়ে ওলাই অহা এনে বনৰীয়া হাতীৰ জাকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৰহিংগীয়া শৰণাৰ্থী সকলে।উল্লেখ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰ শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা অনুসৰি বাংলাদেশ আৰু ম্যানমাৰৰ সীমান্ত অঞ্চল য'ত ৰহিংগীয়া শৰণাৰ্থী সকলে আশ্ৰয় কৰি আছে তাত প্ৰায় ৪০টা হাতীৰ এটা বৃহৎ জাকে চৰাচৰ কৰে।সেয়েহে ই ৰহিংগীয়া শৰণাৰ্থী সকলৰ বাবে স্বাভাৱিকতে এক শংকাৰ কাৰণ।এই ক্ষেত্ৰত হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আৱশ্যকতাৰ কথা দোহাৰিছে মাৰ্কিন সংস্থাটোৱে
|
বাংলাদেশ-ম্যানমাৰ সীমান্তত হাতীৰ গচকত প্ৰাণ হেৰুৱালে ১০জন ৰহিংগীয়াই
|
https://assam.nenow.in/%e0%a6%ac%e0%a6%be%e0%a6%82%e0%a6%b2%e0%a6%be%e0%a6%a6%e0%a7%87%e0%a6%b6-%e0%a6%ae%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%a8%e0%a6%ae%e0%a6%be%e0%a7%b0-%e0%a6%b8%e0%a7%80%e0%a6%ae%e0%a6%be%e0%a6%a8%e0%a7%8d/
|
29296
|
ডিজিটেল ডেস্কঃ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে হৰ্ছ ট্ৰেডিঙত ব্যস্ত হৈ পৰিছে বিজেপি।প্ৰতিগৰাকী কংগ্ৰেছ বিধায়ককে ১৫ কোটি টকাৰ লোভ দেখুৱাইছে শাসকীয় দলটোৱে।এই অভিযোগ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ শক্তিসিং গোহিলৰ।সেয়ে বিধায়কসকলক ধৰি ৰাখিবলৈ গুজৰাটৰ ৪২জনকৈ বিধায়কক বাংগালুৰুৰ ৰিজ'ৰ্টত একপ্ৰকাৰ বন্দী কৰি ৰাখিছে কংগ্ৰেছে।উল্লেখ্যে যে যোৱা তিনিদিনত ৰাজ্যখনৰ মুঠ ৫৭ গৰাকী বিধায়কৰ ভিতৰত৬ জনে দলত্যাগ কৰিছে।ইয়াৰে ৩জনে ইতিমধ্যে বিজেপিত যোগ দিছে।বাকী তিনিজনেও বিজেপিত যোগ দিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।ইয়াৰ পিছতে তৎপৰ হৈ পৰে কংগ্ৰেছ।আৰু বিধায়কক যাতে বিজেপিয়ে নিজৰ কৰি ল'ব নোৱাৰে তাৰ বাবে বাংগালুৰুৰ ৰিজ'ৰ্টলৈ লৈ যোৱা হৈছে।ৰাজ্যসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী আহমেদ পেটেলক জয়ী কৰিবলৈকে এনে পদক্ষেপ ল'বলৈ বাধ্য হৈ পৰে কংগ্ৰেছ।কংগ্ৰেছৰ মুখপাত্ৰ গোহিলে আৰু কয়, 'বিজেপিয়ে প্ৰলোভন দেখুৱাই মন ভুলাব বিচাৰিছে।প্ৰত্যেক বিধায়ককে ১৫ কোটি টকা আৰু আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ টিকট তথা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ খৰছ দিব বুলি কৈছে।এয়া খুবেই সস্তীয়া ৰাজনীতি।ভোটৰ বাবে তেওঁলোকে টকা, বাহুবল আৰু প্ৰশাসনকো ব্যৱহাৰ কৰিছে
|
কংগ্ৰেছ বিধায়কক বিজেপিৰ ১৫ কোটিৰ অফাৰ
|
https://www.newsnextone.com/print/4523
|
29297
|
কোকৰাঝাৰঃ বিটিএডিৰ সদৰত বুধবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰথম পৰ্যায়ত কোকৰাঝাৰ নগৰ অঞ্চলৰ ১৫৬১ গৰাকী হিতাধিকাৰীৰ নাম বাছনি কৰি বুধবাৰে আধাৰ শিলা স্থাপন কৰে বিটি কৰ্তৃপক্ষই৷ ইতিমধ্য গৃহ নিৰ্মানৰ আৱন্টন লাভ কৰা দুই গৰাকী হিতাধিকাৰীৰ গৃহৰ বুধবাৰে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মানৰ আৱন্টনপত্ৰ লাভ কৰা কোকৰাঝাৰ চহৰৰ ৮নং ওবাৰ্ডৰ হিতাধিকাৰী ৰানীবালা ব্ৰহ্মৰ গৃহৰ পুৱা ১০ বজাত আধাৰশিলা স্থাপন কৰে বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷ আনহাতে চহৰখনৰ ১নং ওৱাৰ্ডৰ হিতাধিকাৰী গৌৰী সৰকাৰৰ গৃহৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই৷ আধাৰশিলা স্থাপন কৰি কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে আৰু ইয়াৰে অন্যতম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি কয়৷ আঁচনি যাতে সফলভাৱে ৰূপায়ন হয় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চোকা নজৰ ৰাখিবলৈ আহবান জনাই কাৰ্যবাহী সদস্যগৰাকীয়ে৷ আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰা কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰীয়ে সদৰী কৰা মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কোকৰাঝাৰ চহৰৰ ১০খন ওৱাৰ্ডৰ ১৫৬১ গৰাকী হিতাধিকাৰীক গৃহ নিৰ্মানৰ আৱন্টনপত্ৰ বিতৰণৰ বাবে বাছনি কৰা হৈছে৷ ইয়াৰে ২১৭ গৰাকী হিতাধিকাৰীয়ে গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ ধন লাভ কৰা বুলি জানিবলৈ দিয়ে পৌৰসভাৰ অধ্যক্ষগৰাকীয়ে৷ আধাৰশিলা স্থাপন কাৰ্যসূচীত নগৰ উন্নয়ন বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া বীৰেন স্বৰ্গয়াৰী, কোকৰাঝাৰ পৌৰসভাৰ উপাধ্যক্ষ অৰূপ ঘোষৰ লগতে কেইবাটাও ওৱাৰ্ডৰ ওৱাৰ্ড কমিছনাৰ আৰু সদস্য উপস্থিত থাকে
|
কোকৰাঝাৰত ১৫৬১গৰাকীয়ে লাভ কৰিলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ
|
https://www.newsnextone.com/print/10672
|
29298
|
নগাঁওঃ কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে তুলসীমুখ দেউৰীগাঁও।যোৱা নিশা ৯ বজাত উত্তেজিত ৰাইজে ঘেৰাও কৰে ৰাজেন গোঁহাইৰ বিৰুদ্ধে গোচৰ তৰা পৰিয়ালটোৰ বাসগৃহ।ব্লেকমেইলিং আৰু অসৎ কাৰ্যৰে গাঁৱৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ গাঁওবাসীৰ।মন্ত্ৰী ৰাজেন গোঁহাইকো তীব্ৰ ভৎসনা গাঁওবাসীৰ।এফালে অভিযোগকাৰীৰ ঘৰ ঘেৰাও আৰু আনফালে মন্ত্ৰীজনকো সমালোচনা কৰা কাৰ্যই প্ৰকৃততে গাঁওবাসীয়ে কি বিচাৰিছে সেয়া এতিয়া নিৰপেক্ষসকলৰ বাবে দুৰ্বোধ্য হৈ পৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা মতে জনপ্ৰতিনিধিৰ লম্পট স্বভাৱক লৈ লজ্জিত গাঁওবাসী।একাংশ উত্তেজিত লোকে পৰিয়ালটোৰ বাসগৃহলৈ শিলগুটি নিক্ষেপ কৰে।ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফ নিয়োগ কৰা হয়।অৱশ্যে ঘটনাৰ সময়ত অভিযোগকাৰী পৰিয়ালটোৰ সদস্যসকল বাসভবনত নাছিল বুলি জানিব পৰা গৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
|
ৰাজেন গোঁহাইৰ বিৰুদ্ধে অভিযোগ দিয়া পৰিয়াললৈ শিলগুটি নিক্ষেপ
|
https://www.newsnextone.com/nagaon-rajen-stone/#comments
|
29299
|
িগত বিৰোধিতা থকা সত্ত্বেও বিজেপিৰ লগত অগপ মিত্ৰতাত থকাৰ কাৰণ নেতাৰ ব্যক্তিগত স্বাৰ্থ: হৰেকৃষ্ণ ডেকা গুৱাহাটী , 30, 2018 10:55 2 বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ পক্ষত অৱস্থান লোৱা বিজেপি দলৰ সৈতে মিত্ৰতাক লৈ ভাবি-চিন্তি থকাৰ সময় আৰু নাই বুলি মন্তব্য কৰি অগপক জোঁট এৰি ওলাই আহিবলৈ দেওবাৰে আহ্বান জনাইছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ অধ্যক্ষ, বুদ্ধিজীৱী হীৰেন গোহাঁয়ে।"বিধেয়ক উত্থাপন হ'লে গৃহীত হোৱাটো নিশ্চিত, এতিয়া অগপৰ ভাবি-চিন্তি থকাৰ সময় নাই, ওলাই আহক," বিধেয়ক গৃহীত হ'লে অগপৰ বাবে তাতকৈ লজ্জাজনক কথা আন একো নাথাকিব বুলি উল্লেখ কৰি গুৱাহাটী প্ৰে'ছ ক্লাবত সংবাদমেলযোগে এই মন্তব্য গোহাঁইৰ।ইমানৰ পিছতো যদি অগপই মিত্ৰজোঁট ত্যাগ নকৰে তেন্তে দলটোক বাদ দিয়ে বিধেয়কবিৰোধী সংগ্ৰাম চলাবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে বৰ্ষীয়ান বুদ্ধিজীৱীজনে।"বিজেপি চৰকাৰ সংবিধানবিৰোধী আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰবিৰোধী।ইয়াৰ পাছতো যদি অগপই কেৱল ভাবি-চিন্তিয়েই থাকে, তেন্তে অগপক বাদ দি অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম চলাই নিবৰ বাবে আহ্বান জনাইছো," আহ্বান গোহাঁইৰ।আনহাতে মিত্ৰজোঁটৰ পৰা ওলাই আহি অসমবাসীৰ সৈতে বিধেয়কবিৰোধী আন্দোলনত অংশ ল'বলৈ আঞ্চলিক দলটোক আহ্বান জনাইছে মঞ্চৰ আন এজন সদস্য, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই।"অগপ আঞ্চলিকতাবাদৰ ভিত্তিত গঠন হৈছিল, গতিকে তেওঁলোকে খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সমস্যাটো প্ৰতিনিধিত্ব কৰিব লাগিব," ডেকাৰ মন্তব্য।নীতিগত বিৰোধিতা থকা সত্ত্বেও বিজেপিৰ লগত অগপ মিত্ৰতাত থকাৰ কাৰণ নেতাৰ "ব্যক্তিগত স্বাৰ্থ" বুলি মন্তব্য কৰিছে ডেকাই।"বিজেপিৰ লগত আছে।কিয়নো তেওঁলোকে মন্ত্ৰিত্ব পাইছে," ডেকাৰ মন্তব্য।ডেকাৰ অনুৰূপ মন্তব্য কৰিছে মঞ্চৰ আন এজন সদস্য, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে।"অসম চুক্তিক বৰবাদ কৰিব খোজা বিজেপিক অগপ নেতাই হাত জোৰ কৰি আছে।একমাত্ৰ ক্ষমতাৰ লোভতে বিজেপিৰ সন্মুখত হাতজোৰ কৰি আছে অগপই
|
ভাবি-চিন্তি থকাৰ সময় নাই, মিত্ৰজোঁটৰ পৰা ওলাই আহক অগপ: হীৰেন গোহাঁই
|
https://assam.nenow.in/no-time-for-thought-agp-should-leave-alliance-immediately-hiren-gohain/
|
29300
|
গুৱাহাটীঃ নৰীৰ সুৰক্ষা প্ৰদানৰ লগতে স্বেতা হত্যাকাণ্ডৰ উচিত তদন্ত বিছাৰি মহানগৰীৰ ৰাজ পথ উত্তাল কৰিলে শ-শ মহিলা৷ মহানগৰীৰ মণিপুৰী বস্তিৰ সমীপত স্থানীয় মহিলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলবাৰে দুপৰীয়া মহানগৰীৰ মণিপুৰী বস্তিত পথ অৱৰোধ কৰিবলৈ ওলাই অহাত আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীক আতৰাই নিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়৷ সোমবাৰে সন্ধিয়া এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহে ছাত্ৰ-ছাত্ৰী তথা মহিলাসকলে৷ গুৱাহাটী মহানগৰীৰ শান্তিপুৰত গোৱিন্দ সিংহানীয়া নামৰ যুৱক এজনৰ বাসগৃহৰ বাথৰুমত কে চি দাস কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হয়।ঘটনাৰ উচিত তদন্ত কৰি সকলো দোষীক আটক কৰি উপয়ুক্ত শাস্তি প্ৰদানৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷ জানিব পৰা মতে, গুৱাহাটীৰ মনিপুৰীবস্তিৰ নিৱাসী মেধাৱী ছাত্ৰী শ্বেতাই পৰীক্ষা দিবলৈ গৈ ঘৰলৈ উভতি অহাৰ পথত এই ঘটনা সংঘটিত হয়।ছাত্ৰীগৰাকীৰ পৰিয়ালৰ মতে, ছাত্ৰীগৰাকীক অপহৰন কৰি নি এনে ঘটনা সংঘটিত কৰিছে।এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত গোৱিন্দ সিংহানীয়া নামৰ যুৱকগৰাকীক আৰক্ষীয়ে আটক কৰে৷ ছাত্ৰীগৰাকীৰ সৈতে একেখন কলেজতেই পঢ়িছিল গোৱিন্দ সিংহানীয়াই।হত্যাকাণ্ডতো সংঘটিত হোৱাৰ সময়ত অভিযুক্ত যুৱকজনৰ ঘৰত যুৱকগৰাকীৰ মাক আৰু ভনীয়েকো উপস্থিত আছিল।ছাত্ৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত গুৱাহাটীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে অভিযক্ত যুৱক গোৱিন্দ সিংহানীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকগৰাকীৰ মাক আৰু ভনীয়েককো আটক কৰে
|
শ্বেতা হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত মণিপুৰী বস্তিত মহিলাৰ প্ৰতিবাদ
|
https://www.newsnextone.com/print/9294
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.